অটোফেজি
![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |

অটোফেজি (অথবা অটোফেগোছাইটছিছ : গ্ৰীক শব্দ αὐτόφαγος ৰ পৰা আহিছে,অটফেগছ(autophagos) মানে "আত্ম-ভক্ষণ" আৰু κύτος (কাইট'ছ) মানে "ফোঁপোলা।" [1] [2] ই হৈছে কোষৰ এক প্ৰাকৃতিক, সংৰক্ষিত অবক্ষয় প্ৰক্ৰিয়া, যি লাইছ’ছোম-নিৰ্ভৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ জৰিয়তে অপ্ৰয়োজনীয় বা অক্ষম উপাদানসমূহ অপসাৰণ কৰে।[3] এই প্ৰক্ৰিয়াই কোষীয় উপাদানসমূহৰ সুশৃঙ্খল ভাঙনি আৰু পুনৰব্যৱহাৰৰ সুবিধা দিয়ে[4]।
প্ৰাথমিকভাৱে, অটোফেজীয় প্ৰক্ৰিয়া উপবাসৰ সময়ত কোষৰ সুৰক্ষাৰ বাবে হোৱা এটা আদিম অবক্ষয় পথ হিচাপে চিনাক্ত কৰা হৈছিল। কিন্তু বৰ্তমান গৱেষণাই দেখুৱাইছে যে অটোফেজিয়ে উপবাসত নথকা কোষৰ হোমিঅ’ষ্টেছিছত (স্থিতি বজাই ৰাখিবলৈ) মুখ্য ভূমিকা পালন কৰে।[5] অটোফেজিৰ ত্ৰুটিসমূহ নিউৰ’ডিজেনাৰেচন (নাৰ্ভৰ নিচিনা ৰোগ) আৰু কেঞ্চাৰৰ দৰে ৰোগৰ লগত সম্পৰ্কিত। এই ৰোগসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত অটোফেজিৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ ওপৰত সম্প্ৰতি বিশেষ আগ্ৰহ বৃদ্ধি পাইছে।[5][6]
অটোফেজিৰ চাৰিটা প্ৰকাৰ চিনাক্ত কৰা হৈছে:
মেক্ৰ’অটোফেজি: এইটো অটোফেজিৰ আটাইতকৈ বিশদভাৱে অধ্যয়ন কৰা প্ৰকাৰ। ইয়াত চাইটোপ্লাজমিক উপাদানসমূহ (যেনে, মাইটোকণ্ড্ৰিয়া) অটোফেগছোম নামৰ ডাবল-মেমব্ৰেনযুক্ত ভেছিকলৰ ভিতৰত কোষৰ পৰা বিচ্ছিন্ন কৰা হয়। এই ভেছিকলবোৰ পিছত লাইছ’ছোমৰ সৈতে মিশ্ৰণ হৈ বৰ্জ্যসমূহ পৰিষ্কাৰ কৰে আৰু পুনৰব্যৱহাৰযোগ্য উপাদান প্ৰস্তুত কৰে।
মাইক্ৰ’অটোফেজি: ই কোষৰ ক্ষুদ্ৰ উপাদানসমূহ সৰলভাৱে ভাঙি পুনৰব্যৱহাৰ কৰে।
চেপেৰোন-মিডিয়েটেড অটোফেজি (CMA): এই প্ৰক্ৰিয়াই বিশেষ চেপেৰোন প্ৰ’টিনৰ সহায়ত উপাদানসমূহ বিচ্ছিন্ন কৰে।
ক্ৰিনোফ্যাজি: এইটো আটাইতকৈ কম অধ্যয়ন কৰা প্ৰক্ৰিয়া, য'ত অপ্ৰয়োজনীয় সিক্ৰেটৰী গ্ৰেনুলবোৰক ভাঙি পুনৰব্যৱহাৰ কৰা হয়।
