সমললৈ যাওক

অঞ্জু চদ্ধা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অঞ্জু চাধা
জন্ম ০৪ মে', ১৯৫৫ (৭১ বছৰ)
আহমেদনগৰ, ভাৰত
ক্ষেত্ৰ ৰসায়ন (জৈৱ-ৰসায়ন)
কৰ্মস্থান ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, মাদ্ৰাজ
শিক্ষানুষ্ঠান
উল্লেখনীয় বঁটা 1992  ফেলো, আলেকজেণ্ডাৰ ভন হামবল্ড ফাউণ্ডেশ্যন। Fellow, Alexander von Humboldt Foundation

অঞ্জু চাধা (ইংৰাজী: :Anju Chadha ; জন্ম: ৪ মে' ১৯৫৫ আহমেদনগৰত) এজন ভাৰতীয় জৈৱ ৰসায়নবিদ। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মাদ্ৰাজৰ অধ্যাপিকা।[1] তেওঁ জৈৱ অনুঘটক আৰু এনজাইম ব্যৱস্থা, জৈৱিক সংশ্লেষণত এনজাইম, এনজাইম ব্যৱহাৰ কৰি অসমতাপূৰ্ণ সংশ্লেষণ, চাইৰ'টেকন'লজী, সেউজ ৰসায়ন আৰু জৈৱচেন্সৰৰ ক্ষেত্ৰত কাম কৰে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

চাধা ভাৰতৰ আহমেদনগৰত ৪ মে' ১৯৫৫ চনত জন্মগ্ৰহণ কৰিছিল।[3]

হাইস্কুলত তাই শ্ৰেষ্ঠ ছাত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। নৌৰ’ছজী ৱাদিয়া মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়তে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ বৃত্তি লাভ কৰে। কলেজৰ পৰা ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰো লাভ কৰে। [4]১৯৭৫ চনত ৰসায়ন বিজ্ঞানত ডিগ্ৰী লাভ কৰে।[2][4] ১৯৭৭ চনত পুনা বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত বিশেষ গুৰুত্ব দি বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰে। তেওঁ জৈৱ-জৈৱিক ৰসায়ন বিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।[2]

চাধা ইণ্ডিয়ান ছ’চাইটি অৱ বায়’-অৰ্গেনিক কেমিষ্ট, কেমিকেল ৰিচাৰ্চ ছ’চাইটি অৱ ইণ্ডিয়া, আৰু আই আই এছ চি এলুমনি এছ’চিয়েচন, বাংগালুৰুৰ আজীৱন সদস্য। তেওঁ মাদ্ৰাজ বিজ্ঞান ফাউণ্ডেশ্যনৰ নিৰ্বাচিত সদস্যও।[5]


স্বীকৃতি

[সম্পাদনা কৰক]
  • ১৯৭৫ - ভাৰতৰ পুনা চহৰৰ নৌৰ'ছজী ৱাডিয়া কলেজৰ ৰসায়ন বিজ্ঞান বঁটা[2]
  • ১৯৮৫ - ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰু, ভাৰতৰ শ্ৰীমতী হনুমন্ত ৰাও পদক[2]
  • ১৯৮৫ চনত ফেলো, ফ'গাৰ্টী ইণ্টাৰনেশ্যনেল চেণ্টাৰ, নেচনেল ইনষ্টিটিউট অৱ হেল্থ, ৱাশ্বিংটন, ডি.চি.[4]
  • ১৯৯২ - ফেলো, আলেকজেণ্ডাৰ ভন হামবল্ড ফাউণ্ডেশ্যন[4]
  • ২০১১ - মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ বঁটা[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Anju Chadha". http://www.iitm.ac.in/info/fac/anjuc আহৰণ কৰা হৈছে: 16 March 2014.
  2. 1 2 3 4 5 6 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Anju Chadha" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. "Science – a joyous playing field". http://www.ias.ac.in/womeninscience/LD_essays/67-70.pdf আহৰণ কৰা হৈছে: 16 March 2014.
  4. 1 2 3 4 "Anju Chadha". http://www.ias.ac.in/womeninscience/anju.html আহৰণ কৰা হৈছে: 16 March 2014.
  5. "Career profile". Archived from the original on 16 March 2014. https://archive.today/20140316203027/http://www.biotech.iitm.ac.in/faculty/anjulabsite/career.html আহৰণ কৰা হৈছে: 16 March 2014.