সমললৈ যাওক

অডেছাৰ ঐতিহাসিক কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অডেছাৰ ঐতিহাসিক কেন্দ্ৰ
Історичний центр Одеси
সাধাৰণ তথ্য
চহৰ অডেছা
দেশ ইউক্ৰেইন
স্থানাংক 46°29′6″N 30°44′28″E / 46.485°N 30.74111°E / 46.485; 30.74111স্থানাংক: 46°29′6″N 30°44′28″E / 46.485°N 30.74111°E / 46.485; 30.74111
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
অডেছাৰ ঐতিহাসিক কেন্দ্ৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
উদ্ধৃতি 1703

অডেছাৰ ঐতিহাসিক কেন্দ্ৰ (ইংৰাজী: Historic Centre of Odesa, Ukrainian: Історичний центр Одеси, romanized: Istorychnyi tsentr Odesy) হৈছে ইউক্ৰেইনৰ অডেছা চহৰত অৱস্থিত এক চহৰ কেন্দ্ৰ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ইয়াক ২০২৩ চনত বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। বৰ্তমান ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে এই স্থানডোখৰ বিপদাপন্ন বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহৰ তালিকাত আছে।[1]

নিৰ্বাচন

[সম্পাদনা কৰক]

২০০৯ চনৰ ৬ জানুৱাৰীৰপৰাই এই স্থানডোখৰ ইউনেস্ক’ৰ সম্ভাৱ্য তালিকাত আছিল।[2] ইউক্ৰেইনৰ সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰ্যালয়ে ইয়াক দাখিল কৰিছিল। ইয়াক প্ৰথমতে i, ii, iii, iv আৰু v মাপকাঠী প্ৰদান কৰা হৈছিল। ২০২৩ চনৰ জানুৱাৰী মাহত এক জৰুৰীকালীন প্ৰক্ৰিয়াৰ অধীনত ইউনেস্ক’ই ইয়াক ii আৰু iv মাপকাঠীৰ আধাৰত বিশ্ব ঐতিহ্যৰ তালিকা আৰু বিপদাপন্ন বিশ্ব ঐতিহ্যৰ তালিকা দুয়োটাতে অন্তৰ্ভুক্ত কৰে।[1]

এই ঐতিহাসিক কেন্দ্ৰটো ড্নিষ্টাৰ নদীৰ মোহনাৰপৰা প্ৰায় ৩০ কিলোমিটাৰ উত্তৰে সাগৰৰ উপকূলৰ এক কম গভীৰ অংশত অৱস্থিত। ১৭৮৭-১৭৯২ চনৰ ৰাছিয়া-তুৰস্ক যুদ্ধ সমাপ্ত হোৱাৰ পিছত সম্ৰাজ্ঞী কেথাৰিন দ্যা গ্ৰেটে এক কৌশলগত সিদ্ধান্তৰ অধীনত এখন গৰম পানীৰ বন্দৰ নিৰ্মাণ কৰিবলৈ ১৭৯৪ চনত এই চহৰখন প্ৰতিষ্ঠা কৰিছিল। এটা তুৰ্কী দুৰ্গ থকা স্থানত নিৰ্মিত এই নতুন চহৰখন প্ৰথম অৱস্থাত এজন সামৰিক অভিযন্তাই পৰিকল্পনা কৰিছিল আৰু পিছলৈ ১৯ শতিকাত ইয়াৰ আৰু সম্প্ৰসাৰণ কৰা হৈছিল।