কেতিয়াবা অটোফেজিয়ে কোষক মানসিক চাপৰ পৰা সুৰক্ষা দি তাক জীয়াই থাকিবলৈ সহায় কৰে। আনফালে, কেতিয়াবা ই কোষৰ মৃত্যু আৰু অসুখ বৃদ্ধি কৰাও দেখা যায়। উপবাসৰ সময়ত, কোষীয় উপাদানসমূহৰ ভাঙনিয়ে কোষৰ শক্তি স্তৰ বজাই ৰাখি কোষৰ জীৱনধাৰণত সহায় কৰে।
"অটোফেজি" শব্দটো ১৯শ শতিকাৰ পৰা ব্যৱহৃত হৈ আহিছে। এই শব্দটো বেলজিয়ান জৈৱ ৰসায়নবিদ ক্ৰিশ্চিয়ান ডি ডুভ-এ ১৯৬৩ চনত প্ৰচলন কৰিছিল। ১৯৯০ চনত ইষ্টত (ইষ্ট প্ৰজাতি) অটোফেজি-সম্পৰ্কিত জিনৰ চিনাক্তকৰণে গৱেষকসকলক এই প্ৰক্ৰিয়াৰ মেকানিজম বুজিবলৈ সহায় কৰিছিল। ২০১৬ চনত জাপানী গৱেষক ইয়োশিন’ৰি ওহছুমি-য়ে এই গৱেষণাৰ বাবে ফিজিঅ’লজী বা মেডিচিনত ন’বেল বঁটা লাভ কৰে।
ইতিহাস
[সম্পাদনা কৰক]কিথ আৰ প’ৰ্টাৰ আৰু তেওঁৰ ছাত্ৰ থমাছ এছফৰ্ডে ৰকফেলাৰ ইনষ্টিটিউটত প্ৰথমবাৰৰ বাবে অটোফেজি পৰ্যবেক্ষণ কৰে। ১৯৬২ চনৰ জানুৱাৰীত তেওঁলোকে লক্ষ্য কৰিছিল যে গ্লুকাগন যোগ দিলে এন্দুৰৰ যকৃতৰ কোষত লাইছ’ছমৰ সংখ্যা বৃদ্ধি পায় আৰু কেন্দ্ৰৰ ফালে স্থানান্তৰিত কিছু লাইছ'ছম কোষত মাইটোকণ্ড্ৰিয়াৰ দৰে কিছুমান অংগাণু থাকে। তেওঁলোকে এই প্ৰক্ৰিয়াটোক খ্ৰীষ্টিয়ান ডি ডুভ আৰু এলেক্স বি. নভিকফৰ পৰা অনুপ্ৰাণিত হৈ "অটোলাইছিছ" বুলি অভিহিত কৰিছিল। অৱশ্যে, প’ৰ্টাৰ আৰু এছফৰ্ডে ইয়াক লাইছ’ছমৰ গঠন বুলি ভুলকৈ ব্যাখ্যা কৰিছিল ( পূৰ্বৰে পৰা থকা অংগাণুক উপেক্ষা কৰি)। তেওঁলোকৰ মতে লাইছ’ছম কোনো কোষৰ অংগাণু নহয়, ই মাইটোকণ্ড্ৰিয়াৰ দৰেই চাইট’প্লাজমৰ এটা অংশ আৰু সেই হাইড্ৰ'লাইটিক এনজাইমবোৰ মাইক্ৰ’বডিৰ দ্বাৰা উৎপন্ন হয়।[7] ১৯৬৩ চনত হ্ৰুবান, স্পাৰ্গো আৰু তেওঁলোকৰ সহকৰ্মীয়ে "ফোকেল চাইট’প্লাজমিক অৱক্ষয়"( Focal Cytoplasmic Degradation) ৰ এটা বিৱৰণ প্ৰকাশ কৰিছিল, য’ত ১৯৫৫ চনৰ এটা জাৰ্মান অধ্যয়নৰ উদ্ধৃতি দিয়া হৈছিল। হ্ৰুবান আৰু স্পাৰ্গ’ই তিনিটা ক্ৰমাগত পৰ্যায়ৰ বিৱৰণ দিছিল য’ত চাইট’প্লাজমৰ পৃথক অংশবোৰ লাইছ’ছমত ৰূপান্তৰিত হৈছিল। তেওঁলোকে স্বীকৃতি দিছিল যে এই প্ৰক্ৰিয়া কেৱল যে আঘাতৰ বাবে ঘটে তেনে নহয়, বৰং জীৱকোষৰ ব্যৱহাৰ বা অৱক্ষয়ৰ বাবে ঘটা ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া।[8]
