সমললৈ যাওক

অটল সেতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অটল সেতু


অটল সেতুখন মাণ্ডোভী নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
প্ৰকৃত নাম অটল সেতু
অন্যান্য নাম তৃতীয় মাণ্ডোৱী দলং
বহন কৰে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ লেন
স্থানীয় পানাজী, গোৱা, ভাৰত
তদাৰক সংস্থা গোৱা ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (GSIDC)
ডিজাইন কেবল ষ্টেড দলং
পদাৰ্থ ষ্টীল আৰু কংক্ৰীট
মুঠ দৈৰ্ঘ্য ৩,১৯০ মিটাৰ (10,470 ফুট)
প্ৰস্থ ২১ মিটাৰ (69 ফুট)[1]
উচ্চতা ৩০ মিটাৰ (98 ফুট)
Longest span ১৫০ মিটাৰ (490 ফুট)
Piers in water 4
নিৰ্মাণকৰ্তা Larsen & Toubro (L&T), DSI-Bridgecon
নিৰ্মাণ আৰম্ভ হয় 27 July 2014
নিৰ্মাণ শেষ হয় ডিচেম্বৰ ২০১৮
মুকলি ৫ ফেব্ৰুৱাৰী ২০১৯
উদ্ঘাটন ২৭ জানুৱাৰী ২০১৯
স্থানাঙ্ক 15°30′10″N 73°50′14″E / 15.5026534°N 73.83713255°E / 15.5026534; 73.83713255স্থানাংক: 15°30′10″N 73°50′14″E / 15.5026534°N 73.83713255°E / 15.5026534; 73.83713255

অটল সেতু হৈছে পানাজী আৰু পৰ্ভৰিমৰ মাজত যোৱা গোৱাৰ কেবল ষ্টেড দলং। ই মাণ্ডোভি নদীৰ জোৱাৰ-ভাটাৰ অংশৰ ওপৰেৰে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ কঢ়িয়াই লৈ ফুৰে। ইয়াৰ দৈৰ্ঘ্য ৩.২ কিলোমিটাৰ (২.০ মাইল) যাৰ ফলত ই ভাৰতৰ চতুৰ্থ দীঘলীয়া কেবল ষ্টেড দলং। দুচকীয়া, তিনিচকীয়া, ম’হৰ গাড়ীত অটল সেতু [2]ৰ উচ্চতা ৩০ মিটাৰ (৯৮ ফুট) হোৱাৰ বাবে ব্যৱহাৰ কৰা নিষিদ্ধ। ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

গোৱাৰ অন্যতম বিখ্যাত আৰু দীঘলীয়া দলং অটল সেতু। মাণ্ডোৱী নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া তৃতীয়খন দলং। প্ৰথম মাণ্ডোৱী দলং নিৰ্মাণৰ পূৰ্বে ১৯৭০ চনত মাণ্ডোৱী নদী পাৰ হৈ পানাজী আৰু বেটিম গাঁৱৰ মাজত ফেৰীখনেই আছিল মূল যাতায়াতৰ মাধ্যম। গধুৰ যাতায়াতৰ বাবে সত্তৰৰ দশকত প্ৰথমখন দলং নিৰ্মাণ কৰা হয়। ১৯৮৬ চনত প্ৰথমখন দলং ভাঙি পুনৰ নিৰ্মাণ কৰা হয়। গধুৰ পৰিবহণ যান-বাহনৰ বাবে ১৯৯৮ চনত নিৰ্মাণ কৰা হৈছিল দ্বিতীয়খন দলং। ২০১৪ চনত তৃতীয়খন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। তৃতীয়খন কেবল ষ্টেড দলং নিৰ্মাণৰ কাৰণ হৈছে বিশেষকৈ বছৰৰ শেষৰ পৰ্যটনৰ শীৰ্ষ বতৰত গধুৰ যাতায়াতৰ বাবে।[3] ২০১৯ চনৰ ২৭ জানুৱাৰীত এই দলংখন উদ্বোধন কৰা হয়।

