অদিতি আৰ্য
অদিতি আৰ্য কোটক | |
---|---|
![]() Femina Miss India 2015, Aditi Arya Kotak | |
জন্ম | ১৮ ছেপ্টেম্বৰ, ১৯৯৩ (৩১ বছৰ)[1][2] চণ্ডীগড়,[3] ভাৰত |
শিক্ষা | ইয়েল বিশ্ববিদ্যালয়, এমবিএ[4] দিল্লী বিশ্ববিদ্যালয়, বিবিএছ |
পেচা | অভিনেত্ৰী |
দাম্পত্যসঙ্গী | জয় কোটক (বি. ২০২৩) |
'Beauty pageant titleholder' | |
Title | ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৫ |
Major competition(s) |
ফেমিনা মিছ ইণ্ডিয়া ২০১৫ (বিজয়ী) (মিছ বিউটিফুল হেয়াৰ) (মিছ চুডোকু) ফেমিনা মিছ ইণ্ডিয়া দিল্লী ২০১৫ মিছ ৱৰ্ল্ড ২০১৫ |
অদিতি আৰ্য কোটাক (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী,[5] মডেল, গৱেষণা বিশ্লেষক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল।[6] তেওঁ মিছ ৱৰ্ল্ড ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]আৰ্যৰ জন্ম চণ্ডীগড়ত হৈছিল[3] আৰু তেওঁৰ প্ৰাৰম্ভিক বছৰবোৰত চেক্ৰেড হাৰ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত পঢ়িছিল, তাৰ পিছত গুৰগাঁৱলৈ গুচি যায়, যʼত তেওঁ এমিটি ইণ্টাৰনেচনেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ শ্বহীদ সুখদেৱ কলেজ অৱ বিজনেছ ষ্টাডিজৰ পৰা বিজনেছ ষ্টাডিজত ফাইনেন্স মেজৰৰ সৈতে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ ইয়ং লিডাৰ্ছ প্ৰʼগ্ৰামৰ জৰিয়তে ইণ্ডিয়ান স্কুল অফ বিজনেছত নামভৰ্ত্তি কৰিছিল,[7] আনহাতে ডাঙৰ চাৰিটা অডিট ফাৰ্মৰ ভিতৰত এটা আৰ্নষ্ট এণ্ড ইয়ঙত গৱেষণা বিশ্লেষক হিচাপে কাম কৰিছিল।[8]
তেওঁ ২০২৩ চনত ইয়েল স্কুল অফ মেনেজমেণ্টৰ এম বি এ শ্ৰেণীত নামভৰ্তি কৰে।[4]
তেওঁ অমিতাশা, চাপৰ্টেড ডিচিচন মেকিং আৰু প্ৰোৎসাহনৰ দৰে কেইবাটাও অলাভজনক গোটৰ সৈতে জড়িত হৈ আছে।[9]
পেজেণ্ট্ৰী
[সম্পাদনা কৰক]ফেমিনা মিছ ইণ্ডিয়া ২০১৫
[সম্পাদনা কৰক]২০১৫ চনৰ ২৮ মাৰ্চ তাৰিখে মুম্বাইত অনুষ্ঠিত হোৱা এফবিবি ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড, ২০১৫ প্ৰতিযোগিতাত অদিতি বিজয়ী হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
মিছ ৱৰ্ল্ড ২০১৫
[সম্পাদনা কৰক]ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৫-ৰ খিতাপ জয় কৰাৰ পিছত, তেওঁ মিছ ৱৰ্ল্ড ২০১৫-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, যিটো মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৬৫তম সংস্কৰণ আছিল। তেওঁ মাল্টিমিডিয়া বঁটাত শীৰ্ষ ৫, পিপলছ চয়ছ বঁটাত শীৰ্ষ ৫, ৱৰ্ল্ড ফেশ্বন ডিজাইনাৰ ড্ৰেছ বঁটাত শীৰ্ষ ১০, বিউটি উইথ এ পাৰ্পজ বঁটাত শীৰ্ষ ২৫, প্ৰতিভা উপ-প্ৰতিযোগিতাত শীৰ্ষ ৩০ আৰু শীৰ্ষ মডেল উপ-প্ৰতিযোগিতাত শীৰ্ষ ৩০ৰ ভিতৰত আছিল।[10][11]
অভিনয় জীৱন
[সম্পাদনা কৰক]২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ পিছত অদিতি আৰ্যই পৰিচালক, পুৰী জগন্নাথৰ ছবি ইজমত অভিনেতা, নন্দমুৰী কল্যাণ ৰামৰ বিপৰীতে মুখ্য নায়িকা হিচাপে টলিউডত পদাৰ্পণ কৰে।[12] বক্স অফিচত সফলতা লাভ কৰা[13] এই ছবিখনে দৰ্শক আৰু সমালোচকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল।
ইয়াৰ পিছত তেওঁ কুৰুক্ষেত্ৰ নামৰ কন্নড় ছবি এখনত উত্তৰাৰ চৰিত্ৰত অভিনয় কৰে। ছবিখন থ্ৰীডিত চিত্ৰগ্ৰহণ কৰা হৈছিল।[14]
সিদ্ধান্ত সচদেৱৰ দ্বাৰা পৰিচালিত আৰু বিক্ৰম ভট্টৰ প্ৰযোজিত মুঠ ৩৬টা খণ্ডৰ হিন্দী ৱেব ধাৰাবাহিক তন্ত্ৰত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[15] একেটা দলৰ সৈতে তেওঁ আন এখন ৱেব ধাৰাবাহিক স্পটলাইট ২তো অভিনয় কৰিছে,[16] যিখন ২০১৮ চনৰ ২৬ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় অভাৰ-দ্য-টপ ভিডিঅ’ সেৱা ভিউত মুক্তি পায়।