এই আৱিষ্কাৰৰ পৰা অনুপ্ৰাণিত হৈ, ডি ডুভে এই প্ৰপঞ্চটোক "অটোফেজি" বুলি নামকৰণ কৰিছিল। প’ৰ্টাৰ আৰু এছফৰ্ডৰ বিপৰীতে, ডি ডুভে গ্লুকাগনক যকৃতৰ কোষৰ অপঘাটনৰ এটা মুখ্য উদ্দীপক বুলি বৰ্ণনা কৰিছিল। তেওঁৰ ছাত্ৰ ৰাছেল ডেটাৰৰ সৈতে তেওঁ প্ৰমাণ কৰিছিল যে লাইছ’ছম গ্লুকাগন-প্ৰেৰিত অটোফেজিৰ বাবে উত্তৰদায়ী। এইটোৱেই আছিল লাইছ’ছমক কোষৰ ভিতৰৰ অটোফেজিৰ স্থান হিচাপে স্বীকৃতি দিয়াৰ প্ৰথম উদাহৰণ।[9][10][11][12]
১৯৯০ চনত বিজ্ঞানীৰ কেইবাটাও দলে স্বাধীনভাৱে অংকুৰিত ভেঁকুৰ ব্যৱহাৰ কৰি অটোফেজি-সম্পৰ্কীয় জিন আৱিষ্কাৰ কৰিছিল। বিশেষকৈ, ইয়োশিনোৰি ওহছুমি আৰু মাইকেল থাম-এ উপবাস-আৱেশিত অনিৰ্বাচিত অটোফেজি পৰীক্ষা কৰিছিল; এই সময়তে, ডেনিয়েল জে. ক্লিয়নস্কি-এ চাইট’প্লাজম-টু-ভেকুৱল টাৰ্গেটিং (CVT) পথ আৱিষ্কাৰ কৰিছিল, যি হৈছে এক বিশেষ ধৰণৰ নিৰ্বাচিত অটোফেজি। তেওঁলোকে তৎক্ষণাৎ উপলব্ধি কৰিছিল যে তেওঁলোকৰ পৰীক্ষাৰ পথ মূলতঃ একেটাই, কেৱল তাৰ বিৱৰণ পৃথক-পৃথক দৃষ্টিকোণৰ পৰা দিয়া হৈছে।[13][14]
প্ৰাথমিকভাৱে, এই গোট আৰু অন্য ভেঁকুৰ বিজ্ঞানীৰ দলৰ দ্বাৰা আৱিষ্কৃত জিনসমূহৰ বিভিন্ন নাম দিয়া হৈছিল (যেনে APG, AUT, CVT, GSA, PAG, PAZ, আৰু PDD)। ২০০৩ চনত ভেঁকুৰ বিজ্ঞানীৰ দলে অটোফেজি জিন চিহ্নিত কৰিবলৈ "ATG" (Autophagy Genes) নাম ব্যৱহাৰ কৰাৰ বাবে এটা ঐক্যবদ্ধ নামপদ্ধতি গ্ৰহণৰ পৰামৰ্শ দিয়ে।[15]]
