সমললৈ যাওক

অঞ্জলি লাৱনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অঞ্জলি লাৱনিয়া
জন্ম ১৫ মে', ১৯৮২ (৪৪ বছৰ)[1]
মুম্বাই, ভাৰত
পেচা অভিনেত্ৰী, মডেল, লাইফ-কোচ, ডিজে, টেলিভিছন উপস্থাপিকা

অঞ্জলি লাৱনিয়া (ইংৰাজী: Anjali Lavania) এগৰাকী ভাৰতীয় মডেল, এগৰাকী হলিষ্টিক লাইফ-কোচ আৰু চলচ্চিত্ৰ অভিনেত্ৰী।[2] তেওঁ পৱন কল্যাণ অভিনীত ২০১১ চনৰ তেলুগু চলচ্চিত্ৰ পাঞ্জাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।[3][4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

অঞ্জলি লাৱনিয়াৰ জন্ম মহাৰাষ্ট্ৰৰ মুম্বাইত। তেওঁৰ মাতৃ কেৰালাৰ এগৰাকী সুপৰিচিত মডেল তথা মিছ কোচিন আছিল। আনহাতে তেওঁৰ পিতৃ নৈনীতালৰ আৰু তেওঁ ভাৰতীয় নৌসেনাত নৌ-বিমানচালক হিচাপে সেৱা আগবঢ়াইছিল।[2][5]

অঞ্জলিয়ে মুম্বাইৰ ৰূপম অভিযান আৰু শীতল ডিজাইন ষ্টুডিঅ'ৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিশেষকৈ ইকো-গ্ৰীণ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত। লছ এঞ্জেলছ ফেশ্বন উইকৰ সময়ত ব্ৰিটিছ ডিজাইনাৰ গেৰী হাৰ্ভেৰ এটা সংবাদপত্ৰৰ পোছাক পৰিধান কৰি ইকো-নৌভে শ্ব'ৰ বাবে তেওঁ লছ এঞ্জেলছ টাইমছত স্থান লাভ কৰিছিল। এই পোছাকটো পিছলৈ নিউয়ৰ্কৰ মোমাতো প্ৰদৰ্শন কৰা হৈছিল।

অঞ্জলিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লট্টি ষ্টেনছন, আশা কা গিভেন্স, ক্ৰিষ্টোফাৰ কেন আৰু গেৰী হাৰ্ভেৰ দৰে ফেশ্বন ডিজাইনাৰৰ বাবে মডেলিং কৰিছে।[6] তেওঁ ইনষ্টাইল, মেৰী ক্লেয়াৰ, এলে, জিকিউ, ভাৰ্ভ, এম, ফেমিনা আৰু ভ’গৰ দৰে আলোচনীৰ বাবে মডেলিং কৰিছে। তেওঁ জোৱান বেৰন / ডিডব্লিউ ব্ৰাউন ষ্টুডিঅ'ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছে।

তেওঁ প্ৰ’ভ’গৰ শৰৎ-শীতকালীন অভিযানত কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ পেণ্টালুনছ, মহিন্দ্ৰা জাইলো, টাইটানৰ বিজ্ঞাপনত আমিৰ খানৰ সৈতে[7] আৰু লিভাইচৰ বিজ্ঞাপনত ইমৰাণ খানৰ সৈতে কাম কৰিছে। তেওঁ ২০১০ আৰু ২০১১ চনৰ কিংফিচাৰ কেলেণ্ডাৰত স্থান লাভ কৰিছিল আৰু ২০১১ চনত মেকিং অৱ কিংফিচাৰ কেলেণ্ডাৰ অনুষ্ঠানটোৰ আঁত ধৰিছিল।[8] তেওঁ ২০১০ চনৰ টাইমছ ৫০ মোষ্ট ডিজায়াৰেবল মেন এণ্ড উইমেনৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।[9][10]

২০১১ চনত পৰিচালক বিষ্ণুবৰ্ধনে তেওঁৰ তেলুগু ছবি পাঞ্জাত পৱন কল্যাণৰ বিপৰীতে এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে অঞ্জলিক নিৰ্বাচিত কৰে।[11][12] ২০১২ চনৰ জুন মাহত অঞ্জলিয়ে পাঞ্জা বোলছবিত কৰা সফল অভিনয়ৰ বাবে সন্মানীয় চিনেমা এৱাৰ্ডছত শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা লাভ কৰে। এই বঁটা তেওঁক নাগাৰ্জুনাই প্ৰদান কৰিছিল।

২০১২ চনত তেওঁ ভ’গৰ শীৰ্ষ ১০ গৰাকী মডেলৰ তালিকাত স্থান পাইছিল। অঞ্জলি লাৱনিয়াই ২০১২ চনত দিল্লী কাউচাৰ উইকৰ সময়ত বিদ্যুত জামৱালৰ সৈতে মনীষ মালহোত্ৰাৰ ফেশ্বন শ্ব'ত অংশ লৈছিল।

