অতিবেঙুণী ৰশ্মি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অতি বেঙুনীয়াৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
Image of the Sun's corona as seen in extreme ultraviolet (at 17.1 nm) by the Extreme ultraviolet Imaging Telescope

অতিবেঙুণী ৰশ্মি (ইংৰাজী: Ultra violet ray বা UV ray) হ'ল বিদুৎ চুম্বকীয় তৰংগৰ ৪ নেন'মিটাৰৰ পৰা ৪০০ নেন'মিটাৰ তৰংগ দৈঘ্যৰ বিকীৰণ ৰশ্মি। ইয়াৰ মূল উৎস হৈছে সূৰ্য যদিও বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ সহায়েৰেও ইয়াক তৈয়াৰ কৰা হয়।[1]অতিবেঙুণী ৰশ্মিৰ তৰংগ দৈঘ্য দৃশ্যমান পোহৰতকৈ ছুটি। পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুণীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুণী আৰম্ভ হৈ দীঘল ৰঞ্জন ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে। এই বিস্তৃত অতিবেঙুণী অঞ্চলক ভাগ কৰা হৈছে- (১) নিকট অতিবেঙুণী অঞ্চল (৪০০-৩০০ nm), (২) দূৰ অতিবেঙুণী অঞ্চল (৩০০-২০০ nm), (৩) চৰম অতিবেঙুণী অঞ্চল (২০০-১২২ nm)ৰ ভিতৰত।[2]

প্ৰকাৰ[সম্পাদনা কৰক]

অতিবেঙুণী পোহৰৰ বিদ্যুতচুম্বকীয় ফলনৰ দৈৰ্ঘ্য আৰু নিকটবৰ্তী দৈৰ্ঘ্যৰ ভিত্তিত ইয়াক কেইবাটাও ভাগত ভাগ কৰা হৈছে৷[3]

নাম সংক্ষিপ্তকৰণ তৰংগদৈৰ্ঘ্য
(নেন'মিটাৰত)
শক্তি, প্ৰতি ফ'টনত
(ইলেক্ট্ৰনভল্টত)
অন্যান্য নাম/টোকা
দৃশ্যমান পোহৰ VIS ৭৬০ – ৩৮০ nm ১.৬৩ – ৩.২৬ eV
অতিবেঙুণী UV ৪০০– ১০০nm ৩.১০– ১২.৪ eV
অতিবেঙুণী A UVA ৪০০ – ৩১৫ nm ৩.১০ – ৩.৯৪ eV দৈৰ্ঘ্য তৰংগ
অতিবেঙুণী B UVB ৩১৫– ২৮০ nm ৩.৯৪ – ৪.৪৩ eV মধ্যমীয়া তৰংগ
অতিবেঙুণী C UVC ২৮০ – ১০০ nm ৪.৪৩– ১২.৪ eV হস্ৰ তৰংগ
নিকট বেঙুণী NUV ৪০০ – ৩০০ nm ৩.১০ – ৪.১৩ eV চৰাই, মাছ, কীট আদিৰ বাবে দৃশ্যমান
দূৰ বেঙুণী MUV ৩০০ – ২০০ nm ৪.১৩ – ৬.২০ eV
দূৰত্বৰ বেঙুণী FUV ২০০ – ১২২ nm ৬.২০ – ১০.১৬ eV
হাইড্ৰ'জেন লাইমান-আলফা H Lyman-α ১২২ – ১২১ nm ১০.১৬– ১০.২৫ eV
অতি বেঙুণী EUV ১২১ – ১০ nm ১০.২৫ – ১২৪ eV
ভেকুৱাম বেঙুণী VUV ২০০ – ১০ nm ৬.২০ – ১২৪ eV
ৰঞ্জন ৰশ্মি ১০ – ০.০০১ nm ১২৪ eV – ১.২৪ MeV
নৰম এক্স ৰে XUV ১০ – ০.১ nm ১২৪ eV – ১২.৪ keV এক্স ৰে অতিবেঙুণী
কঠিন এক্স ৰে ০.১ – ০.০০১ nm ১২.৪ keV – ১.২৪ MeV

উৎস[সম্পাদনা কৰক]

  • প্ৰাকৃতিক: সূৰ্য (অৰ্থাৎ নক্ষত্ৰসমূহ)
  • কৃত্ৰিম: ৰাসায়নিক বিক্ৰিয়া

ব্যৱহাৰ[সম্পাদনা কৰক]

অতিবেঙুণী ৰশ্মিৰ সহায়ত দন্ত চিকিৎসা

অতিবেঙুণী তৰংগৰ প্ৰয়োজনীয় জৈৱিক প্ৰয়োগ হ'ল-ৰশ্মি চিকিৎসা, ভিটামিন ডি-ৰ উৎপাদন, পঁয়ালগা ৰোগৰ চিকিৎসা আৰু প্ৰতিষেধক । ইয়াৰ বাহিৰেও বায়ু, পানী আৰু বীজাণুমুক্ত কৰিবৰ বাবেও অতিবেঙুণী ৰশ্মি ব্যৱহাৰ হয় । অতিবেঙুণী ৰশ্মিৰে, গৱেষণাগাৰত চিনাক্তকৰনৰ বাবে সংগ্ৰহিত সৰু সৰু তথ্য(clue)সমূহ অনুধাৱণ কৰা হয় । ইলেকট্ৰনিক যন্ত্ৰসমূহৰ কিছুমান অংশৰ কাৰ্যৰ বাবে অতিবেঙুণী ৰশ্মিৰ প্ৰলেপ দিয়া হয় । অতিবেঙুণী ৰশ্মিয়ে বায়ুমণ্ডলৰ উপৰিভাগত আয়নস্ফিয়েৰ সৃষ্টি কৰিছে আৰু এই আয়নস্ফিয়েৰ তৰপৰ সাম্যাব্যৱস্থা অতিবেঙুণী ৰশ্মিয়ে বৰ্তাই ৰাখে । এই আয়নস্ফিয়েৰ তৰপৰ বাবেই অনাতাঁৰ বাৰ্তা সম্ভবপৰ হৈ উঠিছে।[4]



অপকাৰিতা[সম্পাদনা কৰক]

অতিবেঙুণী তৰংগৰ সৈতে সংশ্লিষ্ট পৰিঘটনাবোৰ হ'ল- জৈৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰয়োগ, অনুপ্ৰভাৰ সৃষ্টি বা বিশিষ্ট শোষণৰ দ্বাৰা ৰাসায়নিক বিশ্লেষণ। অতিবেঙুণী ৰশ্মিৰ প্ৰভাৱত চালৰ কৰ্কট ৰোগ হ'ব পাৰে। ৰ'দত গাৰ ছাল ক'লা হোৱাৰ কাৰণো সূৰ্যৰ বিকীৰণৰ অতিবেঙুণী তৰংগৰ দ্বাৰা হোৱা মেলানিনৰ সৃষ্টি (Pigmentation)। অতিবেঙুণী ৰশ্মি চকুৰ বাবে হানিকাৰক।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.medterms.com/script/main/art.asp?articlekey=5898
  2. http://www.britannica.com/EBchecked/topic/613529/ultraviolet-radiation
  3. "ISO 21348 Process for Determining Solar Irradiances". http://www.spacewx.com/ISO_solar_standard.html. 
  4. http://www.nesc.wvu.edu/ndwc/pdf/ot/tb/ot_tb_f00.pdf
  5. http://health.howstuffworks.com/skin-care/beauty/sun-care/uv-radiation2.htm

বিতং পাঠ[সম্পাদনা কৰক]