সমললৈ যাওক

অজিত কুমাৰ বেনাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অজিত কুমাৰ বেনাৰ্জী

ড° অজিত কুমাৰ বেনাৰ্জী
জন্ম ০১ ছেপ্টেম্বৰ, ১৯৩১
কালিঘাট,কলকাতা, বংগ ৰাষ্ট্ৰপতি, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ২৯ নৱেম্বৰ, ২০১৪ (৮৩ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা বন বিশেষজ্ঞ, পৰিৱেশবিদ

অজিত কুমাৰ বেনাৰ্জী (ইংৰাজী: Ajit Kumar Banerjee; ১ ছেপ্টেম্বৰ ১৯৩১ – ২৯ নৱেম্বৰ ২০১৪)[1] এজন বিখ্যাত পৰিৱেশবিদ আৰু বন ব্যৱস্থাপনাৰ বিশেষজ্ঞ আছিল আৰু তেওঁক যৌথ বন ব্যৱস্থাপনাৰ ধাৰণাটোৰ পিতৃ হিচাপে জনা যায়; যৌথ বন ব্যৱস্থাপনাক প্ৰায়ে সংক্ষিপ্তভাৱে জেএফএম বুলি কোৱা হয়। বেনাৰ্জীয়ে ভাৰতৰ পশ্চিম বংগত আৰবাৰী প্ৰকল্পৰ বাবে বিশ্বব্যাপী মনোযোগ লাভ কৰে য'ত তেওঁ ১৯৭২ চনত প্ৰথমবাৰৰ বাবে জে এফ এম ধাৰণা প্ৰৱৰ্তন কৰে।[2]

আৰম্ভণি জীৱন

[সম্পাদনা কৰক]

পশ্চিম বংগৰ কালিঘাটত অৱস্থিত এক অভিজাত পৰিয়ালত সুধা মাধৱ বেনাৰ্জী আৰু উৎসা ৰাণী বেনাৰ্জীৰ ঘৰত ড° অজিত কুমাৰ বেনাৰ্জী জন্ম হৈছিল। তেওঁৰ ককা-আইতা আছিল অমৃতা বেনাৰ্জী আৰু তুফান তৰংগিনী দেৱী। তেওঁ বালিগঞ্জ চৰকাৰী হাইস্কুলত পঢ়ি তাৰ পাছত কলকাতাৰ প্ৰেচিডেন্সি কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। টৰণ্টো বিশ্ববিদ্যালয়ৰপৰা তেওঁ পি এইচ ডি লাভ কৰে।

পশ্চিম বংগত ভাৰতীয় বন সেৱাৰ কেৰিয়াৰ

[সম্পাদনা কৰক]

যৌথ বন ব্যৱস্থাপনাৰ ধাৰণাটোৰ উৎপত্তি ড° অজিত কে বেনাৰ্জীয়ে কৰিছিল। আৰবাৰীৰ প্ৰধান কঠিন কাঠ হৈছে শাল গছ, যিটো ব্যাৱসায়িকভাৱে লাভজনক। ১৯৭২ চনত বনবিভাগত তেতিয়া পশ্চিম বংগত বিভাগীয় বন বিষয়া হিচাপে কাম কৰা ড° বেনাৰ্জীয়ে লক্ষ্য কৰিছিল যে স্থানীয় জনসাধাৰণে চৰণীয়া পথাৰ আৰু অবৈধভাৱে কাঠ সংগ্ৰহ কৰা ফলত বনাঞ্চল ধ্বংস হৈছে। সেই সময়ত চৰকাৰ আৰু স্থানীয় জনসাধাৰণৰ মাজত বনজ সম্পদৰ ভাগ-বতৰা কৰাৰ কোনো পদক্ষেপ নাছিল। সহকৰ্মীসকলৰ পৰামৰ্শৰ বিপৰীতে বন বিষয়াজনে স্থানীয় এঘাৰখন গাঁৱৰ প্ৰতিনিধি বিচাৰিছিল আৰু এখন তদৰ্থ বন সুৰক্ষা সমিতিৰ সৈতে চুক্তিৰ চৰ্তসমূহৰ বিষয়ে আলোচনা কৰিছিল। প্ৰাৰম্ভিক কাৰ্যসূচীত ৬১২টা পৰিয়ালে ১২.৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল পৰিচালনা কৰিছিল যিটো "অৱক্ষয়িত" হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। বনাঞ্চলৰপৰা অহা লাভৰ ২৫% গাঁৱৰ মানুহক প্ৰদান কৰা হৈছিল। চৰকাৰে প্ৰথমে আঁচনিখনত অনুমোদন দিয়া নাছিল, কিন্তু যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিবলৈ ধৰিলে তেতিয়াই জে এফ এম গ্ৰহণ কৰা হ'ল আৰু ১৯৮৭ চনৰ ভিতৰত ৰাজ্যৰ অন্যান্য অঞ্চললৈ ই সম্প্ৰসাৰিত হ'ল।

