অতিথি (১৯৬৫ চলচ্চিত্ৰ)
| অতিথি | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | তপন সিনহা |
| চিত্ৰনাট্য | তপন সিনহা |
| ভিত্তি | অতিথি লেখক: ৰবীন্দ্ৰনাথ ঠাকুৰ |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | দিলীপ ৰঞ্জন মুখাৰ্জী |
| সম্পাদনা | সুবোধ ৰায় |
| সংগীত পৰিচালক | তপন সিনহা |
প্ৰযোজনা কোম্পানী |
নিউ থিয়েটাৰ্ছ প্ৰাঃলিঃ[1] |
মুক্তি |
১৯৬৫ |
দৈৰ্ঘ্য |
১১২ মিনিট |
| দেশ | ভাৰত |
| ভাষা | বঙালী |
অতিথি (ইংৰাজী: Atithi) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত ১৯৬৫ চনত নিৰ্মিত আৰু তপন সিনহা পৰিচালিত এখন বঙালী নাট্যধৰ্মী ছবি।[2] ইয়াত ঘৰুৱা জীৱনৰ পৰিসীমাত আবদ্ধ জীৱনতকৈ বিচৰণকাৰীৰ জীৱনক বেছি পছন্দ কৰা এটা কিশোৰৰ কাহিনী কোৱা হৈছে। ছবিখন ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ সৰ্বভাৰতীয় স্তৰত চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে। ইয়াৰ উপৰিও ছবি কেইবাটাও বিএফজেএ বঁটা পাবলৈ সক্ষম হয়।[3] অতিথি ১৯৬৬ চনত ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ প্ৰতিযোগিতামূলক প্ৰৱেশ আছিল, য'ত এইখন গোল্ডেন লায়নৰ বাবে মনোনীত হৈছিল। ছবিখন হিন্দীত গীত গাতা চল নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[4]
কাহিনী
[সম্পাদনা কৰক]তাৰাপদ এজন কিশোৰ। সি মাক আৰু ককায়েকৰ সৈতে এখন গাঁওত বাস কৰে। তাৰ এটা ভ্ৰমণপিপাসু মন আছে আৰু সেয়েহে প্ৰায়েই ঘৰৰ পৰা পলাই যায়। শেষৰ বাৰ পলাওতে তাৰ মতিবাবুৰ সৈতে দেখাদেখি হয়। মতিবাবু এজন চহকী অভিজাত লোক। তেওঁ পৰিয়ালৰ সৈতে নাৱেৰে তীৰ্থযাত্ৰাৰ পৰা উভতিছিল। তাৰাপদ তেওঁলোকৰ লগতে নাৱত একেলগে আহিছিল। মতিবাবু আৰু তেওঁৰ পত্নী অন্নপূৰ্ণা দুয়োৰে ল’ৰাটোক পছন্দ হয়। সি তেওঁলোকৰ সৈতে তেওঁলোকৰ ঘৰলৈ যায় আৰু অতি সোনকালে ঘৰখনৰ এজন সদস্যৰ দৰে হৈ উঠে। মতিবাবুৰ জীয়ৰী চাৰুৱেও তাক সংগী ৰূপে গ্ৰহণ কৰে। মতিবাবু আৰু অন্নপূৰ্ণাই তাৰ পঢ়াশুনাৰ দায়িত্ব লব বিচাৰে। তেওঁলোকে তাৰাপদ আৰু চাৰুৰ মাজত বৈবাহিক সম্বন্ধৰ কথাও ভাবে। তেওঁলোকে তাৰ মাকলৈ চিঠি লিখে। কিন্তু তাৰাপদ যে এক মুক্ত আত্মা, তাৰ সজাত বন্দী কৰি ৰাখিব পৰা নাযায়। সি পুনৰাই যাত্ৰা কৰে এক অজানা গন্তব্যলৈ।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- অজিতেশ বন্দোপাধ্যায় (তাৰাপদ)
- পাৰ্থ মুখাৰ্জী
- সমিতা বিশ্বাস (তাৰাপদৰ মাক)
- গীতা মুখাৰ্জী
- বাসৱী বেনাৰ্জী (চাৰুশশী)
- সলীল দত্ত
- বংকিম ঘোষ
- স্মিতা সিনহা
নিৰ্মাণ
[সম্পাদনা কৰক]তপন সিনহাই পাৰ্থ মুখাৰ্জীক তাৰাপদৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছনি কৰাৰ আগতে "প্ৰায় দুশ পঞ্চাশজন ল'ৰা"ৰ সাক্ষাৎকাৰ লৈছিল। সিনহাই তেওঁক ছবিখনৰ বাবে প্ৰায় দুমাহ ধৰি ব্যাপক আখৰা কৰিবলৈ বাধ্য কৰাইছিল। চাৰুৰ চৰিত্ৰৰ বাবে তেওঁ সুপৰিচিত কৌতুক অভিনেতা ভানু বন্দোপাধ্যায়ৰ কন্যা বাসবীক বাছি লৈ দুয়োজন কিশোৰ-কিশোৰীক একেলগে আখৰা কৰাইছিল।[5] বাসবীয়ে মনত পেলায়: “আমি দুয়োজনে 'অতিথি' কৰাৰ সময়ত অতি সৰু আছিলোঁ। পাৰ্থই সকলো নিৰ্দেশনা মানি চলিছিল... তেওঁ আৰু মই 'অতিথি'ৰ গোটেই ইউনিটৰ সৈতে ইন্দিৰা গান্ধীৰ পৰা দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা ল’বলৈ দিল্লীলৈ গৈছিলোঁ।“[6]
বঁটা
[সম্পাদনা কৰক]- ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ
- বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা (BFJA)
- শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ
- শ্ৰেষ্ঠ চিত্ৰনাট্য – তপন সিনহা
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- গীতা মুখাৰ্জী
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Atithi". https://indiancine.ma/LLI/info.
- ↑ Tapan Sinha (1965), Atithi(1965) অতিথি(১৯৬৫), http://archive.org/details/atithi-1965-rabindranath-thakur-tapan-sinha-classic-bengali-film-partha-mukhopadhyay, আহৰণ কৰা হৈছে: 2024-05-02
- ↑ "BFJA Awards (1966)". gomolo.com. Archived from the original on 29 September 2018. https://web.archive.org/web/20180929171012/http://www.gomolo.com/7/bfja-awards-1966। আহৰণ কৰা হৈছে: 10 April 2018.
- ↑ "6 Old and Gold Bengali Movies Which Inspired Bollywood to Remake". 26 July 2016. http://noisebreak.com/6-old-gold-bengali-movies-inspired-bollywood-remake-part-ii/.
- ↑ "I Am A Worshipper Of All Things Beautiful: An Interview With Tapan Sinha (Part-IV)". Learning and Creativity. December 2014. https://learningandcreativity.com/interview-tapan-sinha-part-4/। আহৰণ কৰা হৈছে: 12 April 2018.
- ↑ Dasgupta, Priyanka (25 December 2017). "Tollywood bids adieu to Bengal's favourite 'Atithi'". The Times of India (Kolkata). https://timesofindia.indiatimes.com/city/kolkata/tollywood-bids-adieu-to-bengals-favourite-atithi/articleshow/62243876.cms। আহৰণ কৰা হৈছে: 17 April 2018.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অতিথি (১৯৬৫ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| |||||||||||||