২০১৬ চনত ফিজিঅ’লজী বা মেডিচিনত ন’বেল বঁটা ইয়োশিনোৰি ওহছুমিক প্ৰদান কৰা হয়,[16] যদিও কিছুমানৰ মতে এই বঁটা আন কেইবাজনো বিজ্ঞানীয়ে পোৱা উচিত আছিল। অটোফেজি গবেষণাৰ কাম-কাজ একবিংশ শতিকাৰ আৰম্ভণিতে তীব্ৰ গতিত বৃদ্ধি পায়। ATG জিনসমূহৰ বিষয়ে লাভ কৰা জ্ঞানৰ সহায়ত বিজ্ঞানীসকলে মানৱ স্বাস্থ্য আৰু ৰোগত অটোফেজিৰ কাৰ্যবোৰ পৰ্যবেক্ষণ কৰিবলৈ অধিক সুবিধাজনক উপায় বিচাৰি পালে। ১৯৯৯ চনত বেথ লেভিনৰ দলে অটোফেজি আৰু কেঞ্চাৰৰ সৈতে সংযোগ স্থাপন কৰা এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ প্ৰকাশ কৰে।[17] এতিয়ালৈকে, কেঞ্চাৰ আৰু অটোফেজিৰ মাজৰ সম্পৰ্ক অটোফেজি গৱেষণাৰ এটা মুখ্য বিষয় হৈ আহিছে। নিউৰোডিজেনাৰেশ্বন আৰু ৰোগ-প্ৰতিৰোধত থকা অটোফেজিৰ ভূমিকাইও যথেষ্ট গুৰুত্ব লাভ কৰিছে। ২০০৩ চনত, অটোফেজিৰ ওপৰত প্ৰথম গৰ্ডন ৰিছাৰ্ছ কনফাৰেন্স ৱাটাৰভিলেত অনুষ্ঠিত হৈছিল।[18] ২০০৫ চনত, ডেনিয়েল জে. ক্লিয়নস্কিয়ে অটোফেজি(Autophagy) নামৰ এখনি বিজ্ঞান সাময়িকী আৰম্ভ কৰে। ২০০৭ চনত মণ্টেৰেই-ত অটোফেজিৰ বিষয়ে প্ৰথম কীষ্ট'ন চিম্পচিয়া(Keystone Symposia) অনুষ্ঠিত হয়।[19]
২০০৮ চনত, কেৰ’ল এ. মাৰ্চাৰ-এ BHMT ফিউজন প্ৰ’টিন (GST-BHMT) সৃষ্টি কৰে, যি কোষৰ ভিতৰত উপবাসৰ ফলত নিৰ্দিষ্ট স্থানত হোৱা কোষ বিভাজন দেখুৱায়। বেটেইন হোম’ছিষ্টেইন মেথাইলট্ৰান্সফাৰেজ (BHMT) এটা মেটাবলিক এনজাইম আৰু ইয়াৰ ক্ষয়ীকৰণৰ সহায়ত স্তন্যপায়ী কোষত অটোফেজিৰ পৰিৱৰ্তন জুখিব পৰা গৈছিল।
মেক্ৰ’অটোফেজি, মাইক্ৰ’অটোফেজি, আৰু চেপাৰ’ণ-মিডিয়েটেড অটোফেজি ATG জিন আৰু ইয়াৰ সংশ্লিষ্ট এনজাইমসমূহৰ দ্বাৰা নিৰ্ধাৰিত।[20][21][22] মেক্ৰ’অটোফেজিক এনজাইমবোৰ থূপ আৰু নিৰ্বাচনক্ষম অটোফেজিত বিভক্ত। নিৰ্বাচনক্ষম অটোফেজিত অংগাণুবোৰৰ বিশেষ অটোফেজি থাকে, যেনে মাইটফেজি (Mitophagy), লিপোফেজি (Lipophagy), পেক্সফেজি (Pexophagy), ক্ল’ৰ’ফেজি (Chlorophagy), ৰিব’ফেজি (Ribophagy) আদি।[23] [24][25] [26] [27]
