সমললৈ যাওক

অট্টোমান আৰু ছাফাভিদ সাম্ৰাজ্যৰ মাজত থকা কুটনৈতিক সম্পৰ্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৬৬১ চনত পাৰস্য আৰু অট্টোমান সাম্ৰাজ্য।

অট্টোমান আৰু ছাফাভিদ সাম্ৰাজ্যৰ মাজত থকা কূটনৈতিক সম্পৰ্ক ষোড়শ শতিকাৰ আৰম্ভণিতে ইৰাণ (পাৰস্য)ত ছাফাৱী সাম্ৰাজ্য প্ৰতিষ্ঠাৰপৰাই অট্টোমান-ছাফাৱী সম্পৰ্কৰ ইতিহাস আৰম্ভ হৈছিল। প্ৰাৰম্ভিক অট্টোমান-ছাফাৱী বা ছাফাভিদ সংঘাত ১৫১৪ চনত চালদিৰাণৰ যুদ্ধত শিখৰত উপনীত হয় আৰু সীমান্তৰ সংঘৰ্ষ এশ বছৰ ধৰি চলি থাকে। ১৬৩৯ চনত ছাফাৱী আৰু অট্টোমান সাম্ৰাজ্যই জুহাব সন্ধিত স্বাক্ষৰ কৰে, য’ত ইৰাকৰ ওপৰত অট্টোমান নিয়ন্ত্ৰণ স্বীকৃতি দিয়া হয় আৰু ককেছাছ অঞ্চলক নিশ্চিতভাৱে দুয়োৰে মাজত বিভক্ত কৰা হয়। বহু দিশৰপৰা জুহাব সন্ধি আছিল প্ৰায় এশ বছৰ আগতে স্বাক্ষৰিত অমাছিয়াৰ শান্তি চুক্তিৰ শক্তিশালীকৰণ।[1]

১৮ শতিকালৈকে ছিয়া ইছলামৰ ছাফাভিদ সংস্কৰণ আৰু চুন্নী ইছলামৰ অট্টোমান তুৰ্কী সংস্কৰণৰ মাজৰ সংঘাত এই দুখন প্ৰধান সাম্ৰাজ্যৰ মাজৰ সংঘাতপূৰ্ণ সম্পৰ্কৰ এক উল্লেখযোগ্য দিশ হৈয়েই আছিল।[2] ১৮ শতিকাৰ আৰম্ভণিতে পাৰ্চী-অট্টোমান শান্তি আলোচনাই আন্তঃমুছলমান সম্পৰ্কৰ নতুন ধাৰণা প্ৰৱৰ্তন কৰে, যাৰ অধীনত সাৰ্বভৌম ৰাষ্ট্ৰসমূহে ইছলামিক বিশ্ব সম্প্ৰদায়ৰ স্বায়ত্তশাসিত অংশ হিচাপে সহাৱস্থান কৰিব পাৰে। [3] কিন্তু পৰৱৰ্তী সম্পৰ্কসমূহ পাৰস্পৰিক দুৰ্বলতা আৰু অনাস্থাৰ ভয়ৰদ্বাৰা পৰিচালিত হৈছিল, ১৮৪৭ চনত কাজাৰ ইৰাণ আৰু অট্টোমান সাম্ৰাজ্যই এৰজুৰুমৰ ঐতিহাসিক শান্তি চুক্তিত সন্মতি প্ৰকাশ কৰে, যিয়ে শতিকাজুৰি চলি থকা প্ৰতিদ্বন্দ্বিতাৰ পিছত শান্তিৰ শতিকাৰ সূচনা কৰে।

প্ৰতিদ্বন্দ্বিতাৰ উত্থান: ১৬ শতিকা

[সম্পাদনা কৰক]
ছাফাৱী ইৰাণৰ সৈতে অট্টোমান সীমান্তত দুৰ্গ নিৰ্মাণ; ছেইয়িদ লোকমানৰদ্বাৰা ৰচিত দ্য হিষ্ট্ৰী অৱ চুলতান চুলেইমান দ্য মেগনিফিচেণ্টৰপৰা। এই পাৰ্চী পাণ্ডুলিপিখন ১৫৭৯ চনত কনষ্টেণ্টিনোপলত (বৰ্তমানৰ ইস্তানবুল) প্ৰস্তুত কৰা হৈছিল।

ধৰ্মৰ ভূমিকা

[সম্পাদনা কৰক]