তেওঁ বৰ্তমান তেওঁৰ পৰৱৰ্তী টলিউড ছবি নিন্নু ভাদিলি নেনু পোলেনুলেৰ দৃশ্যগ্ৰহণ কৰি আছে।[17]
অদিতি আৰ্য কোটাকৰ পঞ্জাবী চলচ্চিত্ৰ তেৰিয়াঁ মেৰিয়াঁ হেৰা ফেৰিয়াঁ ২০২৪ চনৰ ২১ জুনত মুক্তি লাভ কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২৩ চনৰ নৱেম্বৰ মাহত, তাজ ফাতেহ প্ৰকাশ পেলেচ উদয়পুৰ আৰু জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ মুম্বাইত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কোটিপতি উদয় কোটকৰ পুত্ৰ জয় কোটকৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
---|---|---|---|---|
২০১৬ | ইজম | আলিয়া খান | তেলুগু | তেলুগু অভিষেক |
২০১৭ | তন্ত্ৰ | সুনয়না | হিন্দী | ভুটত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক |
২০১৮ | স্পটলাইট ২ | জ্যোতিকা | ভিউত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক | |
২০১৯ | চেভেন | অভিনয়া | তেলুগু / তামিল | |
২০১৯ | কুৰুক্ষেত্ৰ | উত্তৰা | কন্নড় | কন্নড় অভিষেক |
২০২০ | আনলক | ঋদ্ধি | হিন্দী | জি৫-ত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ |
২০২১ | ৮৩ | ইন্দৰজিৎ ভৰদ্বাজ | হিন্দী | [18][19] |
ঘোষণা হ’ব | ত্ৰিশূলম | ঘোষণা হ’ব | কন্নড় | Filming[20] |
ঘোষণা হ’ব | নিন্নু ভাদিলি নেনু পলেনুলে | ঘোষণা হ’ব | তেলুগু | চিত্ৰগ্ৰহণ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Happy Birthday Miss India World 2015 Aditi Arya". The Times of India. 18 September 2015. Archived from the original on 21 August 2019. https://web.archive.org/web/20190821151907/https://beautypageants.indiatimes.com/Happy-Birthday-Miss-India-World-2015-Aditi-Arya/eventshow/49010327.cms। আহৰণ কৰা হৈছে: 11 June 2016.
- ↑ "Former Miss India Aditi Arya: Gurgaon has young, ambitious people, I imbibed that too". The Times of India. 24 April 2016. http://timesofindia.indiatimes.com/city/delhi/Former-Miss-India-Aditi-Arya-Gurgaon-has-young-ambitious-people/articleshow/51981494.cms। আহৰণ কৰা হৈছে: 11 June 2016. "22-year-old"
- ↑ 3.0 3.1 "Aditi Arya returns home after FBB Femina Miss India 2015 win | Business Standard News". 9 April 2015. https://www.business-standard.com/article/pti-stories/aditi-arya-returns-home-after-fbb-femina-miss-india-2015-win-115040900633_1.html। আহৰণ কৰা হৈছে: 8 November 2019.
- ↑ 4.0 4.1 "Aditi Arya '23 | Yale School of Management" (en ভাষাত). som.yale.edu. https://som.yale.edu/profile/aditi-arya-23। আহৰণ কৰা হৈছে: 2022-05-20.
- ↑ "'Sporting half saris was fun', says Aditi Arya" (en ভাষাত). Deccan Chronicle. 2018-01-21. https://www.deccanchronicle.com/entertainment/tollywood/210118/sporting-half-saris-was-fun-says-aditi-arya.html.
- ↑ "Delhi girl Aditi Arya wins Miss India 2015 crown". IBNLive. Archived from the original on 12 May 2015. https://web.archive.org/web/20150512225024/http://ibnlive.in.com/news/delhi-girl-aditi-arya-wins-miss-india-2015-crown/536778-83-273.html। আহৰণ কৰা হৈছে: 29 March 2015.
