অঞ্জলি মেনন
| অঞ্জলি মেনন | |
|---|---|
২০১৬ চনত এক অনুষ্ঠানত অঞ্জলি | |
| জন্ম | কোঝিকোড, কেৰালা, ভাৰত[1] |
| শিক্ষানুষ্ঠান | প্ৰভিডেন্স উইমেন্স কলেজ পুনে বিশ্ববিদ্যালয় লণ্ডন ফিল্ম স্কুল |
| পেচা | চলচ্চিত্ৰ পৰিচালক চিত্ৰনাট্যকাৰ |
| সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | বিনোদ মেনন |
| পিতৃ-মাতৃ | টি. মাধৱন নায়াৰ সৰদা নায়াৰ |
| ৱেবছাইট | |
| anjalimenon | |
অঞ্জলি মেনন হৈছে মালয়ালম চলচ্চিত্ৰ উদ্যোগত মুখ্যতঃ কৰ্মৰত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।[2] তেওঁ নিজৰ কৰ্মৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰিছে। তেওঁ বিশেষকৈ তেওঁৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ মাঞ্জাডিকুৰু,[3] কেৰালা কেফে (হেপ্পি জাৰ্নি), উস্তাদ হোটেল, বেংগালোৰ ডেইজ, কুডে আৰু ৱণ্ডাৰ উইমেন চলচ্চিত্ৰসমূহৰ বাবে অধিক জনাজাত।[4]
অঞ্জলি হৈছে মুম্বাই আৰু কেৰালাভিত্তিক চলচ্চিত্ৰ সংস্থা ‘লিটল ফিল্মছ’ৰ প্ৰতিষ্ঠাপক।[5] তেওঁ মালয়ালম চলচ্চিত্ৰ উদ্যোগত লিংগ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা সংগঠন ‘উইমেন ইন চিনেমা কালেক্টিভ’ৰ অন্যতম প্ৰতিষ্ঠাপক।[6][7] তেওঁ মুম্বাই একাডেমি অৱ দ্য মুভিং ইমেজৰ বৰ্ড সদস্যও।[8]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]অঞ্জলি মেননৰ জন্ম কোঝিকোডত টি. এম. নায়াৰ আৰু সৰদা নায়াৰৰ ঘৰত হৈছিল। তেওঁ শৈশৱৰ এটা ডাঙৰ অংশ সংযুক্ত আৰব আমিৰাতৰ ডুবাইত অতিবাহিত কৰে।[9]
লণ্ডন ফিল্ম স্কুলৰ প্ৰাক্তন ছাত্ৰী অঞ্জলিয়ে ২০০৩ চনত চলচ্চিত্ৰ পৰিচালনা, চলচ্চিত্ৰ প্ৰযোজনা আৰু চলচ্চিত্ৰ সম্পাদনাত সন্মানসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। চলচ্চিত্ৰ শিক্ষাৰ পূৰ্বে তেওঁ প্ৰভিডেন্স উইমেন্স কলেজ, কোঝিকোডৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু পুনে বিশ্ববিদ্যালয়ৰপৰা যোগাযোগ অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। অঞ্জলিয়ে ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীতত প্ৰশিক্ষণ লাভ কৰিছে।[10][11][12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ ভাৰত আৰু সংযুক্ত আৰব আমিৰাতৰ ডুবাইৰ মাজত বাস কৰে।[13]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | পৰিচালনা | চিত্ৰনাট্য | মন্তব্য |
|---|---|---|---|---|
| ২০০০ | ব্লেক নৰ হোৱাইট | চুটি চলচ্চিত্ৰ | ||
| ২০০৯ | কেৰালা কেফে | “হেপ্পী জাৰ্নি” খণ্ড | ||
| ২০১২ | মাঞ্জাডিক্কুৰু | — | ||
| উস্তাদ হোটেল | — | |||
| ২০১৪ | বেংগালোৰ ডেইজ | — | ||
| ২০১৮ | কূডে | — | ||
| ২০২২ | ৱাণ্ডাৰ ৱিমেন | ইংৰাজী ভাষাৰ চলচ্চিত্ৰ; Sony LIV-ত সোজাকৈ মুক্তি | ||
| ২০২৫ | বেকষ্টেজ | ইংৰাজী চুটি চলচ্চিত্ৰ; সংকলন ধাৰাবাহিক যুৱা সপোনোঁ কা সফৰ-ৰ অংশ |
অঞ্জলি মেনন এক প্ৰতিভাবান মালয়ালম চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ, যিয়ে সম আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰি চলচ্চিত্ৰ শিল্পত সংযোজন কৰিছে।
বঁটা আৰু সন্মাননা
[সম্পাদনা কৰক]| বঁটা | বছৰ | চলচ্চিত্ৰ |
|---|---|---|
| BFI-ৰ ইমেজিন এছিয়া বঁটা – শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ (ৰৌপ্য) | ব্লেক নৰ হোৱাইট | |
| পাম স্প্ৰিংছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ | ||
| হাসানকুট্টি বঁটা – শ্ৰেষ্ঠ অভিষেক পৰিচালক | ২০০৮ | মাঞ্জাডিক্কুৰু |
| FIPRESCI বঁটা – শ্ৰেষ্ঠ মালয়ালম চলচ্চিত্ৰ | ||
| ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ সংলাপ | ২০১২ | উস্তাদ হোটেল |
| কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ চিত্ৰনাট্য | ||
| এছিয়ানেট চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ চিত্ৰনাট্য | ২০১৩ | |
| কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ চিত্ৰনাট্য (মূল) | ২০১৪ | বেংগালোৰ ডেইজ |
| ফিল্মফেয়াৰ বঁটা দক্ষিণ – শ্ৰেষ্ঠ পৰিচালক | ২০১৫ | |
| এছিয়ানেট চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ | ||
| বনিতা চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ | ||
| SIIMA চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Anjali Menon's 'Bangalore Days' creates history". Firstpost. 2014-06-09. https://www.firstpost.com/entertainment/anjali-menons-bangalore-days-creates-history-1562751.html। আহৰণ কৰা হৈছে: 2021-03-05.
