অঞ্জু ঘোষ
| অঞ্জু ঘোষ | |
|---|---|
| জন্ম | অঞ্জলি ঘোষ 1956[1] ভাঙা উপজিলা, ফৰিদপুৰ জিলা, পূব পাকিস্তান |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮২–২০১৮ |
| উল্লেখযোগ্য কৰ্ম | বেদেৰ মেয়ে জোছনা |
অঞ্জলি "অঞ্জু" ঘোষ (ইংৰাজী: Anju Ghosh) এগৰাকী অভিনেত্ৰী যিয়ে বাংলাদেশ আৰু ভাৰতীয় (টলিউড) চলচ্চিত্ৰত কাম কৰিছে। ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত বেদেৰ মেয়ে জোছনা ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।[2][3]
কেৰিয়াৰ
[সম্পাদনা কৰক]এফ কবীৰ চৌধুৰীৰ পৰিচালনাত ১৯৮২ চনত নিৰ্মিত ছবি সওদাগৰৰ জৰিয়তে ঘোষে চলচ্চিত্ৰ অভিনয়ত আত্মপ্ৰকাশ কৰে।[1]
ঘোষে প্ৰায় ৫০খন ছবিত অভিনয় কৰিছে।[1] তেওঁৰ সহ-অভিনেতাসকলৰ ভিতৰত আছিল বাংলাদেশৰ আব্দূৰ ৰাজ্জাক, জাফৰ ইকবাল, ওৱাছিম আৰু ইলিয়াছ কাঞ্চন তথা ভাৰতৰ ৰঞ্জিত মল্লিক, চিৰঞ্জীত চক্ৰৱৰ্তী আৰু প্ৰসেনজিৎ চেতাৰ্জী।[1]
১৯৯০ চনত ঘোষে ১২টা গীত সম্বলিত 'মালিক ছাৰা চিঠি' নামৰ এটা সংগীত এলবাম মুকলি কৰিছিল।[4]
১৯৯৬ চনত ঘোষে বাংলাদেশ ত্যাগ কৰি ভাৰতৰ কলকাতালৈ গুচি আহে।[2] স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ পাছত তেওঁৰ ঠিকনা হয় বিধাননগৰৰ ছল্ট লেক।[1][5] ২০১৮ চনত তেওঁ ছাইদূৰ ৰহমান ছাইদৰ পৰিচালনাত নিৰ্মিত বাংলাদেশী ছবি মধুৰ কেণ্টিনৰ বাবে অভিনয় আৰম্ভ কৰে।[6]
নাগৰিকত্ব বিতৰ্ক
[সম্পাদনা কৰক]২০১৯ চনৰ জুন মাহত ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাৰ পাছত ঘোষৰ ৰাষ্ট্ৰীয়তা সম্পৰ্কে জল্পনা-কল্পনা বৃদ্ধি পাইছিল।[7][8] পৰৱৰ্তী সময়ত বিজেপিয়ে দাবী কৰে যে তেওঁ ভাৰতৰ নাগৰিক আৰু তেওঁৰ হাতত ভাৰতীয় পাছপোৰ্ট আছে।[9] পশ্চিম বংগ বিজেপিৰ মুৰব্বী দিলীপ ঘোষে ২০০৩ চনত কলকাতা পৌৰ নিগমৰদ্বাৰা জাৰী কৰা তেওঁৰ জন্মৰ প্ৰমাণ-পত্ৰ মুকলি কৰে।[10][11] প্ৰমাণ-পত্ৰখনৰ মতে ১৯৬৬ চনৰ ১৭ ছেপ্টেম্বৰত কলকাতাৰ ইষ্ট এণ্ড নাৰ্ছিং হোমত সুধন্য ঘোষ আৰু বীণাপাণি ঘোষৰ ঘৰত অঞ্জু ঘোষৰ জন্ম হৈছিল।[12][13]
আনহাতে, ২০১৮ চনৰ ছেপ্টেম্বৰত একুছে টেলিভিছনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ ১৯৫৬ চনত পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) ফৰিদপুৰ জিলাত জন্মৰ কথা আৰু ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ আগতে চট্টগ্ৰামলৈ যোৱাৰ কথা উল্লেখ কৰিছিল।[1] তেওঁ চট্টগ্ৰামৰ কৃষ্ণকুমাৰী হাইস্কুলত পঢ়া-শুনা কৰাৰ কথাও জনাইছিল।[1]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| বছৰ | নাম | পৰিচালক |
|---|---|---|
| ১৯৮২ | সওদাগৰ | এফ কবীৰ চৌধুৰী |
| ১৯৮২ | বড় ভালো লোক ছিল[14] | মহম্মদ মহিউদ্দিন |
| ১৯৮৪ | চন্দন দ্বীপেৰ ৰাজ কন্যা | ইবনে মিজান |
| ১৯৮৯ | বেদেৰ মেয়ে জোছনা | তোজাম্মেল হক বকুল |
| ১৯৯১ | বেদেৰ মেয়ে জোছনা[11] | তোজাম্মেল হক বকুল |
| ১৯৯২ | বেদেনীৰ প্ৰেম | স্বপন সাহা |
| ১৯৯২ | গাড়িয়াল ভাই | তোজাম্মেল হক বকুল |
| ১৯৯৩ | কুমাৰী মা | দুলাল ভৌমিক |
| ১৯৯৩ | ৰাজাৰ মেয়ে পাৰুল[15] | মিলন চৌধুৰী |
| ২০০০ | গৰীবেৰ সম্মান | স্বপন সাহা |
| ২০১৮ | মধুৰ কেণ্টিন | ছাইদূৰ ৰহমান ছাইদ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 (bn ভাষাত)Ekushey TV. 9 September 2018. https://www.ekushey-tv.com/অঞ্জু-ঘোষেৰ-অজানা-কথা/49046.