মেক্ৰঅটোফেজি হৈছে ক্ষতিগ্ৰস্ত কোষৰ অৰ্গানেল বা অব্যৱহৃত প্ৰ'টিনসমূহ নিৰ্মূল কৰিবলৈ ব্যৱহৃত প্ৰধান উপায়।[27] প্ৰথমে ফেগ'ফ'ৰে ক্ষয় কৰিবলগীয়া নিৰ্দিষ্ট সামগ্ৰীটো আৱৰি ধৰে, যাৰ ফলত অটোফেগ'জ'ম নামৰ এখন ডাবল আচ্ছাদনৰ গঠন হয়। এই আচ্ছাদনে বিনাশৰ বাবে চিহ্নিত অৰ্গানেলটোক ধৰি ৰাখে।[21][28] অটোফেগ'জ’মটো কোষৰ চাইট'প্লাজমৰ মাজেৰে গতি কৰি স্তন্যপায়ী প্ৰাণীৰ লাইছ’ছোম বা ইষ্ট আৰু উদ্ভিদৰ ভেকুৱ'ললৈ যায়,[29][43] আৰু এই দুই অৰ্গানেল মিলি যায়।[21] Within the lysosome/vacuole, the contents of the autophagosome are degraded via acidic lysosomal hydrolase.[30] লাইছ’ছোম বা ভেকুৱ'লৰ ভিতৰত অটোফেগ'জ’মৰ পদাৰ্থখিনি এছিডিক লাইছ’ছোমাল হাইড্ৰ'লেচৰ মাধ্যমত অৱনমিত হয়।
মাইক্ৰঅটোফেজিৰ ক্ষেত্ৰত চাইট'প্লাজমিক সামগ্ৰীটো পোনপটীয়াকৈ লাইছ’ছোমত সন্নিবিষ্ট হয়।[31] এই প্ৰক্ৰিয়া লাইছ’ছোমেল আচ্ছাদন ভিতৰলৈ ভাঁজ লাগি (ইনভাজিনেচন) বা কোষীয় বহি:প্ৰসাৰণৰ দ্বাৰা সংঘটিত হয়।[28]
চেপাৰ'ন-মেডিয়েটেড অটোফেজি (CMA) হৈছে এক জটিল আৰু সুনিৰ্দিষ্ট পথ, য'ত hsc70 সম্বলিত কমপ্লেক্সৰ দ্বাৰা স্বীকৃতি জড়িত।[28][32] ইয়াৰ অৰ্থ হৈছে প্ৰ'টিনটোত hsc70 কমপ্লেক্সৰ স্বীকৃতিৰ স্থান থাকিব লাগিব, যি ইয়াক চেপাৰ'নটোৰ সৈতে জড়িত কৰি CMA-ৰ চাবষ্ট্ৰেট/চেপাৰ'ন কমপ্লেক্স গঠন কৰে।[30] এই কমপ্লেক্সটো লাইছ’ছোমেল মেমব্ৰেন-বাউণ্ড প্ৰ'টিনৰ ওচৰলৈ গতি কৰে, যি CMA ৰিছেপ্টৰৰ সৈতে জড়িত হয়। চিনাক্তকৰণৰ পাছত চাবষ্ট্ৰেট প্ৰ'টিনটো ভাঁজ মুক্ত হয় আৰু লাইছ’ছোমেল hsc70 চেপাৰ'নৰ সহায়ত লাইছ’ছোম আচ্ছাদন পাৰ হৈ যায়।[20][21] CMA বাকীবোৰ অটোফেজিৰ পৰা বেলেগ, কাৰণ ই প্ৰ'টিন সামগ্ৰীবোৰ এটা এটাকৈ স্থানান্তৰ কৰে, আৰু লাইছ'ছোমৰ বাধা অতিক্ৰমি যাবলগীয়া পদাৰ্থবোৰৰ নিৰ্বাচনত বিশেষ গুৰুত্ব দিয়ে।[27]
মিট’ফেজি হৈছে মাইটোকণ্ড্ৰিয়াৰ নিৰ্বাচিত অপসাৰণ। সাধাৰণতে ক্ষতি বা চাপৰ পাছত,ক্ষতিগ্ৰস্ত/ ত্ৰুটিযুক্ত মাইটোকণ্ড্ৰিয়াৰ ক্ষেত্ৰত ই সংঘটিত হয়। মিট’ফেজিয়ে মাইটোকণ্ড্ৰিয়াৰ পৰিমাণ বৃদ্ধি কৰে আৰু অক্ষম মাইটোকণ্ড্ৰিয়াৰ সঞ্চয় ৰোধ কৰি কোষীয় ক্ষয় ৰোধ কৰে। ইয়াৰ নিয়ন্ত্ৰণ Atg32 (ইষ্টত) আৰু NIX আৰু ইয়াৰ নিয়ামক BNIP3 (প্ৰাণীৰ ক্ষেত্ৰত) দ্বাৰা হয়। মিট’ফেজি PINK1 আৰু পাৰ্কিন প্ৰ'টিনৰ দ্বাৰা নিয়ন্ত্ৰিত। মিট’ফেজি সংঘটন কেৱল ক্ষতিগ্ৰস্ত মাইটোকণ্ড্ৰিয়াতে সীমাবদ্ধ নহয়, ই সুস্থ মাইটোকণ্ড্ৰিয়াৰ ক্ষেত্ৰতো ঘটে।[22]
লিপ’ফেজি হৈছে লিপিডৰ অপসাৰণৰ এক প্ৰক্ৰিয়া, যি প্ৰাণী আৰু ভেঁকুৰৰ কোষৰ ক্ষেত্ৰত উপস্থিত[33][34]। উদ্ভিদৰ কোষত লিপ’ফেজিৰ ভূমিকা এতিয়াও জানিব পৰা হোৱা নাই।[35] লিপ’ফেজিৰ ক্ষেত্ৰত লক্ষ্যবস্তু হৈছে লিপিড ড্ৰপলেটস (LDs)। প্ৰাণীৰ কোষত, মূল লিপ’ফেজিক পথ হৈছে মেক্ৰ'অটোফেজিৰ জৰিয়তে LDs আবৃত কৰা। আনহাতে, ভেঁকুৰ কোষত মাইক্ৰ'প্লিপ’ফেজি প্ৰধান পথ[36]। ২০০৯ চনত লিপ’ফ্যাজি প্ৰথমে আৱিষ্কৃত হৈছিল।[37]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "αὐτό-φαγος". tufts.eduA Greek–English Lexicon. https://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.04.0057%3Aentry%3Dau)tofa%2Fgos। আহৰণ কৰা হৈছে: 6 September 2018.
- ↑ "κύτος". tufts.eduA Greek–English Lexicon. https://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.04.0057%3Aentry%3Dku%2Ftos। আহৰণ কৰা হৈছে: 6 September 2018.
- ↑ "Autophagy revisited: a conversation with Christian de Duve". Autophagy খণ্ড 4 (6): 740–3. August 2008. doi:10.4161/auto.6398. PMID 18567941.
- ↑ "Autophagy: renovation of cells and tissues". Cell খণ্ড 147 (4): 728–41. November 2011. doi:10.1016/j.cell.2011.10.026. PMID 22078875.
- ↑ 5.0 5.1 "Autophagy Induction as a Therapeutic Strategy for Neurodegenerative Diseases". Journal of Molecular Biology খণ্ড 432 (8): 2799–2821. April 2020. doi:10.1016/j.jmb.2019.12.035. PMID 31887286. https://www.repository.cam.ac.uk/handle/1810/299796.