১৯ শতিকাত অডেছাৰ অনন্য বৈশিষ্ট্য আৰু দ্ৰুত উন্নয়ন সম্ভৱ হৈছিল ইয়াৰ বন্দৰৰ সফলতা, ইয়াৰ গভৰ্ণৰসকলৰ অনুকূল নীতি আৰু ১৮১৯ চনৰপৰা ১৮৫৯ চনলৈকে লাভ কৰা এক মুক্ত বন্দৰ চহৰৰ মৰ্যাদাৰ বাবে। ইয়াৰ বাণিজ্যই বিভিন্ন ঠাইৰ লোকক আকৰ্ষণ কৰিছিল আৰু এক বহুসাংস্কৃতিক তথা বহু-বংশীয় সমাজৰ গঢ় দিছিল, যাৰ ফলত অডেছা এখন সৰ্বজনীন চহৰ হৈ পৰিছিল। ইয়াৰ দ্ৰুত উন্নয়ন, ইয়াৰপৰা অহা ধন-সম্পত্তি আৰু বহুসংস্কৃতিয়ে চহৰখনৰ স্থাপত্যশৈলীক প্ৰভাবিত কৰিছিল, যাৰ বৈচিত্ৰ্য আজিও চহৰখনত দেখিবলৈ পোৱা যায়। অৱশ্যে ইয়াৰ ফলত কিছুমান উত্তেজনাৰো সৃষ্টি হৈছিল, যাৰ বাবে ১৮২১ চনৰপৰা ধাৰাবাহিকভাৱে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছিল। অডেছাৰ ঐতিহাসিক কেন্দ্ৰটো গছ-গছনিৰে আৱৰা বহল ৰাস্তাৰ এক গ্ৰিড পদ্ধতিৰে নিৰ্মিত। ই দুটা আয়তাকাৰ ব্লকত বিভক্ত, যাৰ দিশ অডেছাৰ ওখ মালভূমি অঞ্চলৰ মাজেৰে সাগৰৰ সৈতে উলম্বভাৱে বৈ যোৱা দুটা গভীৰ গিৰিখাতৰ সৈতে সংগতি ৰাখি তৈয়াৰ কৰা হৈছে।

এই চহৰখনৰ এক প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ তুলনামূলকভাৱে কম মহলীয়া ভৱনসমূহ। বিখ্যাত স্থপতি আৰু অভিযন্তাসকলে (যাৰ ভিতৰত প্ৰথম অৱস্থাত বহুতো ইটালীৰ আছিল) ডিজাইন কৰা চহৰখনৰ থিয়েটাৰ, ধৰ্মীয় স্থান, বিদ্যালয়, ব্যক্তিগত প্ৰসাদ, ভাড়াঘৰ, ক্লাব, হোটেল, বেংক, শ্বপিং চেণ্টাৰ, গুডাম, ষ্টক এক্সচেঞ্জ আৰু অন্যান্য চৰকাৰী ভৱনসমূহে এক বৈচিত্ৰ্যমজ় স্থাপত্যশৈলীৰ লগতে এখন ব্যাৱসায়িক চহৰৰ প্ৰধান কাৰ্যকলাপসমূহ প্ৰতিফলিত কৰে। মালভূমিৰ কাষেৰে বিস্তৃত প্ৰিমৰ্চকী বুলেভাৰ্ড, সাগৰৰ পাৰলৈ নামি যোৱা প্ৰিমৰ্চকী চিৰি, অডেছা অপেৰা আৰু বেলে থিয়েটাৰৰ অট্টালিকা আৰু পালে-ৰয়েল হৈছে চহৰখনৰ প্ৰধান আকৰ্ষণ। অডেছাত দেখা পোৱা নগৰ পৰিকল্পনা আৰু স্থাপত্যৰ গুণগত মান তদানীন্তন ৰাছিয়ান আৰু অষ্ট্ৰ’-হাংগেৰীয়ান সাম্ৰাজ্যৰ অন্যান্য চহৰতো পোৱা যায় যদিও, অডেছাই ইয়াৰ ঐতিহাসিক গাঁথনিৰ এক বৃহৎ অংশ আজিও সংৰক্ষণ কৰি ৰাখিছে। ই ১৯ শতিকাত ইয়াৰ দ্ৰুত আৰু সমৃদ্ধিশালী উন্নয়ন আৰু অন্যান্য চহৰতকৈ বহু বেছি বৈচিত্ৰ্যপূৰ্ণ জনসংখ্যাক প্ৰতিফলিত কৰে। গতিকে, অডেছাৰ নগৰ পৰিকল্পনা আৰু নিৰ্মিত ঐতিহ্য যিহেতু বহুতো সংস্কৃতি, মূল্যবোধ, ৰীতি-নীতি, সামাজিক গাঁথনি আৰু ধৰ্মৰ প্ৰতিফলন, ইয়াক ১৯ শতিকাৰ পূব ইউৰোপীয় চহৰসমূহৰ বহুসাংস্কৃতিক আৰু বহু-বংশীয় পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন বুলি গণ্য কৰিব পাৰি।[3]