- ↑ Aravind, Indulekha (2018-07-14). "What makes 'Bangalore Days' director Anjali Menon a rarity in Indian cinema". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/what-makes-bangalore-days-director-anjali-menon-a-rarity-in-indian-cinema/articleshow/64990470.cms?from=mdr.
- ↑ Janardhanan, Arun (23 June 2012). "'Manjadikuru' girl lives a sad life off the screen too" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/chennai/Manjadikuru-girl-lives-a-sad-life-off-the-screen-too/articleshow/14348089.cms। আহৰণ কৰা হৈছে: 2019-07-31.
- ↑ Harikrishnan, Charmy (2018-10-21). "How women film-makers like Meghna Gulzar, Rima Das, Anjali Menon & Nandita Das are changing the face of Indian cinema". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/how-a-wave-of-women-filmmakers-is-changing-indian-cinema/articleshow/66297171.cms?from=mdr.
- ↑ "Little Films India". https://littlefilmsindia.com/। আহৰণ কৰা হৈছে: 9 July 2023.
- ↑ Praveen, S. r (25 June 2018). "Women in Cinema Collective condemns AMMA's decision to reinstate actor Dileep" (en-IN ভাষাত). The Hindu. http://www.thehindu.com/news/national/kerala/women-in-cinema-collective-condemns-ammas-decision-to-reinstate-actor-dileep/article24252575.ece.
- ↑ "Parvathy Menon, Manju Warrier, Bhavana and others form Women in Cinema Collective". The Indian Express. The Indian Express. 4 June 2017. http://indianexpress.com/article/entertainment/regional/parvathy-menon-manju-warrier-bhavana-and-others-form-women-in-cinema-collective-4686196/.
- ↑ "Mumbai Academy of Moving Image - Trustees Site". www.mumbaifilmfestival.com. https://www.mumbaifilmfestival.com/festival/trustees। আহৰণ কৰা হৈছে: 9 July 2023.
- ↑ "Smartdriveonline.in". Archived from the original on 27 November 2020. https://web.archive.org/web/20201127075245/http://www.smartdriveonline.in/the-wheel-of-life-by-anjali-menon/। আহৰণ কৰা হৈছে: 9 July 2023.
- ↑ Mathews, Anna (2020-10-26). "Anjali Menon's bharatanatyam photos are a real Vijayadashami treat". Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/anjali-menons-bharatanatyam-photos-are-a-real-vijayadashami-treat/articleshow/78876932.cms.
- ↑ "About AM" (en ভাষাত). Anjali Menon. 2011-11-26. Archived from the original on 2017-03-19. https://web.archive.org/web/20170319073101/https://anjalimenon.wordpress.com/about-am/। আহৰণ কৰা হৈছে: 2020-05-22.
- ↑ "Cut to Anjali". The Hindu. 12 September 2009. Archived from the original on 23 September 2009. https://web.archive.org/web/20090923205209/http://www.hindu.com/mp/2009/09/12/stories/2009091252510600.htm। আহৰণ কৰা হৈছে: 17 December 2009.
- ↑ Dutta, Nandita (25 July 2019). "How Anjali Menon went from successful writer to director of one of Malayalam cinema's biggest hits" (en-US ভাষাত). Scroll.in. https://gulfnews.com/friday/art-people/filmmaker-anjali-menon-talks-about-films-and-family-1.2246042। আহৰণ কৰা হৈছে: 2019-07-31.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Anjali Menon সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।