ৰাজ্যৰ বন বিভাগ আৰু স্থানীয় জনগোষ্ঠীৰ উভয়কে বন আন্দোলনৰ অংশীদাৰিত্বৰ বাবে জড়িত কৰা ভাৰতত জে এফ এম হৈছে চৰকাৰী আৰু জনপ্ৰিয় শব্দ। যৌথ বন আন্দোলনৰ নীতি আৰু উদ্দেশ্যসমূহ ১৯৮৮ চনৰ ভাৰতীয় ব্যাপক ৰাষ্ট্ৰীয় বন নীতিত বিতংভাৱে উল্লেখ কৰা হৈছে।[3]

যদিও আঁচনিসমূহ ৰাজ্যভেদে বেলেগ বেলেগ আৰু বিভিন্ন ভাৰতীয় ভাষাত বিভিন্ন নামেৰে জনাজাত, সাধাৰণতে বন সুৰক্ষা সমিতি (FPC) নামেৰে জনাজাত এখন গাঁও সমিতি আৰু বন বিভাগে জে এফ এম চুক্তিত স্বাক্ষৰ কৰে। গাঁৱৰ মানুহে জুই, চৰণীয়া পথাৰ, আৰু অবৈধ সংগ্ৰহৰপৰা বনক সুৰক্ষাৰ জৰিয়তে বনজ সম্পদৰ সুৰক্ষাত সহায় কৰিবলৈ সন্মত হয় যাৰ বিনিময়ত তেওঁলোকে কাঠবিহীন বনজ সামগ্ৰী লাভ কৰে আৰু সামগ্ৰী বিক্ৰীৰপৰা পোৱা ৰাজহৰ এটা অংশ লাভ কৰে‍।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৮০ চনৰ মাজভাগত ড° বেনাৰ্জীয়ে বিশ্ব বেংকত যোগদান কৰে আৰু মেদিনীপুৰত তেওঁৰ অভিনৱ প্ৰকল্পৰ সফলতাৰ প্ৰতি বেংকৰ দৃষ্টি আকৰ্ষণ কৰে। বিশ্ব বেংকে পশ্চিম বংগৰ সামাজিক বনানিকৰণ প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰিছিল, যিটো ১৯৮৭ চনত যুটীয়া বন ব্যৱস্থাপনা উপাদান অন্তৰ্ভুক্ত কৰিবলৈ পুনৰ গঠন কৰা হৈছিল। পশ্চিম বংগ বন সঞ্চালকালয়ে ১৯৮৯ চনত যুটীয়া বন ব্যৱস্থাপনা পদ্ধতিটোক আনুষ্ঠানিকভাৱে সমৰ্থন কৰি এটা জাননী জাৰি কৰে আৰু ১৯৯০ চনত চৰকাৰে কাঠ বিক্ৰীৰপৰা হোৱা মুঠ লাভৰ এক চতুৰ্থাংশ বন সুৰক্ষা সমিতিসমূহক দিবলৈ সন্মত হয়।[5]

বেনাৰ্জীয়ে বিশ্ব বেংকৰ এছিয়া কাৰিকৰী বিভাগৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ বিভাগত জ্যেষ্ঠ বন বিশেষজ্ঞ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] ইয়াৰ উপৰি তেওঁ ডব্লিউ ডব্লিউ এফৰ পূব আঞ্চলিক সমিতিৰ ৰাষ্ট্ৰীয় ন্যাসৰক্ষী আৰু অধ্যক্ষ হিচাপেও কাম কৰিছিল। তেওঁ CEMO আৰু FACE-ৰ সভাপতি, ট্ৰেন্সপাৰেন্সী ইণ্টাৰনেশ্যনেলৰ কলকাতা শাখাৰ সম্পাদক আৰু IDSK-ৰ সদস্য আছিল।[2]

সাহিত্য কীৰ্তি

[সম্পাদনা কৰক]

ড° অজিত কুমাৰ বেনাৰ্জীয়ে বহুতো গ্ৰন্থ, প্ৰতিৱেদন, গ্ৰন্থৰ অধ্যায়, কাৰিকৰী জাৰ্নেলৰ লগতে জনপ্ৰিয় বাতৰি কাকতৰ প্ৰবন্ধ আদি লিখিছিল। তেওঁৰ কিছুমান উল্লেখযোগ্য প্ৰকাশন তলত উল্লেখ কৰা হ’ল:

