অতুলানন্দ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অতুলানন্দ গোস্বামী
জন্ম ১৯৩৫ চন
অসম
পেচা সাহিত্যিক, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী চেনেহ জৰীৰ গাঁথি
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০০৬[1]

অতুলানন্দ গোস্বামী (ইংৰাজী: Atulananda Goswami) অসমীয়া সাহিত্য জগতৰ এজন প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। তেখেতে ৰচনা কৰা "চেনেহ জৰীৰ গাঁথি" নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেখতে ৰচনা কৰা "নামঘৰীয়া" নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল[2]। অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বাংলা, ওড়িয়া আৰু সেই ভাষা সমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰ ওপৰিও তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল[2]


চমু জীৱনী[সম্পাদনা কৰক]



সাহিত্যিক অৱদান[সম্পাদনা কৰক]

  • হামদৈ পুলৰ জোন (১৯৬৬)
  • গল্প (১৯৬৭)
  • চেনেহ জৰীৰ গাঁথি
  • ৰাজপাট (১৯৭৬)
  • পলাতক (১৯৮৩)
  • আশ্ৰয় (১৯৯৩)
  • নামঘৰীয়া (১৯৮৯)
  • নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱ (১৯৯৪), ইংৰাজী গল্প-সংকলন।

অনূদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • গুডবাই মিঃ ছিপছ (মূল: জেমছ হিল্ম)
  • পিতা-পুত্ৰ (মূল: টি. এছ. পিল্লাই)
  • শ্বেতপদ্মা আৰু বনহংসী (মূল: প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰ)
  • একৈছটা বাংলা গল্প
  • বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

কৃষ্ণ ভূঞাৰ গল্প-সমগ্ৰ


বঁটা / সন্মান[সম্পাদনা কৰক]

‘নামঘৰীয়া’ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’ আৰু ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰে। ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে তেখেতে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰে।[3] 'চেনেহ জৰীৰ গাঁথি' ৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়।[4]





তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. 2.0 2.1 I. Vi Rāmakr̥ṣṇan (1 January 2005). Indian Short Stories: (1900-2000). Sahitya Akademi. পৃষ্ঠা. 225–. ISBN 978-81-260-1091-2. http://books.google.com/books?id=kLn11KD4ea0C&pg=PA225। আহৰণ কৰা হৈছে: 27 November 2012. 
  3. বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  4. (১ জানুৱাৰী ২০১৪). "অতুলানন্দ গোস্বামীলৈ অসম উপত্যকা সাহিত্য বঁটা". এল পাব্লিকেছন্‌ছ জি এল পাব্লিকেছন্‌ছ. সংগ্ৰহ কৰা হৈছে: ১ জানুৱাৰী ২০১৪.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]