ইয়াৰ পিছত অঞ্জলিয়ে মডেলিং আৰু অভিনয়ৰপৰা কিছুদিন বিৰতি লৈ চক্ৰ হিলিং আৰু ক্ৰিয়া যোগৰ আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰে। তেওঁ এগৰাকী উচ্চ পৰ্যায়ৰ চাৰ্টিফাইড চক্ৰ হিলাৰ আৰু এনএলপি প্ৰেকটিছনাৰ। এগৰাকী আধ্যাত্মিক জীৱন প্ৰশিক্ষক হিচাপে অঞ্জলিয়ে বহু লোকক জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিছে।

২০২২ চনৰ ডিচেম্বৰ মাহত সংগীতৰ প্ৰতি থকা অপৰিসীম চেনেহৰ বাবে অঞ্জলিয়ে ডিজে আৰু সংগীত প্ৰযোজনাৰ ক্ষেত্ৰখনত ভৰি দিয়ে। সংগীত জগতত তেওঁৰ জনপ্ৰিয় নাম হৈছে "অঞ্জেলী লুভানিয়া।" মেলোডিক টেকনো, প্ৰগ্ৰেছিভ হাউচ আৰু টেক হাউচ সংগীতৰদ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ শ্ৰোতাৰ বাবে এক সুকীয়া সংগীতৰ যাত্ৰা সৃষ্টি কৰে। তেওঁ হিউগেল, গুম গুম আৰু মাশ্বা ভিনচেণ্টৰ দৰে সংগীত জগতৰ তাৰকাসকলৰ সৈতে মঞ্চ ভাগ-বতৰা কৰিছে।

অঞ্জলিৰ ডিজে পৰিৱেশনসমূহ ইয়াৰ ছন্দময় লয় আৰু সম্মোহনী সুৰৰ বাবে জনাজাত। এগৰাকী উদীয়মান ইলেক্ট্ৰনিক সংগীত শিল্পী হিচাপে তেওঁ ইতিমধ্যে নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০১১পাঞ্জাজানৱীতেলুগুচিনেমা বঁটা: বছৰটোৰ আটাইতকৈ আত্মবিশ্বাসী অভিষেক

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • পাঞ্জা বোলছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ নতুন আত্মবিশ্বাসী মুখৰ (Best New Confident Face) চিনেমা বঁটা (CineMAA Awards) লাভ কৰে।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Exclusive biography of @anjalilavania and on her life.". FilmiBeat. https://www.filmibeat.com/celebs/anjali-lavania/biography.html.
  2. 1 2 Y. Sunita Chowdhary (24 September 2011). "Arts / Cinema : Girl of many interests". The Hindu (Chennai, India). http://www.thehindu.com/arts/cinema/article2482375.ece আহৰণ কৰা হৈছে: 19 October 2011.
  3. ITGD Bureau (3 May 2011). Anjali Lavania to star in Pawan Kalyan film : Gossip: News India Today. Indiatoday.intoday.in. https://www.indiatoday.in/movies/gossip/story/anjali-lavania-to-star-in-pawan-kalyan-film-133060-2011-05-02 আহৰণ কৰা হৈছে: 19 October 2011.
  4. "I'm classy and sexy, says Anjali Lavania - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Iamprsquom-classy-and-sexy-says-Anjali-Lavania/articleshow/11279989.cms.
  5. "PICS: Bikini model Anjali Lavania opens up - Rediff Getahead". Rediff.com. 16 May 2011. http://www.rediff.com আহৰণ কৰা হৈছে: 19 October 2011.
  6. "Anjali Lavania". The Times of India. 9 September 2011. Archived from the original on 5 November 2012. https://web.archive.org/web/20121105000533/http://articles.timesofindia.indiatimes.com/ আহৰণ কৰা হৈছে: 19 October 2011.
  7. "Anjali Lavania talks about Aamir Khan!". Desifox.com. http://www.desifox.com আহৰণ কৰা হৈছে: 19 October 2011.
  8. "KINGFISHER Calendar 2011". Kingfishercalendar.com. Archived from the original on 25 October 2011. https://web.archive.org/web/20111025063116/http://www.kingfishercalendar.com আহৰণ কৰা হৈছে: 19 October 2011.
  9. "50 Most Desirable 2010". The Times of India. 6 January 2011. https://timesofindia.indiatimes.com.
  10. "Times 50 Most Desirable Women". The Times of India. 9 January 2011. Archived from the original on 5 November 2012. https://web.archive.org/web/20121105000533/http://articles.timesofindia.indiatimes.com/ আহৰণ কৰা হৈছে: 19 October 2011.
  11. "Bikini model Anjali Lavania with Pawan Kalyan - Rediff Getahead". Rediff.com. 3 May 2011. http://www.rediff.com আহৰণ কৰা হৈছে: 19 October 2011.
  12. "Great Talk About 'Panjaa' Heroine". http://www.greatandhra.com আহৰণ কৰা হৈছে: 5 November 2012.
  13. "Cinemaa awards 2012 - Telugu cinema functions". www.idlebrain.com. http://www.idlebrain.com/news/functions/cinemaa-awards2012.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]