অদিতি গোবিত্ৰিকাৰ
| অদিতি গোবিত্ৰিকাৰ | |
|---|---|
২০১১ চনত গোবিত্ৰিকাৰ | |
| জন্ম | ২১ মে', ১৯৭৬ (৫০ বছৰ) পানভেল, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল, চিকিৎসক |
| উচ্চতা | ১.৭০ মিটাৰ (U=ft}}) |
| দাম্পত্যসঙ্গী | মুফজ্জল লাকড়াৱালা (বি. ১৯৯৮; বিবি. ২০০৯) |
| সন্তান | ২ |
| 'Beauty pageant titleholder' | |
| Title | গ্লাড্ৰেগছ মেগামডেল ১৯৯৬ গ্লাড্ৰেগছ মিচেছ ইণ্ডিয়া ২০০১ মিচেছ ৱৰ্ল্ড ২০০১ |
| Major competition(s) |
গ্লাড্ৰেগছ মেগামডেল ১৯৯৬ (বিজয়ী) গ্লাড্ৰেগছ মিচেছ ইণ্ডিয়া ২০০১ (বিজয়ী) মিচেছ ৱৰ্ল্ড (২০০১) (বিজয়ী) (শ্ৰেষ্ঠ ছুইমচুট) |
| ৱেবছাইট | |
| aditigovitrikar | |
অদিতি গোবিত্ৰিকাৰ (ইংৰাজী: Aditi Govitrikar; জন্ম: ২১ মে' ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চিকিৎসক আৰু প্ৰাক্তন মডেল। তেওঁ ২০০১ চনত মিচেছ ৱৰ্ল্ড খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।[1] ১৯৯৭ চনৰপৰা ২০০৪ চনলৈকে গোবিত্ৰিকাৰ একমাত্ৰ ভাৰতীয় ছুপাৰ মডেল আছিল যাৰ চিকিৎসা বিজ্ঞানৰ চিকিৎসক আৰু মনোবিজ্ঞানী — দুয়োটা অৰ্হতা আছিল। হিন্দুস্তান টাইমছে তেওঁক "Beauty with Brains" বুলি অভিহিত কৰিছে।[2] তেওঁ এগৰাকী নিৰামিষভোজী আৰু বিপশ্যনাৰ একনিষ্ঠ সাধক।[3] তেওঁ 'ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১' আৰু 'বিগ বছ ৩'ৰ এগৰাকী প্ৰতিযোগী আছিল।
গোবিত্ৰিকাৰে ১৯৯৬ চনত গ্লাড্ৰেগছ মেগামডেল প্ৰতিযোগিতা আৰু ২০০০ চনত গ্লাড্ৰেগছ মিচেছ ইণ্ডিয়া জয় কৰিছিল আৰু পৰৱৰ্তী সময়ত ২০০১ চনত মিচেছ ৱৰ্ল্ড প্ৰতিযোগিতাত বিজয়ী হৈছিল। তেওঁ অভিনয় জীৱনৰ পাতনি মেলে 'থাম্মুদু' (১৯৯৯) নামৰ এখন অতি জনপ্ৰিয় ছবিৰ জৰিয়তে। ইয়াৰ পিছত তেওঁ বহুতো ছবিত অভিনয় কৰিছে, যাৰ ভিতৰত ৭৯সংখ্যক একাডেমী বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰবিষ্টি 'পহেলী' (২০০৫) আৰু আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা লাভ কৰা 'দে দনা দন' (২০০৯) অন্যতম। ইয়াৰ উপৰি তেওঁ আদনান ছামী আৰু আশা ভোঁচলেৰ 'কভি তো নজৰ মিলাও' (১৯৯৭) আৰু জগজিৎ সিঙৰ 'আইনা' (২০০০) আদি কেইবাটাও ছুপাৰ হিট মিউজিক ভিডিঅ'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০২০ চনত তেওঁ জী জ্যেষ্ঠত 'মাদাৰ্ছ কেয়াৰ' নামৰ অনুষ্ঠানটোৰ আঁত ধৰিছিল। তেওঁ ভাৰতত 'পেটা' মুকলি কৰিছিল আৰু কোকা-কোলা, চোপাৰ্ড, ফেণ্ডীৰ দৰে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বিজ্ঞাপনতো কাম কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গোবিত্ৰিকাৰৰ জন্ম ১৯৭৬ চনৰ ২১ মে'ত মহাৰাষ্ট্ৰৰ পানভেলত হৈছিল।[4] পানভেলৰ বাৰ্নছ হাইস্কুলত পঢ়াৰ পিছত তেওঁ মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজলৈ যায় আৰু তাৰপৰাই ১৯৯৭ চনত এমবিবিএছ ডিগ্ৰী লাভ কৰে।[5] এমবিবিএছ সম্পূৰ্ণ কৰাৰ পাছত গোবিত্ৰিকাৰে মডেলিঙৰ জগতত ভৰি দিয়ে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Photos: Meet Dr Aditi Govitrikar, the first Indian woman to have won Mrs World title" (en ভাষাত). Hindustan Times. 26 June 2021. https://www.hindustantimes.com/photos/lifestyle/meet-aditi-govitrikar-first-and-only-indian-woman-to-have-won-mrs-world-title-101624699483594.html.
- ↑ "Bold & beautiful". Hindustan Times. 18 June 2013. https://www.hindustantimes.com/chandigarh/bold-beautiful/story-0300ZoRzN4h0U9EnZBGICJ.html.
- ↑ "Supermodel Aditi Govitrikar Says, 'Let Vegetarianism Grow on You'". Peta India. 12 August 2000. https://www.petaindia.com/blog/supermodel-aditi-govitrikar-says-let-vegetarianism-grow/.
- ↑ Taneja, Parina (21 May 2019). "Mrs World Aditi Govitrikar Birthday special: 10 pictures of the supermodel that scream hotness" (en ভাষাত). indiatvnews.com. https://www.indiatvnews.com/photos/entertainment-mrs-world-aditi-govitrikar-birtday-special-10-pictures-of-the-supermodel-that-scream-hotness-521465/3.
- 1 2 "The 'model' profession". http://www.afternoondc.in/education-careers/the-model-profession/article_21727। আহৰণ কৰা হৈছে: 11 December 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত অদিতি গোবিত্ৰিকাৰ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
| ৱিকিমিডিয়া কমন্সত অদিতি গোবিত্ৰিকাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website
- অদিতি গোবিত্ৰিকাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