  • বেনাৰ্জী, এ. কে. (১৯৮৯) - শ্ৰাবছ ইন ট্ৰপিকেল ফৰেষ্ট ইকোছিষ্টেমছ: এক্সাম্পলছ ফ্ৰম ইণ্ডিয়া, বিশ্ব বেংক কাৰিকৰী কাকত নং ১০৩, বিশ্ব বেংক: ৱাশ্বিংটন ডিচি।[6]
  • বেনাৰ্জী, এ. কে. (১৯৯৫) - ৰিহিবিলিটেচন অৱ ডিগ্ৰেডেড ফৰেষ্টছ ইন এছিয়া, বিশ্ব বেংক কাৰিকৰী কাকত নং ২৭০, বিশ্ব বেংক: ৱাশ্বিংটন ডিচি্[1]
  • বেনাৰ্জী, এ. কে. (১৯৯৭) - ডিচেণ্ট্ৰেলাইজেচন এণ্ড ডিভলিউচন অৱ ফৰেষ্ট মেনেজমেণ্ট ইন এছিয়া এণ্ড দ্য পেচিফিক, এছিয়া-পেচিফিক ফৰেষ্ট্ৰী কমিছন, ৱৰ্কিং পেপাৰ নং: APFSOS/WP/21, এফ.এ.অ’ (FAO): বন নীতি আৰু পৰিকল্পনা বিভাগ, ৰোম।[7]
  • বেনাৰ্জী, অজিত কুমাৰ (২০০৪) - পাৰ্টিচিপেটৰী ফৰেষ্ট মেনেজমেণ্ট ইন ৱেষ্ট বেংগল: এ ৰিভিউ অৱ পলিছিছ এণ্ড ইমপ্লিমেণ্টেচন
  • বেনাৰ্জী, অজিত কুমাৰ (২০০৭) - জোইণ্ট ফৰেষ্ট মেনেজমেণ্ট ইন ৱেষ্ট বেংগল, গ্ৰন্থ: ফৰেষ্টছ, পিপল এণ্ড পাৱাৰ, দ্য পলিটিকেল ইকোলজী অৱ ৰিফৰ্ম ইন চাউথ এছিয়া, সম্পাদক: স্প্ৰিংগেট-বাগিনস্কি, অলিভাৰ আৰু ব্লেইকি, পিয়াৰ্ছ, আৰ্থস্কেন: নিউয়ৰ্ক, পৃষ্ঠা: ২একে২১–২৫৮।[8]

২০১৪ চনৰ ২৯ নৱেম্বৰত কলকাতা ৭০০০২৬ নং গ্ৰীক চাৰ্চ ৰ' এক্সটেনচনৰ ৯ নং বাসগৃহত বেনাৰ্জীৰ মৃত্যু হয় আৰু মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী, পুত্ৰ ডা° অৰিন্দম বেনাৰ্জী যি এজন অৰ্থপেডিক চাৰ্জন, বোৱাৰী আৰু নাতিক এৰি থৈ গৈছে‍।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Banerjee, Ajit Kumar (1995). "Rehabilitation of Degraded Forests in Asia". World Bank Technical Paper (The World Bank). ISSN 0253-7494. http://documents.worldbank.org/curated/en/200651468770093460/pdf/multi-page.pdf.
  2. 1 2 3 "Father of joint forestry management passes away". The Times of India. 2 December 2014. https://timesofindia.indiatimes.com/city/kolkata/Father-of-joint-forestry-management-passes-away/articleshow/45340486.cms.
  3. "National Forest Policy, 1988". Ministry of Environment, Forests and climate change. http://moef.nic.in/downloads/about-the-ministry/introduction-nfp.pdf আহৰণ কৰা হৈছে: 31 May 2017.
  4. Study on Joint Forest Management Archived 2007-01-11 at the Wayback Machine
  5. Ghosh, A.K., ed (2008). Status of Environment in West Bengal: A citizen's report. ENDEV.
  6. Banerjee, A.K. (1997). Shrubs in Tropical Forest Ecosystems: Examples from India. প্ৰকাশক Washington DC: The World Bank. http://fao.org.
  7. Banerjee, A.K. (1997). Decentralization and Devolution of Forest Management in Asia and the Pacific. FAO: Asia-Pacific Forestry Commission. http://fao.org.
  8. Banerjee, A.K. (2007). "Joint Forest Management in West Bengal". In Springate-Baginski, Oliver; Blaikie, Piers. Forests, People and Power, The Political Ecology of Reform in South Asia. প্ৰকাশক New York: Earthscan. পৃষ্ঠা. 15. ISBN 978-1-136-56533-5. https://google.com.