নিৰ্মাণ

[সম্পাদনা কৰক]
দলং পাইলনৰ জোখ ৭০ মিটাৰ পৰ্যন্ত উচ্চতা।

২০১৪ চনৰ ১৪ জুনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়খন মাণ্ডোৱী দলঙৰ আধাৰশিলা স্থাপন কৰে। ২০১৯ চনৰ ২৭ জানুৱাৰীত দলংখন সম্পূৰ্ণ হৈ উন্মোচন কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে; আৰু পিছলৈ গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰে সেই সময়ত গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে থকা গোৱাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুদিন ধাৱলীকাৰৰ উপস্থিতিত। এই দলংখনৰ নাম আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে অটল ছেতু। ৫ ফেব্ৰুৱাৰীত দলংখন যান-বাহনৰ বাবে মুকলি কৰা হয়।[4]

লাৰ্চেন আৰু টৌব্ৰ' (এল এণ্ড টি)ক দলংখন নিৰ্মাণ আৰু ডিজাইনৰ বাবে ৪০৩ কোটি টকা (৪৮ মিলিয়ন মাৰ্কিন ডলাৰ)ৰ বিডত ইপিচিৰ চুক্তি প্ৰদান কৰা হয়।[5] প্ৰথম আৰু দ্বিতীয় সমান্তৰাল দলঙৰ মাজত নিৰ্মিত কেবল ষ্টেড দলং আৰু বৰ্তমানৰ দুখন দলঙতকৈ ১৫ মিটাৰ ওখ। এইখন গোৱাৰ আটাইতকৈ দীঘল দলং আৰু ভাৰতৰ তৃতীয় দীঘলীয়া কেবল ষ্টেড দলং।[6] এই দলংখন ৯০০ মিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনযুক্ত দলং যাৰ ৫৫০ মিটাৰ কেবল ষ্টে অংশ আৰু ৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভায়াডাক্ট এপ্ৰ'চ আছে।[7] মূল দলংখনৰ দৈৰ্ঘ্য ৬০০ মিটাৰ আৰু ইয়াৰ দুটা শেষৰ স্পেন ৭৫ মিটাৰ আৰু তিনিটা ভিতৰৰ স্পেন ১৫০ মিটাৰ। মূল দলঙৰ অধিগাঁথনিটো ২১ মিটাৰ বহল বাহ্যিকভাৱে ষ্ট্ৰট কৰা ছেগমেণ্টেড কংক্ৰিটৰ বক্স গাৰ্ডাৰৰ সৈতে গঠিত আৰু ইয়াৰ মাজত ২ x ৮.৫ মিটাৰ দ্বৈত কেৰেজৱে থাকে আৰু কেন্দ্ৰত ৩ মিটাৰ বহল মধ্যমা থাকে। বক্স গাৰ্ডাৰটো পাইলনত লংঘন কৰা ষ্টে কেবলৰদ্বাৰা সমৰ্থিত হয় আৰু বক্স গাৰ্ডাৰৰ তলৰপৰা চাপ দিয়া হয়। মাৰ্চেছ-অল্ড গোৱা বাইপাছ পথৰপৰা উদ্ভৱ হোৱা আন এখন উৰণীয়া সেতুই পণ্ডাৰপৰা পাঞ্জিম অভিমুখে যাতায়াতৰ বাবে মাণ্ডোভি দলঙৰ সৈতে যোগ দিয়ে।

দলংখন নিৰ্মাণৰ সংশোধিত ব্যয় আছিল ৫৫০ কোটি টকা।[8] গোৱা ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগমে (GSIDC) জনোৱা মতে দলংখন নিৰ্মাণৰ সময়ত প্ৰায় ১০ কোটি লিটাৰ পানী ৰাহি কৰা হৈছিল।[9]

বিত্তীয় দিশ

[সম্পাদনা কৰক]