- 1 2 (bn ভাষাত)The Daily Star Bangla. 7 September 2018. https://www.thedailystar.net/bangla/anandadhara/সিকোয়েন্স/২২-বছৰেৰ-অভিমান-ভুলে-ঢাকায়-অঞ্জু-ঘোষ-97732.
- ↑ "Bangladeshi movie star Anju Ghosh joins Modi's BJP in West Bengal". bdnews24.com. https://bdnews24.com/entertainment/2019/06/05/bangladeshi-movie-star-anju-ghosh-joins-modis-bjp-in-west-bengal.
- ↑ (bn ভাষাত)The Daily Star Bangla. 12 September 2018. https://www.thedailystar.net/bangla/anandadhara/সিকোয়েন্স/অঞ্জু-ঘোষেৰ-এই-পৰিচয়-জানতেন-কি-97963.
- ↑ (bn ভাষাত)Prothom Alo. 6 June 2019. https://www.prothomalo.com/world/asia/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%AA%E0%A6%BF%E0%A6%A4%E0%A7%87-%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%87%E0%A6%A8-%E2%80%98%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A7%87%E0%A6%B0-%E0%A6%AE%E0%A7%87%E0%A7%9F%E0%A7%87-%E0%A6%9C%E0%A7%8B%E0%A6%B8%E0%A6%A8%E0%A6%BE%E2%80%99%C2%AF.
- ↑ "2018 Highlight Reel". The Daily Star. 29 December 2018. https://www.thedailystar.net/arts-entertainment/film/top-dhallywood-movies-in-2018-1680070.
- ↑ "Bangladeshi actress Anju Ghosh joins BJP". India Today. https://www.indiatoday.in/india/story/bangladeshi-actress-anju-ghosh-joins-bjp-1543323-2019-06-05.
- ↑ "Anju Ghosh, popular Bangladeshi actor, joins BJP in Kolkata". Indian Express. https://indianexpress.com/article/india/bangladesh-actress-anju-ghosh-joins-bjp-5767247/.
- ↑ "'বেদেৰ মেয়ে...' অঞ্জু ঘোষেৰ নাগৰিকত্ব নিয়ে বিতৰ্কেৰ মাঝে নয়া এই দাবি কৰল বিজেপি" (bn ভাষাত). NDTV. https://www.ndtv.com/bengali/beder-meye-jochna-actress-anju-ghosh-who-joined-bjp-is-an-indian-citizen-claims-party-2048753। আহৰণ কৰা হৈছে: 6 June 2019.
- ↑ "Anju Ghosh is an Indian citizen, West Bengal BJP says amid clamour". bdnews24.com. https://bdnews24.com/entertainment/2019/06/07/anju-ghosh-is-an-indian-citizen-west-bengal-bjp-says-amid-clamour.
- 1 2 "BJP produces 'birth certificate' of Bangladeshi actress who joined party". Tribune India. 6 June 2019. Archived from the original on 7 June 2019. https://web.archive.org/web/20190607071121/https://www.tribuneindia.com/news/nation/bjp-produces-birth-certificate-of-bangladeshi-actress-who-joined-party/784119.html। আহৰণ কৰা হৈছে: 6 June 2019.
- ↑ "অঞ্জু ঘোষেৰ নাগৰিকত্ব প্ৰমাণে বাৰ্থ সাৰ্টিফিকেট প্ৰকাশ কৰল বিজেপি" (bn ভাষাত). Zee News. 6 June 2019. https://zeenews.india.com/bengali/state/bjp-releases-birth-certificate-of-anju-ghosh_266142.html। আহৰণ কৰা হৈছে: 21 September 2025.
- ↑ "অঞ্জু ঘোষ কোন দেশেৰ নাগৰিক?" (bn ভাষাত). The Daily Star Bangla. 6 June 2019. https://bangla.thedailystar.net/node/112693.
- ↑ "The red and green silver screen". 15th Anniversary Special (The Daily Star). 4 February 2006. https://www.thedailystar.net/suppliments/2006/15thanniv/celebrating_bd/celeb_bd21.htm.
- ↑ "Rajar Meye Parul VCD". Induna.com. http://www.induna.com/1000004956-productdetails/। আহৰণ কৰা হৈছে: 17 November 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অঞ্জু ঘোষ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।