ইছলামে অট্টোমান আৰু ছাফাৱী (ছাফাভিদ) সম্পৰ্ক নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছাফাৱী আৰু অট্টোমান দুয়োখনেই নিজৰ শাসনক ন্যায্যতা প্ৰদান কৰিবলৈ ইছলামৰ সৈতে থকা সম্পৰ্কৰ উদাহৰণ দিছিল। কিন্তু ইছলামিক আইনত মুছলমানসকলে নিজৰ মাজত যুদ্ধ চলাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিহে কোনো পৱিত্ৰ আইন বলবৎ কৰাৰ বা ইয়াৰ উলংঘা ৰোধ কৰিবলৈ ধৰ্মীয় প্ৰয়োজনীয়তা নাথাকে।[4]এইদৰে এটা শক্তিয়ে যদি আন এটা শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে তেন্তে ইয়াৰ ধৰ্মীয় ন্যায্যতা প্ৰমাণ কৰিব লাগিছিল। ১৫০০ চনৰ আৰম্ভণিতে অট্টোমান চুলতান চেলিম প্ৰথমে এনে ধৰ্মীয় ন্যায্যতা বিচাৰিছিল। অট্টোমান ধৰ্মীয় পণ্ডিত আৰু বিষয়াসকলে তেওঁৰ শিক্ষাক পাষণ্ড বুলি গণ্য কৰি তৎক্ষণাত প্ৰথম শ্বাহ ইছমাইল আৰু তেওঁৰ অনুগামীসকলক ইছলামৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰে। ফলত প্ৰথম চেলিমে কনষ্টেণ্টিনোপল আৰু সমগ্ৰ অট্টোমান সাম্ৰাজ্যত প্ৰথম শ্বাহ ইছমাইলৰ যিকোনো সমৰ্থকক মৃত্যুদণ্ডৰ নিৰ্দেশ দি আদেশ জাৰি কৰে। [5]

অট্টোমান সাম্ৰাজ্যত ছাফাভিদৰ ভাবুকি

[সম্পাদনা কৰক]
ছাফাৱী ইৰাণৰ মানচিত্ৰ। ১৬৩৯ চনত স্থায়ীভাৱে অট্টোমান শাসনৰ অধীনলৈ অহা মেছ’পটেমিয়াৰ অঞ্চলটো ছায়াছন্ন কৰি দিয়া হৈছে।


ছাফাৱীসকলৰ প্ৰতি প্ৰথম চেলিমৰ কঠোৰ সঁহাৰিয়ে অট্টোমান সাম্ৰাজ্যই সৃষ্টি কৰা ভাবুকিৰ প্ৰতি তেওঁৰ সচেতনতাক প্ৰতিফলিত কৰিছিল। ১৫০৭ চনত প্ৰথম ইছমাইলে আনাতোলিয়া আক্ৰমণ কৰে, যাৰ ফলত নতুনকৈ গঠিত ছাফাৱীসকলৰ ভাবুকি আৰু অধিক ভয়াবহ হৈ পৰে। ১৫১১ চনৰ শ্বাহ কুলু বিদ্ৰোহৰ সময়ত আনাতোলিয়াত ছিয়া সম্প্ৰদায়ৰ বিদ্ৰোহে চেলিমৰ অভ্যন্তৰীণ বিদ্ৰোহৰ আশংকা আৰু অধিক শক্তিশালী কৰি তুলিছিল। [5] ছিয়া সংস্কৃতিৰ সৈতে মিলি এই বিদ্ৰোহবোৰে শ্বাহ ইছমাইল আৰু ছাফাৱীসকলক প্ৰভাবিত কৰি থাকিল। চেলিমে ছাফাৱীসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা কৌশলৰ দৰেই একে ব্যৱহাৰ কৰিছিল আৰু বিদ্ৰোহ দমন কৰিবলৈ নিজৰ সৈন্যবাহিনী পঠিয়াইছিল।

বাণিজ্য নিষেধাজ্ঞা

[সম্পাদনা কৰক]

