সমললৈ যাওক

অজিত সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অজিত সিংহ
পৃষ্ঠভূমি
জন্ম ১৯৩৩
তেজপুৰ
মৃত্যুৰ তাৰিখ ১১ মে', ২০০৩
তেজপুৰ
পিতৃ-মাতৃ প্ৰদীপ সিংহ (পিতৃ)
ৰত্না সিংহ ( মাতৃ )
সংগীতৰ ধৰণ আধুনিক অসমীয়া সংগীত
পেচা কণ্ঠশিল্পী , সুৰকাৰ, সংগীত পৰিচালক
বাদ্যযন্ত্ৰ অৰ্গেন, একৰ্ডিয়ন , কী- বোৰ্ড, হাৰমোনিয়াম
সক্ৰিয়তাৰ বছৰ ১৯৪৬ - ২০০৩
জীৱন-সঙ্গী ৰুবী সিংহ
ৱেবছাইট https://sites.google.com/view/ajit-singha

অজিত সিংহ ( ইংৰাজী : Ajit Singha) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক আৰু অভিনেতা। সংগীত পৰিচালক অজিত সিংহৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত ভূপেন হাজৰিকা আৰু ৰুবী সিংহৰ কণ্ঠত বিহু বিহু লাগিছে গাত , হীৰেন ভট্টাচাৰ্য ৰচিত আৰু ৰুবী সিংহৰ কণ্ঠত বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত, ৰুবী সিংহ ৰচিত আৰু পুলক বেনাৰ্জীৰ কণ্ঠত মই আজি সংগীবিহীন, ভাইটি ছবিত খগেন মহন্তই গোৱা অ' মায়া ভৰা এই ধৰা[1] সদৌ অসম ছাত্ৰ সন্থাৰ জাতীয় গীত হৈ পৰা হে শ্বহীদ তোমাক সহশ্ৰ প্ৰণাম আদি। ভাইটী, গণেশ ,দূৰণিৰ ৰং আৰু বংশধৰ অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল অজিত সিংহ। ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিচালিত ছিৰাজ বোলছবিত ৰফিক নামৰ চৰিত্ৰটোত অভিনয় কৰা অজিত সিংহই ফণী শৰ্মা পৰিচালিত কেঁচা সোণ বোলছবিত ইভা আচাওৰ বিপৰীতে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।[2] বিভিন্ন বঁটা, সন্মান আৰু স্বীকৃতি লাভ কৰা অজিত সিংহৰ ২০০৩ চনৰ ১১ মে' তাৰিখে মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৩ চনত তেজপুৰ চহৰত জন্মলাভ কৰা অজিত সিংহই ঘৰখনতেই লাভ কৰিছিল সংগীত শিক্ষাৰ এক অনুকূল পৰিৱেশ। পিতৃ প্ৰদীপ সিংহ আছিল এগৰাকী ভায়োলিন বাদক আৰু প্ৰখ্যাত আলোকচিত্ৰ শিল্পী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত অৰ্কেষ্ট্ৰা দলৰ এগৰাকী অন্যতম সদস্য আছিল প্ৰদীপ সিংহ। সেই সময়ত প্ৰদীপ সিংহৰ ঘৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, শিৱপ্ৰসাদ ভট্টাচাৰ্য প্ৰমুখ্যে বৰেণ্য শিল্পীসকলৰ সঘনাই অহা- যোৱা হৈছিল। এনেদৰে শিশু অজিত সিংহ সংগীতৰ প্ৰতি আকৃষ্ট হৈ পৰে। ১৯৪৬ চনত সপ্তম শ্ৰেণীত পঢ়ি থকা কালতে আজিত সিংহই আকাশবাণী কলিকতা কেন্দ্ৰত অসমীয়া অনুষ্ঠানৰ চেমনীয়া চ'ৰাত গাইছিল শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ নেতাই ধুবুনীৰ ঘাট অ' বেউলা আৰু বনৰে মৰমী অ' গীত দুটি। এনেদৰে শৈশৱতে অজিত সিংহই এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ৰূপে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে গীত গোৱাৰ সমান্তৰালকৈ সুৰ আৰু সংগীত পৰিচালনাত মনোনিৱেশ কৰে।[3]

সংগীত জীৱন

[সম্পাদনা কৰক]

তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ ৰঙ্গমঞ্চৰ আৱহ সংগীত আৰু অৰ্কেষ্ট্ৰাৰ দায়িত্বত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ ঠিক দুবছৰৰ পাছত এই দায়িত্ব দিয়া হয় ১৭ বছৰীয়া অজিত সিংহক। তেতিয়াৰ পৰা নিজৰ সংগীত যাত্ৰাত অধিক সক্ৰিয় হৈ পৰে অজিত সিংহ। দৰং মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কালত অজিত সিংহই সহপাঠী হিচাপে লগ পায় জয়ন্ত বৰুৱাক। গীতিকাৰ জয়ন্ত বৰুৱা আৰু সুৰকাৰ- সংগীত পৰিচালক অজিত সিংহৰ যুটীয়ে অসমত সমবেত সংগীতৰ এটি যুগৰ সূচনা কৰে। ১৯৫৪ চনত জয়ন্ত- অজিতৰ চিৰ যুগমীয়া সৃষ্টি এজাক চৰাই উৰি উৰি যায় শীৰ্ষক সমবেত সংগীতটিয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৬৮ চনত তেজপুৰৰ এটি সংস্কৃতিৱান পৰিয়ালৰ দুহিতা সুগায়িকা তথা গীতিকাৰ ৰুবী সিংহৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা অজিত সিংহৰ সংগীত জীৱনে এক নতুন গতিশীলতা লাভ কৰে। ৰুবী সিংহৰ মাতৃ প্ৰফুল্লবালা বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰধান সহযোগী কণ্ঠশিল্পী আছিল। তেখেতে সৰহভাগ গীততে একক বা দ্বৈত কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে গীত গাইছিল।[4] তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমা পত্নী প্ৰিয়বালা আছিল ৰুবী সিংহৰ মাহী। ৰুবী সিংহৰ সৈতে বৈবাহিক সম্বন্ধৰ পাছত অজিত সিংহই শহুৰেকৰ ঘৰখনত থকা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ ৰেকৰ্ডসমূহৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল। অজিত সিংহ আৰু ৰুবী সিংহ দুয়ো মিলি বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেষ ভূমিকা পালন কৰে। সত্তৰ দশকৰ শেষৰফালে আকাশবাণী গুৱাহাটী যোগে সম্প্ৰচাৰিত সুৰকাৰ বিষ্ণু ৰাভা শীৰ্ষক আলেখ্যখনিৰ জৰিয়তে বহুতো অপ্ৰচাৰিত গীত পোহৰলৈ আনে। আশীৰ দশকত জনসাংস্কৃতিক পৰিষদ প্ৰযোজিত বিষ্ণুপ্ৰসাদ ৰাভাৰ আঠোটা গীতৰ লং প্লেয়িং ৰেকৰ্ড বিশ্বৰ ছন্দে ছন্দে সংগীত পৰিচালক অজিত সিংহৰ সংগীত জীৱনৰ অন্যতম সফলতা। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় প্ৰযোজিত ইন্দ্ৰধেনু নামৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ শ্ৰব্য সঁফুৰাটিৰো সংগীত পৰিচালক আছিল অজিত সিংহ। ঐতিহাসিক অসম আন্দোলনৰ সময়ত ৰুবী সিংহ ৰচিত আৰু অজিত সিংহ সুৰাৰোপিত জয় আই অসম সমস্বৰে গাওঁ আমি জয় আই অসম আৰু হে শ্বহীদ তোমাক সহশ্ৰ প্ৰণাম অসমৰ জাতীয় জীৱনৰ কালজয়ী সৃষ্টি। ড° ভূপেন হাজৰিকা ৰচিত আৰু সুৰাৰোপিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীতটিৰ সংগীত পৰিচালনা অজিত সিংহৰ। ১৯৭২ চনত কমল নাৰায়ণ চৌধুৰী পৰিচালিত প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ ভাইটি ৰ সংগীত পৰিচালনাৰ দায়িত্ব পালন কৰা অজিত সিংহই পৰৱৰ্তী সময়ত গণেশ, দূৰণিৰ ৰং আৰু বংশধৰ চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰে। ২০১২ চনৰ ১০ জুনত তেজপুৰ জ্যোতি ভাৰতী প্ৰেক্ষাগৃহত শোণিতপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু জ্যোতি ভাৰতীৰ সহযোগত আয়োজিত প্ৰয়াত সংগীত শিল্পী অজিত সিংহৰ স্মৃতিচাৰণ অনুষ্ঠানত শিল্পীগৰাকীয়ে সংগীত পৰিচালনা কৰা ভাইটি গণেশ, দূৰণিৰ ৰং আৰু বংশধৰ ছবিৰ ১৪ টা গীতৰ শ্ৰব্য চি ডি মোহনীয় উন্মোচন কৰা হয়।[5]

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৯৪৮ চনত ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিচালিত ছিৰাজ ছবিখনত ৰফিক নামৰ চৰিত্ৰটোত অভিনয়ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অভিনয় জগতত খোজ দিয়ে। ১৯৫৯ চনত মুক্তিলাভ কৰা ফণী শৰ্মা পৰিচালিত কেঁচা সোণ ছবিত নায়িকা ইভা আচাওৰ বিপৰীতে অজিত সিংহই নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।[6]

বঁটা, সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]

১৯৯৯ চনত অসম চৰকাৰে অজিত সিংহক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে।

শিল্পীগৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. অসমীয়া চলচ্চিত্ৰৰ গীত ( প্ৰথম খণ্ড)। সংকলন/ সম্পাদনা: পবিত্ৰ কুমাৰ ডেকা। জাৰ্ণাল এম্প'ৰিয়াম, গুৱাহাটী।
  2. সংগীতকাৰ- অভিনেতা অজিত সিংহক পাহৰিলোঁ নেকি? । হেমন্ত কুমাৰ বৰুৱা। সম্পাদকীয় পৃষ্ঠা। দৈনিক অসম। ১১ মে', ২০২১
  3. ' এজাক চৰাই ...' গীতটিৰ সুৰকাৰজন। হেমাংগ নাথ। আমাৰ অসম। ১০ জুলাই , ১৯৯৮
  4. তেজপুৰত বিষ্ণু ৰাভা সংগীত চৰ্চাৰ অলিখিত অধ্যায়। ভবানীপ্ৰসাদ অধিকাৰী। নিয়মীয়া বাৰ্তা। ২০ জুন, ২০২৪ চন।
  5. যাৰ সুৰত প্ৰাণ দিছিল সুধাকণ্ঠই। অৰূপ কলিতা। দৈনিক অগ্ৰদূত। ১৩ জুন, ২০১২ চন।
  6. ব্যক্তিত্বৰ জিলিঙনি : অজিত সিংহ। অনুভৱ পৰাশৰ। দৈনিক জনমভূমি। ১২ নৱেম্বৰ, ২০১০ চন।