আধাৰশিলা স্থাপনৰ সময়ত গোৱা চৰকাৰে দাবী কৰিছিল যে দলংখনৰ বাবে স্বতন্ত্ৰভাৱে পুঁজি যোগান ধৰা হ'ব। ২০১৫ চনৰ ৮ জুনত নাৱাৰ্ড (NABARD) আৰু নোডেল এজেন্সিৰ মাজত ৪৬২.৬ কোটি টকাৰ ঋণ চুক্তি স্বাক্ষৰিত হয়। প্ৰথম অৱস্থাত ব্যয় ৪৭০ কোটি টকা বুলি ধাৰণা কৰা হৈছিল যদিও পিছলৈ ই ৮৬০ কোটি টকালৈ বৃদ্ধি পায়। ১২বছৰীয়া পৰিশোধৰ সময়সীমাৰ সৈতে চৰকাৰে বছৰি ৪৮ কোটি টকা সুত আদায় দিব লাগে। ২০২৭ চনৰ জুন মাহৰ শেষলৈ নাৱাৰ্ডক পৰিশোধ কৰিবলগীয়া মুঠ ধনৰ পৰিমাণ হ'ব ৮৬৬.৪৪ কোটি টকা। এই দলংখন গোৱাৰ ইতিহাসৰ আটাইতকৈ ব্যয়-বহুল দলং।[10] ২০১৮ চনৰ ২০ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে দলংখনৰ ব্যয়ৰ ৫০ শতাংশ অৰ্থাৎ ৪০০ কোটি টকা আৰু সংযোগকাৰী পথৰ বাবে অতিৰিক্ত ৫০ কোটি টকা বহন কৰিব।[11]

দুৰ্ঘটনা সমূহ

[সম্পাদনা কৰক]

২০১৬ চনৰ ২৬ ডিচেম্বৰত নিৰ্মীয়মাণ দলংখনৰ এটা ৮ মিটাৰ গভীৰ উলম্ব সুৰংগত জুই লাগি এজন শ্ৰমিকৰ ৯০ শতাংশ অগ্নিদগ্ধ হৈ মৃত্যু হয়।[12] ২০১৭ চনৰ ৩০ ডিচেম্বৰত কেবল-ষ্টেইড দলংখনৰ এটা নিৰ্মীয়মাণ খুঁটাত জুই লাগে; অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছিল।[13]

যাতায়াত

[সম্পাদনা কৰক]

মাণ্ডৱী দলং গোৱাৰ আটাইতকৈ বেছি ব্যৱহৃত দলংসমূহৰ ভিতৰত অন্যতম। জি.এছ.আই.ডি.চি. (GSIDC)ৰ তথ্য অনুসৰি প্ৰতিদিনে প্ৰায় ৬৬,০০০ যান-বাহন এই দলংখনেৰে চলাচল কৰে।[14]

অত্যধিক বতাহৰ গতিবেগৰ বাবে জি.এছ.আই.ডি.চি.-য়ে অটল সেতুৰ ওপৰত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ চলাচল নিষিদ্ধ ঘোষণা কৰিছে।[15]

সমালোচনা

[সম্পাদনা কৰক]

পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ

[সম্পাদনা কৰক]

তৃতীয়খন দলঙৰ নিৰ্মাণ কাৰ্যক 'গোৱা ফাউণ্ডেচনে' প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকৰ অভিযোগ আছিল যে পৰিৱেশৰ অনুমতি অবিহনেই ইয়াৰ নিৰ্মাণ কৰা হৈছে। দলঙৰ সংযোগ পথ নিৰ্মাণৰ বাবে প্ৰায় ২৪৭জোপা মেংগ্ৰভ গছ ধ্বংস কৰা কাৰ্যকো তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল।[16] নেচনেল গ্ৰীণ ট্ৰিবুনেলৰ নিৰ্দেশত জি.এছ.আই.ডি.চি.-য়ে প্ৰস্তুত কৰা পৰিৱেশ প্ৰভাৱ মূল্যায়ন (EIA) প্ৰতিৱেদন অনুসৰি দলংখনৰ নিৰ্মাণে মেংগ্ৰভ ধ্বংস কৰিব আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলাব।