অট্টোমান শাসকসকলে নিজৰ পূবৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আধিপত্য স্থাপনৰ বাবে ছাফাৱী সাম্ৰাজ্যৰ বিৰুদ্ধে সঘনাই বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিছিল। ১৫১৪ চনত চালদিৰাণৰ যুদ্ধত অট্টোমানসকলে ছাফাৱীসকলৰ বিৰুদ্ধে চূড়ান্ত বিজয়ৰ ফলত এছিয়া মাইনৰত অট্টোমান শাসন প্ৰতিষ্ঠা হয়।[6] ছাফাৱী ভূ-খণ্ড আক্ৰমণ কৰি বাগদাদ দখল কৰাৰ উপৰি প্ৰথম চেলিমে ছাফাৱী ৰেচমৰ ব্যৱসায়ীসকলৰ বাবে বাণিজ্যিক পথ বন্ধ কৰি দিছিল আৰু ছাফাৱী সাম্ৰাজ্যৰপৰা অট্টোমান সাম্ৰাজ্যত প্ৰৱেশ কৰা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল। বাণিজ্যৰ ওপৰত এই নিষেধাজ্ঞা আৰু ছাফাৱীৰ সৈতে জড়িত বুদ্ধিজীৱীসকলক গ্ৰেপ্তাৰ কৰাটো কেৱল চুলেইমান দ্য মেগনিফিচেণ্টৰ অধীনতহে প্ৰত্যাহাৰ কৰা হৈছিল। ১৬০৩ চনত পুনৰ বাণিজ্য নিষেধাজ্ঞাৰ ব্যৱহাৰ কৰা হয়, যেতিয়া পূবত ছাফাৱী ক্ষমতাৰ উত্থানে আকৌ এবাৰ গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰে; কিন্তু এই নিষেধাজ্ঞাসমূহ প্ৰথম চেলিমে আৰোপ কৰা নিষেধাজ্ঞাৰ দৰে সফল নহ'ল।[7] ৰাছিয়া আৰু ককেছাছৰ মাজেৰে ইউৰোপীয় বজাৰৰ সৈতে ছাফাৱী বাণিজ্যই অট্টোমান সাম্ৰাজ্যৰ মাজেৰে বাণিজ্যিক পথত জাৰি কৰা অৱৰোধৰ প্ৰভাৱ প্ৰায়ে লাঘৱ কৰিছিল। [8]

তথ্যৰ উৎহ

[সম্পাদনা কৰক]
  1. ↑ Herzig, Edmund; Kurkchiyan, Marina (10 November 2004). Armenians: Past and Present in the Making of National Identity. ISBN 978-1-135-79837-6. https://books.google.com/books?id=B8WRAgAAQBAJ&q=treaty+of+zuhab+confirms+amasya&pg=PA47। আহৰণ কৰা হৈছে: 30 December 2014.
  2. ↑ Calabrese, John (1998). "Turkey and Iran: Limits of a Stable Relationship". British Journal of Middle Eastern Studies খণ্ড 25 (1): 75–94. doi:10.1080/13530199808705655. সাঁচ:ProQuest.
  3. ↑ Tucker, Ernest (1996). "The Peace Negotiations of 1736: A conceptual turning point in Ottoman-Iranian relations". Turkish Studies Association Bulletin খণ্ড 20 (1): 16–37.
  4. ↑ Finkel, Caroline (2007). Osman's Dream: The History of the Ottoman Empire. প্ৰকাশক New York: Basic Books. পৃষ্ঠা. 104. https://archive.org/details/osmansdreamstory0000fink.
  5. 1 2 Hess, Andrew C. (1973). "The Ottoman Conquest of Egypt (1517) and the Beginning of the Sixteenth-Century World War". International Journal of Middle East Studies খণ্ড 4 (1): 55–76. doi:10.1017/S0020743800027276. https://archive.org/details/sim_international-journal-of-middle-east-studies_1973-01_4_1/page/55.
  6. ↑ Labib, Subhi (1979). "The Era of Suleyman the Magnificent: Crisis of Orientation". International Journal of Middle East Studies খণ্ড 10 (4): 435–451. doi:10.1017/S002074380005128X. https://archive.org/details/sim_international-journal-of-middle-east-studies_1979-11_10_4/page/435.
  7. ↑ Riedlmayer, Andräs (1981). "Ottoman-Safavid Relations and the Anatolian Trade Routes: 1603-1618". Turkish Studies Association Bulletin খণ্ড 5 (1): 7–10.
  8. ↑ Relations between Tehran and Moscow, 1979-2014. https://www.academia.edu/9137125.সাঁচ:Self-published inline

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Casale, Sinem Arcak (2023). Gifts in the Age of Empire: Ottoman-Safavid Cultural Exchange, 1500–1639. University of Chicago Press. ISBN 978-0226820422. 
  • Casale, Sinem A. (2018). "Iconography of the Gift: Diplomacy and Imperial Self-Fashioning at the Ottoman Court". The Art Bulletin খণ্ড 100 (1): 97-123. doi:10.1080/00043079.2017.1367912. 
  • Güngörürler, Selim (2018). "Fundamentals of Ottoman-Safavid Peacetime Relations, 1639–1722". Turkish Historical Review খণ্ড 9 (2): 151–197. doi:10.1163/18775462-00902002. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]