অঞ্জলি
| অঞ্জলি | |
|---|---|
২০১৩ চনত অঞ্জলি | |
| জন্ম | ১৬ জুন, ১৯৮৬ (৩৯ বছৰ) ৰাজোলে, পূব গোদাবৰী জিলা, অন্ধ্ৰ প্ৰদেশ, ভাৰত |
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমান |
অঞ্জলি (Anjali, জন্ম: ১৬ জুন ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলেগু ছবিত অভিনয় কৰে। অঞ্জলিক তামিল চলচ্চিত্ৰৰ অন্যতম উন্নত অভিনেত্ৰী হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁ নিজৰ "পাৰফৰ্মেন্স-অৰিয়েণ্টেড ভূমিকা"ৰ বাবে পৰিচিত।[1][2] তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু দুটা নন্দী বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে।[3]
মডেলিঙত কিছু সময় কটোৱাৰ পিছত তেওঁক দুখন তেলেগু প্ৰযোজনাৰ মুখ্য চৰিত্ৰত অভিনয় কৰোৱা হয়; তেওঁ থ্ৰিলাৰ চলচ্চিত্ৰ ফটো (২০০৬)ত অভিষেক ঘটায়। কট্টাদু তামিল (২০০৭) নামৰ তেওঁৰ সফল চলচ্চিত্ৰখনো এখন থ্ৰিলাৰ চলচ্চিত্ৰ আছিল। তেওঁ অংগাদি থেৰু (২০১০) আৰু এংগেয়ুম এপ'থাম (২০১১)ত কৰা অভিনয়ৰ বাবে একেৰাহে দুবাৰ তামিল ভাষাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। আৰু প্ৰথমখনৰ বাবে তামিল নাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছে।[4] তেওঁ ২০১৩-২০১৪ চনত তেলুগু চলচ্চিত্ৰত সীথাম্মা বকিলো ছিৰিমাল্লে চেট্টু, বালুপু, মচালা, গীতাঞ্জলি আৰু ডিকেটৰ। তেওঁ হৰৰ-কমেডী গীতাঞ্জলিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত নন্দী বঁটা লাভ কৰিছে। (২০১৪)।[5][6]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৮৬ চনৰ ১৬ জুনত ভাৰতৰ ৰাজোলে, পূব গোদাবৰী জিলা, অন্ধ্ৰ প্ৰদেশৰ এটা তেলেগু পৰিয়ালত অঞ্জলিৰ জন্ম হৈছিল।[7][8] তেওঁৰ দুজন ভাই আৰু এজনী ভনী আছে।[9] তেওঁ ৰাজোলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি পিছলৈ চেন্নাইলৈ গুচি যায় আৰু তাতেই গণিতত ডিগ্ৰী লাভ কৰি পঢ়া-শুনা অব্যাহত ৰাখে। অঞ্জলিয়ে মন্তব্য কৰে যে, তেওঁৰ পিতৃ-মাতৃৰ অভিনেতা হোৱাৰ আকাংক্ষা আছিল আৰু তেওঁলোকে তেওঁৰ জৰিয়তে "নিজৰ সপোন বাস্তৱায়িত কৰিছিল"।[10]
মিডিয়াত প্ৰতিচ্ছবি
[সম্পাদনা কৰক]আংগাদি থেৰুত কাণীৰ চৰিত্ৰত অনঞ্জলীৰ অভিনয়ক তামিল চিনেমাৰ আটাইতকৈ স্মৰণীয় নাৰী চৰিত্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। [11] ২০১০ আৰু ২০১১ চনত, Rediff.com-এ আংগাদি থেৰু আৰু এনগেইয়ুম এপোথুমত কৰা অভিনয়ৰ বাবে ক্ৰমান্বয়ে অঞ্জলীক ইয়াৰ "শ্ৰেষ্ঠ তামিল অভিনেত্ৰীসকল"ৰ তালিকাত স্থান দিছিল। [12][13]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Anjali সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Anjali সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত অঞ্জলি
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Anjali eyeing mass films?". Sify. http://www.sify.com/movies/anjali-eyeing-mass-films-news-tamil-lbyjrFcjfgb.html। আহৰণ কৰা হৈছে: 21 September 2011.