অৱশ্যে ই.আই.এ. প্ৰতিৱেদনত উল্লেখ কৰা হৈছে যে উদ্ভিদ আৰু প্ৰাণীজগতৰ কোনো ক্ষতি নহ'ব। বন বিভাগে চিনাক্ত কৰা উপযুক্ত স্থানত মেংগ্ৰভ গছ পুনৰ ৰোপণ কৰা হ'ব আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰা হ'ব।[17]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "মাণ্ডোৱী দলং". GSIDC. ২ নৱেম্বৰ ২০১৭. http://www.gsidcltd.com/project/design-and-construction-of-bridge-across-river-mandovi-at-panaji-including-approaches-on-nh-17-between-pundalik-nagar-junction-porvorim-and-merces-junction.
  2. "Last segment of river portion of Mandovi bridge joined" (en ভাষাত). oHeraldo. https://www.heraldgoa.in/Goa-News/Last-segment-of-river-portion-of-Mandovi-bridge-joined/132071.html.
  3. "New bridges necessary to handle year-end tourist traffic, says CM - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/new-bridges-necessary-to-handle-year-end-tourist-traffic-says-cm/articleshow/62273768.cms.
  4. "Vehicles on Atal Setu only from February 5 - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/vehicles-on-atal-setu-only-from-tomorrow/articleshow/67823804.cms আহৰণ কৰা হৈছে: 2019-02-05.
  5. "GSIDC to build bridge across Ourem creek" (en ভাষাত). oHeraldo. https://www.heraldgoa.in/Goa/GSIDC-to-build-bridge-across-Ourem-creek-/100689.html.
  6. ""THIRD MANDOVI BRIDGE" Goa’s biggest bridge in Making" (en ভাষাত). 2015-03-13. https://www.goaprism.com/third-mandovi-bridge-goas-biggest-bridge-in-making/.
  7. "Larsen &Toubro Limited". www.lntecc.com. Archived from the original on 2018-01-30. https://web.archive.org/web/20180130062716/http://www.lntecc.com/homepage/common/p168.htm আহৰণ কৰা হৈছে: 2017-12-30.
  8. "No major rise in cost of third Mandovi bridge project: CM" (en-US ভাষাত). The Navhind Times. http://www.navhindtimes.in/no-major-rise-in-cost-of-third-mandovi-bridge-project-cm/.
  9. "10 crore litre water saved while building cable-stayed Mandovi bridge: GSIDC - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/10cr-litre-water-saved-while-building-cable-stayed-mandovi-bridge-gsidc/articleshow/67680014.cms আহৰণ কৰা হৈছে: 2019-01-26.
  10. "New Mandovi bridge to cost almost double". The Goan. http://englishnews.thegoan.net/story.php?id=18424.
  11. "New Mandovi bridge: Centre to pay Rs 400 crore - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/new-mandovi-bridge-centre-to-pay-rs-400cr/articleshow/63388716.cms.
  12. "Man burnt to death at third Mandovi bridge site" (en ভাষাত). oHeraldo. https://www.heraldgoa.in/Goa/Man-burnt-to-death-at-third-Mandovi-bridge-site/109865.html.
  13. "Fire breaks out atop pier of 3rd Mandovi bridge, no casualties - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/fire-breaks-out-atop-pier-of-3rd-mandovi-bridge-no-casualties/articleshow/62301253.cms.
  14. "Work on new Mandovi bridge from this month - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/Work-on-new-Mandovi-bridge-from-this-month/articleshow/41374008.cms.
  15. "No two and three-wheelers on third Mandovi bridge - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/goa/no-2-3-wheelers-on-3rd-mandovi-bridge/articleshow/67495431.cms আহৰণ কৰা হৈছে: 2019-01-16.
  16. "NGT relief to govt on third Mandovi bridge continues" (en ভাষাত). oHeraldo. https://www.heraldgoa.in/Goa/NGT-relief-to-govt-on-third-Mandovi-bridge-continues/93235.html.
  17. "Mandovi bridge will destroy mangroves, to ‘a certain extent’: EIA report" (en ভাষাত). oHeraldo. https://www.heraldgoa.in/Goa/Mandovi-bridge-will-destroy-mangroves-to-%E2%80%98a-certain-extent%E2%80%99-EIA-report/121627.html.