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়ত হোৱা ক্ষতি

[সম্পাদনা কৰক]

২০২৩ চনৰ ২৩ জুলাইত ৰাছিয়াই অডেছাৰ ওপৰত নিশা এক মিছাইল আক্ৰমণ চলায়। এই আক্ৰমণত চহৰখনৰ সৰ্ববৃহৎ আৰু পূৰ্বোডক্স অডেছাৰ ৰূপান্তৰ কেথেড্ৰেলখন মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হয়।[4] অৱশ্যে ৰাছিয়াই কেথেড্ৰেলখনক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি অস্বীকাৰ কৰে।[5] কৰ্তৃপক্ষৰ মতে, অডেছাৰ ঐতিহাসিক কেন্দ্ৰটোত মুঠ ২৫টা স্থাপত্য স্মাৰক ক্ষতিগ্ৰস্ত হৈছে।[6]

২০২৩ চনৰ ৫ নৱেম্বৰত হোৱা আন এক নতুন ৰাছিয়ান মিছাইল আক্ৰমণত অডেছা চাৰু কলা সংগ্ৰহালয় আৰু কেইটামান ভৱন ক্ষতিগ্ৰস্ত হয়।[7][8][9]

স্থানসমূহ

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]

তথ‍্যউৎস

[সম্পাদনা কৰক]
  1. 1 2 "Three sites 'in danger' added to UNESCO World Heritage List". CNN. 25 January 2023. https://www.cnn.com/travel/article/unesco-world-heritage-sites-special-session/index.html। আহৰণ কৰা হৈছে: 26 March 2023.
  2. ↑ "Historic Center of the Port City of Odesa - UNESCO World Heritage Centre". 2022-10-25. https://whc.unesco.org/en/tentativelists/5412/। আহৰণ কৰা হৈছে: 2023-03-17.
  3. ↑ Centre, UNESCO World Heritage. "The Historic Centre of Odesa" (en ভাষাত). UNESCO World Heritage Centre. https://whc.unesco.org/en/list/1703/। আহৰণ কৰা হৈছে: 2023-03-17.
  4. ↑ "Russian missile attack on Odesa kills one, damages cathedral". Aljazeera. 23 July 2023. https://www.aljazeera.com/news/2023/7/23/russian-missile-attack-on-odesa-kills-one-damages-cathedral। আহৰণ কৰা হৈছে: 23 July 2023.
  5. ↑ "Moscow claims attack that hit Odesa cathedral targeted sites where Ukraine was making 'unmanned boats' to be used against Russia". The Kyiv Independent. 23 July 2023. https://kyivindependent.com/russian-defense-ministry-claims-attack-on-odesa-targeted-sites-where-terrorist-acts-against-russia-prepared/। আহৰণ কৰা হৈছে: 23 July 2023.
  6. ↑ "В Одессе после российского обстрела повреждены 25 памятников архитектуры" (ru ভাষাত). Meduza. 2023-07-23. https://meduza.io/news/2023/07/23/v-odesse-posle-rossiyskogo-obstrela-povrezhdeny-25-pamyatnikov-arhitektury.
  7. ↑ "Российские войска атаковали Одесскую область ракетами и беспилотниками. Пострадали восемь человек". Meduza. 2023-11-06. Archived on 2023-11-06. Error: If you specify |archivedate=, you must also specify |archiveurl=. https://meduza.io/news/2023/11/06/rossiyskie-voyska-atakovali-odesskuyu-oblast-raketami-i-bespilotnikami-postradali-pyat-chelovek.
  8. ↑ "Five Wounded as Russian Missiles Strike Odesa, Damaging an Art Museum". The New York Times. 2023-11-06. https://www.nytimes.com/2023/11/06/world/europe/ukraine-russia-odesa-museum.html.
  9. ↑ "Russia strikes Odesa, damaging museum, injuring 8". France 24. 2023-11-06. https://www.france24.com/en/live-news/20231106-russia-strikes-odesa-damaging-museum-injuring-8.