- ↑ "Targeting autophagy in cancer". Nature Reviews. Cancer খণ্ড 17 (9): 528–542. September 2017. doi:10.1038/nrc.2017.53. PMID 28751651.
- ↑ "Cytoplasmic components in hepatic cell lysosomes". The Journal of Cell Biology খণ্ড 12 (1): 198–202. January 1962. doi:10.1083/jcb.12.1.198. PMID 13862833.
- ↑ "Focal cytoplasmic degradation". The American Journal of Pathology খণ্ড 42 (6): 657–83. June 1963. PMID 13955261.
- ↑ "Participation of lysosomes in cellular autophagy induced in rat liver by glucagon". The Journal of Cell Biology খণ্ড 35 (2): C11–6. November 1967. doi:10.1083/jcb.35.2.c11. PMID 6055998.
- ↑ "Influence of glucagon, an inducer of cellular autophagy, on some physical properties of rat liver lysosomes". The Journal of Cell Biology খণ্ড 33 (2): 437–49. May 1967. doi:10.1083/jcb.33.2.437. PMID 4292315.
- ↑ "Lysosomes revisited". European Journal of Biochemistry খণ্ড 137 (3): 391–7. December 1983. doi:10.1111/j.1432-1033.1983.tb07841.x. PMID 6319122.
- ↑ "Historical overview of autophagy". Autophagy and Cancer. Springer. 2013. পৃষ্ঠা. 3–4. ISBN 978-1-4614-6561-4. https://books.google.com/books?id=nXpDAAAAQBAJ.
- ↑ "Genetic and phenotypic overlap between autophagy and the cytoplasm to vacuole protein targeting pathway". The Journal of Biological Chemistry খণ্ড 271 (30): 17621–4. July 1996. doi:10.1074/jbc.271.30.17621. PMID 8663607.
- ↑ "Cytoplasm-to-vacuole targeting and autophagy employ the same machinery to deliver proteins to the yeast vacuole". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 93 (22): 12304–8. October 1996. doi:10.1073/pnas.93.22.12304. PMID 8901576.
- ↑ "A unified nomenclature for yeast autophagy-related genes". Developmental Cell খণ্ড 5 (4): 539–45. October 2003. doi:10.1016/s1534-5807(03)00296-x. PMID 14536056. https://www.rug.nl/research/portal/en/publications/a-unified-nomenclature-for-yeast-autophagyrelated-genes(221542fb-cff5-4604-a588-49ee7a7c84fb).html.
- ↑ "Medicine Nobel for research on how cells 'eat themselves'". Nature খণ্ড 538 (7623): 18–19. October 2016. doi:10.1038/nature.2016.20721. PMID 27708326.
- ↑ "Induction of autophagy and inhibition of tumorigenesis by beclin 1". Nature খণ্ড 402 (6762): 672–6. December 1999. doi:10.1038/45257. PMID 10604474.
- ↑ "Autophagy in Stress, Development & Disease". Gordon Research Conference. 2003. https://www.grc.org/programs.aspx?id=10449.
- ↑ "Autophagy in Health and Disease (Z3)". Keystone Symposia on Molecular and Cellular Biology. 2007. Archived from the original on 2018-11-16. https://web.archive.org/web/20181116085631/http://www.keystonesymposia.org/index.cfm?e=web.Meeting.Program&meetingid=838। আহৰণ কৰা হৈছে: 2016-10-04.
- ↑ 20.0 20.1 "Autophagy, mitochondria and oxidative stress: cross-talk and redox signalling". The Biochemical Journal খণ্ড 441 (2): 523–40. January 2012. doi:10.1042/BJ20111451. PMID 22187934.
- ↑ 21.0 21.1 21.2 21.3 "Autophagosome formation in mammalian cells". Cell Structure and Function খণ্ড 27 (6): 421–9. December 2002. doi:10.1247/csf.27.421. PMID 12576635.
