অঞ্জু মাখিজা
অঞ্জু মাখিজা (ইংৰাজী: Anju Makhija) এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, অনুবাদক আৰু স্তম্ভলেখক। ইংৰাজী ভাষাত কৰা তেওঁৰ সাহিত্যকৰ্মৰ বাবে তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
জীৱনী
[সম্পাদনা কৰক]অঞ্জু মাখিজাৰ জন্ম পুনেত হৈছিল আৰু তেওঁ কেইবাবছৰো কানাডাত অতিবাহিত কৰিছিল। তেওঁ মণ্ট্ৰিয়েলৰ কনকৰ্ডিয়া বিশ্ববিদ্যালয়ৰপৰা মিডিয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ শিক্ষা, প্ৰশিক্ষণ আৰু টেলিভিছনৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ কবিতা, নাটক লিখে আৰু শ্ৰব্য-দৃশ্য চিত্ৰনাট্যৰ কামো কৰিছে। তেওঁৰ মাল্টিমিডিয়া প্ৰডাকচন 'অল টুগেদাৰ'ৰ বাবে কেলিফৰ্ণিয়াৰ নেচনেল এডুকেচন ফিল্ম ফেষ্টিভেলত এক বিশেষ বঁটা লাভ কৰিছিল। তেওঁ ব্ৰিটিছ কাউন্সিল, দ্য পয়েট্ৰি ছচাইটি অৱ ইণ্ডিয়া আৰু বিবিচিৰদ্বাৰা আয়োজিত কবিতা আৰু নাট্য ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছে।[1] মাখিজাই ৪খন কবিতা সংকলন প্ৰকাশ কৰিছে, যাৰ ভিতৰত আছে 'ভিউ ফ্ৰম দ্য ৱেব' আৰু 'চেঞ্জিং আনচেঞ্জিং: নিউ এণ্ড চিলেক্টেড পয়েমছ'। ইয়াৰ উপৰি তেওঁ সাহিত্য একাডেমীৰদ্বাৰা প্ৰকাশিত 'উই স্পীক ইন চেঞ্জিং লেংগুৱেজেছ: এন এনথ'লজী অৱ ইণ্ডিয়ান ৱমেন পয়েটছ' (১৯৯০-২০০৭)ৰ সহ-সম্পাদক। তেওঁৰ কবিতাসমূহ 'এনথ'লজী অৱ কনটেম্পৰাৰী ইণ্ডিয়ান পয়েট্ৰি',[2] 'দ্য ডান্স অৱ দ্য পিকক: এন এনথ'লজী অৱ ইংলিছ পয়েট্ৰি ফ্ৰম ইণ্ডিয়া'[3] নামৰ কবিতা সংকলনত অন্তৰ্ভুক্ত হৈছে। বিবেকানন্দ ঝাৰদ্বাৰা সম্পাদিত আৰু কানাডাৰ হিডেন ব্ৰুক প্ৰেছৰদ্বাৰা প্ৰকাশিত এই সংকলনটোত ১৫১ গৰাকী ভাৰতীয় ইংৰাজী কবিৰ কবিতা আছে।[4]
অঞ্জুৰ অন্যান্য প্ৰধান গ্ৰন্থসমূহৰ ভিতৰত আছে: ১৬ শতিকাৰ চুফী কবি শ্বাহ আব্দুল লতিফৰ সহ-অনুবাদ 'চিকিং দ্য বিলাভেড' (কথা); 'পিকলিং ছিজন' আৰু 'মুম্বাই ট্ৰেপছ; '। তেওঁ দেশ বিভাজন, মহিলা, শিশু আৰু ভাৰতীয় ইংৰাজী নাটক সম্পৰ্কীয় ৪খন সংকলনো সহ-সম্পাদনা কৰিছে।
তেওঁ কেইবাখনো নাটক লিখিছে, যিবোৰৰ ভিতৰত আছে: ইফ উইচেছ ওৱেৰ হৰ্চেছ, দ্য লাষ্ট ট্ৰেইন (২০০৯ চনৰ বিবিচি ৱৰ্ল্ড প্লেৰাইটিং এৱাৰ্ডৰ বাবে চুটি তালিকাভুক্ত), মিটিং উইথ লৰ্ড যম, আনস্পোকেন ডায়লগছ (আলেক পদমচিৰ সৈতে) আৰু টোটেল শ্লেমাৰ মচলা (মাইকেল লাউবৰ সৈতে)।
মাখিজা ৫ বছৰ ধৰি সাহিত্য একাডেমীৰ ইংৰাজী উপদেষ্টা বোৰ্ডৰ সদস্য আছিল। তেওঁ মুম্বাইত থাকে আৰু প্ৰেছ ক্লাবৰ বাবে 'কালচাৰ বিট'ৰ সহ-আয়োজন কৰে আৰু লণ্ডনৰ কনফ্লুৱেন্স মেগাজিনৰ বাবে এটা স্তম্ভ লিখে। শেহতীয়াকৈ তেওঁ মুম্বাই সাহিত্য মহোৎসৱৰদ্বাৰা আয়োজিত যুৱ কবিতা প্ৰতিযোগিতাৰ বিচাৰকমণ্ডলীৰ সদস্য আছিল।
বঁটা