- ↑ "www.bizjournals.com/newyork/news/2018/01/16/ernst-young-cuts-ribbon-on-newhoboken-office.html". www.bizjournals.com. https://www.bizjournals.com/newyork/news/2018/01/16/ernst-young-cuts-ribbon-on-newhoboken-office.html। আহৰণ কৰা হৈছে: 2018-01-20.
- ↑ "CBS graduate Aditi Arya wins Miss India 2015 - DU Beat" (en-US ভাষাত). DU Beat. 2015-04-07. http://dubeat.com/2015/04/cbs-graduate-aditi-arya-wins-miss-india-2015/.
- ↑ "Beyond beauty". The Tribune India. Archived from the original on 21 January 2018. https://web.archive.org/web/20180121072108/http://www.tribuneindia.com/news/life-style/beyond-beauty/118053.html.
- ↑ "Delhi's Aditi Arya crowned Miss India 2015, Aafreen Rachel Vaz and Vartika Singh were runners-up". The Indian Express. 29 March 2015. http://indianexpress.com/article/entertainment/entertainment-others/gurgaon-girl-aditi-arya-crowned-miss-india/। আহৰণ কৰা হৈছে: 29 March 2015.
- ↑ "Delhi's Aditi Arya crowned fbb Femina Miss India World 2015". msn.com. https://www.msn.com/en-in/news/other/delhis-aditi-arya-crowned-fbb-femina-miss-india-world-2015/ar-AAa8QNG। আহৰণ কৰা হৈছে: 29 March 2015.
- ↑ "Aditi Arya To Hit Silver Screens". https://tkop.org/2016/05/07/aditi-arya-miss-world-india-tollywood-debut/। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ Hooli, Shekhar H. "ISM 1st weekend box office report: Puri Jagannadh's film beats 3-day collections of Kalyan Ram's Pataas" (en ভাষাত). International Business Times, India Edition. http://www.ibtimes.co.in/ism-1st-weekend-box-office-report-puri-jagannadhs-film-beats-3-day-collections-kalyan-rams-701060.
- ↑ "Aditi Arya is Uttara in Kurukshetra". Cinema Express. http://www.cinemaexpress.com/stories/news/2017/aug/20/aditi-arya-is-uttara-in-kurukshetra-1715.html.
- ↑ "Vikram Bhatt presents a new show 'Tantra' for VB on the web" (en ভাষাত). Mumbai Live. https://www.mumbailive.com/en/entertainment/vikram-bhatt-presents-a-new-show-tantra-for-vb-on-the-web-on-youtube-17880.
- ↑ "Aditi Arya and Ruhi Singh to star in Spotlight 2 web series - Beauty Pageants - Indiatimes". Femina Miss India. Archived from the original on 2018-01-21. https://web.archive.org/web/20180121073338/https://beautypageants.indiatimes.com/miss-india/aditi-arya-and-ruhi-singh-to-star-in-spotlight-2-web-series/articleshow/62484652.cms.
- ↑ "Aditi Arya bags her next" (en ভাষাত). Deccan Chronicle. 2017-07-10. https://www.deccanchronicle.com/entertainment/tollywood/100717/aditi-arya-bags-her-next.html.
- ↑ TelanganaToday. "It's an honour working with Kabir Khan in '83 : Aditi Arya" (en-US ভাষাত). Telangana Today. https://telanganatoday.com/its-an-honour-working-with-kabir-khan-in-83-aditi-arya। আহৰণ কৰা হৈছে: 2021-03-30.
- ↑ "COVID-19: 'We cannot take risk', says Aditi Arya on postponing of '83' release date". The New Indian Express. https://www.newindianexpress.com/entertainment/hindi/2020/mar/21/covid-19-we-cannot-take-risk-says-aditi-arya-on-postponing-of-83-release-date-2119826.html। আহৰণ কৰা হৈছে: 2021-03-30.
- ↑ "Upendra: ರವಿಚಂದ್ರನ್-ಉಪೇಂದ್ರ ಕಾಂಬಿನೇಷನ್ನ ಸಿನಿಮಾಕ್ಕೆ ಮತ್ತೊಮ್ಮೆ ಶೀರ್ಷಿಕೆ ಚೇಂಜ್!" (kn ভাষাত). Vijaya Karnataka. https://vijaykarnataka.com/entertainment/news/upendra-ravichandran-starrer-new-movie-title-changed-to-trishulam/articleshow/78165362.cms। আহৰণ কৰা হৈছে: 2020-09-18.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Miss India 2015 Aditi Arya Could be a Next Bollywood Super Star
- অদিতি আৰ্য সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
Awards and achievements | ||
---|---|---|
পূৰ্বৱৰ্তী সাশী ভাংগাৰী |
ফেমিনা মিছ ইণ্ডিয়া দিল্লী ১ম ৰানাৰ আপ ২০১৫ |
পৰৱৰ্তী নাতাশা সিং |
পূৰ্বৱৰ্তী![]() |
ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৫ |
পৰৱৰ্তী প্ৰিয়দৰ্শিনী চেটাৰ্জী |