সমললৈ যাওক

অটল উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অটল উদ্যান

এম্ফিথিয়েটাৰৰপৰা দেখা উদ্যান
Map
ধৰণ সৰ্বজনীন উদ্যান
স্থান আদাবাৰী তিনিআলি, গুৱাহাটী, অসম, ভাৰত[1]
ওচৰৰ চহৰ গুৱাহাটী
Area ২.৬ একৰ (০.০৩২ কিমি2)
Created ২৪ ডিচেম্বৰ ২০২১ (2021-12-24)
Operated by গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA)
Open মঙলবাৰৰপৰা দেওবাৰলৈ, পুৱা ১১ বজাৰপৰা নিশা ৮ বজালৈ
Status মুক্ত

অটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই মহানগৰীৰ সৌন্দৰ্য্যবৰ্ধন কাৰ্যসূচীৰ অংশ হিচাপে ২০১৭ চনৰ শেষৰফালে এই প্ৰকল্পটো হাতত লৈছিল।[2] অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ডৰপৰা অধিগ্ৰহণ কৰা মাটিত অটল উদ্যান নিৰ্মাণ হয়। প্ৰায় ₹ ৮.৭৪ কোটি টকা ব্যয়েৰে ৮ বিঘা (২.৬ একৰ) মাটিত উদ্যানখন নিৰ্মাণ কৰা হয়।[3][1]

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্ম জয়ন্তীৰ এদিন পূৰ্বে ২০২১ চনৰ ২৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যানখন উদ্বোধন কৰে।[3]

বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]

উদ্যানখনত তলত দিয়া বৈশিষ্ট্যসমূহ আছে:[1]

  • ২৫০ জন দৰ্শকৰ ক্ষমতা থকা এম্ফিথিয়েটাৰ
  • ধ্যানশালা
  • জিৰণি লোৱাৰ বাবে কিয়স্ক
  • মুকলি আকাশৰ তলত জিমনেছিয়াম (জিমখানা)
  • শিশুৰ খেলপথাৰ
  • ফোয়াৰা
  • জাপানী উদ্যান
  • স্ক্ৰেপ আৱৰ্জনা ভাস্কৰ্য শাল
  • শিৱ মন্দিৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]