[সম্পাদনা কৰক]অঞ্জু মাখিজাই ১৯৯৪ চনত তেওঁৰ কবিতা 'এ ফাৰ্মাৰছ ঘোষ্ট'ৰ বাবে সৰ্বভাৰতীয় কবিতা বঁটা লাভ কৰিছিল। ১৯৯৩ চনত চতুৰ্থ ৰাষ্ট্ৰীয় কবিতা প্ৰতিযোগিতাত তেওঁৰ 'কেন ইউ এনচাৰ, প্ৰফেছৰ?' কবিতাটোৰ বাবে প্ৰশংসা বঁটাও লাভ কৰিছিল।[5] মাখিজাই সৰ্বভাৰতীয় কবিতা প্ৰতিযোগিতা ('৯৪), বিবিচি ৱৰ্ল্ড ৰিজিঅ'নেল পয়েট্ৰি প্ৰাইজ ('০২), আৰু সাহিত্য একাডেমী ইংৰাজী অনুবাদ বঁটা ('১১) আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। তেওঁ চাৰ্লছ ৱালেচ ট্ৰাষ্ট বঁটাৰ প্ৰাপক আৰু কেম্ব্ৰিজ (ইউকে), মণ্ট্ৰিয়েল (কানাডা), দিল্লী, জয়পুৰ আৰু অন্যান্য স্থানৰ উৎসৱ আৰু আলোচনাচক্ৰলৈ আমন্ত্ৰিত হৈছে।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]কবিতা পুথি
- উই স্পীক ইন চেঞ্জিং লেংগুৱেজেছ: ইণ্ডিয়ান ৱমেন পয়েটছ ১৯৯০–২০০৭ (সম্পাদিত সংকলন), নতুন দিল্লী: সাহিত্য একাডেমী ইণ্ডিয়া ২০০৯
- চিকিং দ্য বিলাভেড (শ্বাহ আব্দুল লতিফৰদ্বাৰা ৰচিত, মাখিজাৰদ্বাৰা অনূদিত), কথা পাব্লিচাৰ্ছ নতুন দিল্লী ২০০৫ ISBN 978-8189020545
- ভিউ ফ্ৰম দ্য ৱেব – পয়েমছ ২০০৫, নতুন দিল্লী: হৰ-আনন্দ বুকছ ইণ্ডিয়া ২০০৫ ISBN 978-8124102558
কবিতা সংকলন
- এনথ'লজী অৱ কনটেম্পৰাৰী ইণ্ডিয়ান পয়েট্ৰি (২০০৪), মেনকা শিৱদাসানীৰদ্বাৰা সম্পাদিত আৰু আমেৰিকাৰ বিগ ব্ৰীজৰ মাইকেল ৰোথেনবাৰ্গৰদ্বাৰা প্ৰকাশিত।
- দ্য ডান্স অৱ দ্য পিকক: এন এনথ'লজী অৱ ইংলিছ পয়েট্ৰি ফ্ৰম ইণ্ডিয়া (২০১৩), বিবেকানন্দ ঝাৰদ্বাৰা সম্পাদিত আৰু কানাডাৰ হিডেন ব্ৰুক প্ৰেছৰদ্বাৰা প্ৰকাশিত।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Profile on Katha List of Writers". Archived from the original on 2017-06-25. https://web.archive.org/web/20170625140631/https://www.katha.org/site/communities/translators/। আহৰণ কৰা হৈছে: 2026-03-22.
- ↑ "Anthology of Contemporary Indian Poetry". BigBridge.Org. http://bigbridge.org/BB17/poetry/indianpoetryanthology/Anju_Makhija.html। আহৰণ কৰা হৈছে: 9 June 2016.
- ↑ Grove, Richard. "The Dance of the Peacock:An Anthology of English Poetry from India". Hidden Brook Press, Canada. Archived from the original on 29 September 2018. https://web.archive.org/web/20180929050126/http://hiddenbrookpress.com/Book-Indo-EnglishPoetry.html.
- ↑ Press, Hidden Brook. "Hidden Brook Press". Hidden Brook Press. Archived from the original on 17 December 2014. https://web.archive.org/web/20141217053047/http://hiddenbrookpress.com/। আহৰণ কৰা হৈছে: 5 January 2015.
- ↑ "Fourth National Poetry Competition - Commendation Prize". http://indianpoetry.org/compititions4.htm.[সংযোগবিহীন উৎস]
- ↑ "The Dance of the Peacock : An Indo/English Poetry Anthology". Hidden Brook Press ( Canada ). Archived from the original on 29 September 2018. https://web.archive.org/web/20180929050126/http://hiddenbrookpress.com/Book-Indo-EnglishPoetry.html। আহৰণ কৰা হৈছে: 30 September 2019.