- ↑ 22.0 22.1 "Mechanisms of mitophagy". Nature Reviews Molecular Cell Biology খণ্ড 12 (1): 9–14. January 2011. doi:10.1038/nrm3028. PMID 21179058.
- ↑ "Mitophagy: mechanisms, pathophysiological roles, and analysis". Biological Chemistry খণ্ড 393 (7): 547–64. July 2012. doi:10.1515/hsz-2012-0119. PMID 22944659.
- ↑ "Pexophagy: the selective degradation of peroxisomes". International Journal of Cell Biology খণ্ড 2012: 512721. 2012. doi:10.1155/2012/512721. PMID 22536249.
- ↑ "Chlorophagy: Preventing sunburn". Nature Plants খণ্ড 3 (3): 17026. March 2017. doi:10.1038/nplants.2017.26. PMID 28248315.
- ↑ "Systematic analysis of ribophagy in human cells reveals bystander flux during selective autophagy". Nature Cell Biology খণ্ড 20 (2): 135–143. February 2018. doi:10.1038/s41556-017-0007-x. PMID 29230017.
- ↑ 27.0 27.1 27.2 "Autophagy in immunity and inflammation". Nature খণ্ড 469 (7330): 323–35. January 2011. doi:10.1038/nature09782. PMID 21248839.
- ↑ 28.0 28.1 28.2 "Lysosomal pathways to cell death and their therapeutic applications". Experimental Cell Research খণ্ড 318 (11): 1245–51. July 2012. doi:10.1016/j.yexcr.2012.03.005. PMID 22465226.[সংযোগবিহীন উৎস]
- ↑ "Variations on a theme: plant autophagy in comparison to yeast and mammals". Protoplasma খণ্ড 249 (2): 285–99. April 2012. doi:10.1007/s00709-011-0296-z. PMID 21660427.
- ↑ 30.0 30.1 "List of autophagy-related proteins and 3D structures". Autophagy Database খণ্ড 290. 2011. http://tp-apg.genes.nig.ac.jp/autophagy/list/GeneList.html। আহৰণ কৰা হৈছে: 2012-10-08.
- ↑ "The Discovery of Lysosomes and Autophagy". Nature Education খণ্ড 3 (9): 49. 2010. https://www.nature.com/scitable/topicpage/the-discovery-of-lysosomes-and-autophagy-14199828.
- ↑ "The chaperone-mediated autophagy receptor organizes in dynamic protein complexes at the lysosomal membrane". Molecular and Cellular Biology খণ্ড 28 (18): 5747–63. September 2008. doi:10.1128/MCB.02070-07. PMID 18644871.
- ↑ "Regulation of lipid stores and metabolism by lipophagy". Cell Death and Differentiation খণ্ড 20 (1): 3–11. January 2013. doi:10.1038/cdd.2012.63. PMID 22595754.
- ↑ "Autophagy, lipophagy and lysosomal lipid storage disorders". Biochimica et Biophysica Acta (BBA) - Molecular and Cell Biology of Lipids খণ্ড 1861 (4): 269–84. April 2016. doi:10.1016/j.bbalip.2016.01.006. PMID 26778751.
- ↑ "Autophagy in turnover of lipid stores: trans-kingdom comparison". Journal of Experimental Botany খণ্ড 69 (6): 1301–1311. March 2018. doi:10.1093/jxb/erx433. PMID 29309625.
- ↑ "Lipid droplet autophagy in the yeast Saccharomyces cerevisiae". Molecular Biology of the Cell খণ্ড 25 (2): 290–301. January 2014. doi:10.1091/mbc.E13-08-0448. PMID 24258026.
- ↑ "Autophagy regulates lipid metabolism". Nature খণ্ড 458 (7242): 1131–5. April 2009. doi:10.1038/nature07976. PMID 19339967.