অঞ্জনা সুখানী
| অঞ্জনা সুখানী | |
|---|---|
৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত সুখানী | |
| জন্ম | ১০ ডিচেম্বৰ, ১৯৭৮ (৪৭ বছৰ) জয়পুৰ, ৰাজস্থান, ভাৰত |
| শিক্ষানুষ্ঠান | কাৰ্ডিফ মেট্ৰ’পলিটান ইউনিভাৰ্চিটি |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০২–বৰ্তমান |
অঞ্জনা সুখানী (ইংৰাজী: Anjana Sukhani; জন্ম: ১০ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, মূলতঃ হিন্দী আৰু কেইখনমান তেলুগু চলচ্চিত্ৰৰ লগতে এখন কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অঞ্জনাৰ জন্ম ১৯৭৮ চনৰ ১০ ডিচেম্বৰত জয়পুৰৰ এটা সিন্ধী হিন্দু পৰিয়ালত হৈছিল।[1][2][3] তেওঁ প্ৰীতি আৰু ওম সুখানীৰ কন্যা আৰু তেওঁৰ এজন ককায়েক আছে।[2][4] তেওঁ কাৰ্ডিফ মেট্ৰ’পলিটান ইউনিভাৰ্চিটিৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[4]
চলচ্চিত্ৰ আৰু মডেলিং কেৰিয়াৰ
[সম্পাদনা কৰক]
সুখানীয়ে অভিনয়ৰ স্বাৰ্থত নিজৰ শৈক্ষিক ক্ষেত্ৰখনক পিছত পেলাই থৈছিল। তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক বছৰবোৰত বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ সৈতে কেডবেৰী ডেইৰী মিল্ক চকলেটৰ এটা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।[5] ঘৰ যায়েগী শীৰ্ষক ৰিমিক্স হিন্দী সংগীতৰ ভিডিঅ'টোতো তেওঁৰ অভিনয় মন কৰিবলগীয়া আছিল। চলচ্চিত্ৰ জগতৰ কোনো পটভূমি নাথাকিলেও তেওঁ ২০০৭ চনৰ বহু তাৰকা অভিনীত সফল কথাছবি চালাম-এ-ইস্কত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল।[6] ইয়াৰ পিছত তেওঁ ২০০৬ চনৰ জনপ্ৰিয় ছবি গোলমালৰ ছিকুৱেল গোলমাল ৰিটাৰ্ণছত অভিনয় কৰে। তেওঁৰ আন কেইখনমান মুক্তিপ্ৰাপ্ত ছবি আছিল জয় বীৰু, জশ্বন আৰু গণেশ তথা যুৱিকা চৌধুৰীৰ সৈতে অভিনয় কৰা তেওঁৰ প্ৰথম কানাড়া ছবি মালেয়ালি জথেয়ালি। ২০০৫ চনৰ না উপিৰিৰ পিছত তেওঁক টলীউড অভিনেতা ৰবি তেজাৰ ছবি ডন চিনুত দেখা গৈছিল, যিখন আছিল তেওঁৰ দ্বিতীয় তেলেগু ছবি। ২০১৬ চনত অঞ্জনাই স্বপ্নীল যোশীৰ বিপৰীতে সঞ্জয় লীলা ভাঞ্চালী প্ৰডাকচনৰ আৰু স্বপ্না ৱাঘমাৰে যোশীৰ পৰিচালনাত নিৰ্মিত ছবি লাল ইস্কৰ জৰিয়তে মাৰাঠী চলচ্চিত্ৰ জগতত খোজ পেলায়।[7][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Anjana Sukhani's birthday cake goes the designer way". Bollywood Hungama News Network. 10 December 2011. Archived from the original on 14 January 2012. https://web.archive.org/web/20120114151912/http://www.bollywoodhungama.com/celebrities/features/type/view/id/2870/। আহৰণ কৰা হৈছে: 5 June 2016.
- 1 2 "As 'Fear Factor' host Priyanka has taken on a man's job: Anjana Sukhani". Sify. 19 August 2010. http://www.sify.com/movies/as-fear-factor-host-priyanka-has-taken-on-a-man-s-job-anjana-sukhani-news-national-kitracecachsi.html। আহৰণ কৰা হৈছে: 5 June 2016. "The 31-year-old feels that Priyanka will pull of all the stunts well."
- ↑ Batra, Ankur (30 March 2014). "Anjana Sukhani wants to promote Sindhi films". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/anjana-sukhani-wants-to-promote-sindhi-films/articleshow/32953784.cms.
- 1 2 Sundaresan, Satish (10 December 2009). "Exclusive: Looking back at Anjana Sukhani's growing up years". Bollywood Hungama. https://www.bollywoodhungama.com/news/slideshows/slideshow-all-that-will-happen-on-kbc-this-holi/। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ "Wishing Anjana Sukhani Happy Birthday!". Screen India. 10 December 2008. Archived from the original on 4 October 2012. https://web.archive.org/web/20121004045556/http://www.expressindia.com/latest-news/Wishing-Anjana-Sukhani-Happy-Birthday/396658/.
- ↑ Elley, Derek (1 February 2007). "Salaam-e-Ishq". Variety. https://variety.com/2007/film/reviews/salaam-e-ishq-1200510692/.
- ↑ IANS (26 May 2016). "I'm very proud of Laal Ishq: Sanjay Leela Bhansali" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/bollywood/im-very-proud-of-laal-ishq-sanjay-leela-bhansali-2820514/.
- ↑ Rege, Harshada (12 October 2015). "Anjana to romance Swapnil Joshi in her Marathi debut film". DNA. http://www.dnaindia.com/entertainment/report-anjana-to-romance-swapnil-joshi-in-her-marathi-debut-film-2133935। আহৰণ কৰা হৈছে: 5 June 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Anjana Sukhani সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- অঞ্জনা সুখানী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- অঞ্জনা সুখানী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য