- ↑ "Anjali wants to do commercial cinema". The Times of India. 17 January 2011. Archived from the original on 16 September 2011. https://web.archive.org/web/20110916173338/http://articles.timesofindia.indiatimes.com/2011-01-17/news-interviews/28370956_1_thoonga-nagaram-anjali-madurai.
- ↑ "I want people to say there's no one like me". Rediff.com. 15 September 2011. http://www.rediff.com/movies/slide-show/slide-show-1-south-interview-with-anjali/20110915.htm। আহৰণ কৰা হৈছে: 21 September 2011.
- ↑ "Image makeover for Anjali". The Times of India. 20 August 2010. Archived from the original on 27 September 2012. https://web.archive.org/web/20120927051145/http://articles.timesofindia.indiatimes.com/2010-08-20/news-interviews/28281372_1_image-makeover-anjali-film.
- ↑ "Nandi Awards 2014–2016: Baahubali sweeps 14 awards, Kamal Haasan and Rajinikanth's congratulatory tweets to each other are a must read" (en ভাষাত). The Indian Express. 15 November 2017. https://indianexpress.com/article/entertainment/telugu/ap-government-announces-nandi-awards-check-out-the-winners4937468/। আহৰণ কৰা হৈছে: 16 June 2021.
- ↑ "Nandi Awards 2014–2016: List Of Winners". NDTV.com. https://www.ndtv.com/entertainment/nandi-awards-2014-2016-list-of-winners-1775436। আহৰণ কৰা হৈছে: 16 June 2021.
- ↑ "Happy Birthday Anjali: 5 exquisitely beautiful photos of the actress that will steal your heart" (en ভাষাত). The Times of India. 16 June 2020. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-anjali-5-exquisitely-beautiful-photos-of-the-actress-that-will-steal-your-heart/photostory/76389859.cms। আহৰণ কৰা হৈছে: 16 June 2021.
- ↑ "As Angaadi Theru actress Anjali turns a year older, take a look at 7 super stunning Insta uploads". Times Now. 16 June 2021. https://www.timesnownews.com/entertainment-news/telugu/article/as-angaadi-theru-actress-anjali-turns-a-year-older-take-a-look-at-7-super-stunning-insta-uploads/771434। আহৰণ কৰা হৈছে: 16 June 2021.
- ↑ "My first break – Anjali". The Hindu (Chennai, India). 9 April 2010. http://www.hindu.com/cp/2010/04/09/stories/2010040950361600.htm.
- ↑ "Meet the fiery Kani of Angadi Theru". Rediff.com. 13 April 2010. http://movies.rediff.com/slide-show/2010/apr/13/slide-show-1-south-interview-with-anjali-from-angadi-theru.htm। আহৰণ কৰা হৈছে: 21 September 2011.
- ↑ html "30 memorable female characterisations in Tamil cinema of the new millennium". চিনেমা এক্সপ্ৰেছ. ৮ মাৰ্চ ২০২০. https://www.cinemaexpress.com/photos/slideshows/2020/Mar/08/top-30-memorable-female-characterisations-in-tamil-cinema-of-the-new-millennium-934. html। আহৰণ কৰা হৈছে: ১০ আগষ্ট ২০২০.[সংযোগবিহীন উৎস]
- ↑ htm "২০১০ চনৰ শীৰ্ষ তামিল অভিনেত্ৰীসকল". Rediff.com. 30 December 2010. https://m.rediff.com/movies/slide-show/slide-show-1-south-top-tamil-actresses-of-2010/20101230. htm। আহৰণ কৰা হৈছে: 11 January 2012.[সংযোগবিহীন উৎস]
- ↑ -2011/20111226.htm "২০১১ চনৰ শ্ৰেষ্ঠ তামিল অভিনেত্ৰীসকল". Rediff.com. ২৬ ডিচেম্বৰ ২০১১. https://m.rediff.com/movies/slide-show/slide-show-1-south-the-best-tamil-actresses-of -2011/20111226.htm। আহৰণ কৰা হৈছে: ১৫ ফেব্ৰুৱাৰী ২০১৩.[সংযোগবিহীন উৎস]