অদিতি শৰ্মা
| অদিতি শৰ্মা | |
|---|---|
| জন্ম | অদিতি দেৱ শৰ্মা ২৪ আগষ্ট, ১৯৮৩ (৪৩ বছৰ) লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| জনা যায় |
|
| দাম্পত্যসঙ্গী | ছাৰৱাৰ আহুজা (বি. ২০১৪) |
| সন্তান | ২ |
অদিতি দেৱ শৰ্মা (জন্ম: ২৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী, তেলুগু আৰু পঞ্জাবী চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত অভিনয় কৰাৰ বাবে পৰিচিত। তেওঁ টেলিভিছনৰ প্ৰতিভা সন্ধানী অনুষ্ঠান ইণ্ডিয়াজ বেষ্ট চাইনেষ্টাৰ্ছ কি খোঁজ, ধাৰাবাহিক গঙ্গা, সিলসিলা বদলতে ৰিস্তোঁ কা, কথা অনকাহী আৰু পঞ্জাবী চলচ্চিত্ৰ আংগ্ৰেজত অভিনয় কৰিছে।
তেওঁ টাটা স্কাই, ডমিনোজ পিজ্জা, ক'লগেট, ফেয়াৰ এণ্ড লাভলী, পেৰাচুট তেল, বেংক অৱ ইণ্ডিয়া, ষ্টেফ্ৰী, তানিষ্ক, মুভ, ডাবুৰ মধু, টাজা চাহ, ব্ৰিটানিয়া, ৰিলায়েন্স আৰু টাটা ভেঞ্চাৰ আদি ব্ৰেণ্ডৰ বিজ্ঞাপনতো দেখা গৈছে।
জীৱন আৰু পৰিয়াল
[সম্পাদনা কৰক]অদিতি শৰ্মাৰ জন্ম ২৪ আগষ্ট ১৯৮৩ তাৰিখে লক্ষ্ণৌত হৈছিল।[1] তেওঁৰ পিতৃ ড° দেবেন্দ্ৰ শৰ্মা আৰু মাতৃ অনিলা শৰ্মা।[2] তেওঁ উত্তৰ-পশ্চিম পঞ্জাবৰ এটা ব্ৰাহ্মণ পৰিয়ালৰ পৰা আহিছে।[3]
অদিতিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰী বেঙ্কটেশ্বৰ কলেজৰ পৰা বাণিজ্য স্নাতক (সম্মান) ডিগ্ৰী লাভ কৰে।[4] তেওঁৰ এগৰাকী ডাঙৰ ভগ্নী শ্বেতা শৰ্মা আৰু এজন সৰু ভাতৃ ভাব্য শৰ্মা আছে, যি এজন চিকিৎসক।[5]
২০১৪ চনত তেওঁ অভিনেতা ছাৰৱাৰ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[6] এই দম্পতীৰ দুটা সন্তান আছে—পুত্ৰ সৰ্তাজ (২০১৯) আৰু কন্যা চিতাৰা (২০২৪)।[7]
কৰ্মজীৱন
[সম্পাদনা কৰক]অদিতি শৰ্মাই ২০০৪ চনত টেলিভিছন প্ৰতিযোগিতা ইণ্ডিয়াজ বেষ্ট চাইনেষ্টাৰ্ছ কি খোঁজ জয় কৰাৰ জৰিয়তে বিনোদন জগতত প্ৰৱেশ কৰে।[8]
২০০৭ চনত তেওঁ খন্না এণ্ড আয়াৰ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় আৰম্ভ কৰে। তাৰ পিছত তেলুগু চলচ্চিত্ৰ গুন্দে ঝল্লুমণ্ডি, ওম শান্তি, হিন্দী চলচ্চিত্ৰ মৌসম, লেডিছ ভাছ ৰিকি বাহল, পাঞ্জাবী চলচ্চিত্ৰ আংগ্ৰেজ, লাটু, ইক্কো মিক্কে, তীজা পঞ্জাব আদিত অভিনয় কৰে।
টেলিভিছনত তেওঁ গঙ্গা, সিলসিলা বদলতে ৰিস্তোঁ কা আৰু কথা অনকাহী ধাৰাবাহিকত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰে।
২০২৪ চনত তেওঁ পঞ্জাবী চলচ্চিত্ৰ পৰাহুনা ২ত অভিনয় কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Cintaa". http://www.cintaa.net/membership/cintaa_profile/3374। আহৰণ কৰা হৈছে: 10 October 2013.
- ↑ "My dad proved to be a very good student: Aditi Sharma". The Times of India. 21 June 2020. https://timesofindia.indiatimes.com/life-style/parenting/moments/my-dad-proved-to-be-a-very-good-student-aditi-sharma/articleshow/76485509.cms.
- ↑ "Aditi Sharma interview". Idlebrain. https://www.idlebrain.com/celeb/interview/aditisharma.html.
- ↑ "Aditi Sharma: DU made me a confident person". The Times of India. 7 February 2023. https://timesofindia.indiatimes.com/tv/news/hindi/aditi-sharma-du-made-me-a-confident-person-i-owe-a-lot-to-my-college/articleshow/97656924.cms.
- ↑ "My brother is my jaan". The Times of India. 26 August 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/my-brother-is-my-jaan-lucknow-born-actress-aditi-sharma/articleshow/65541843.cms.
- ↑ "Real life couple Aditi and Sarwar". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Real-life-couple-Aditi-and-Sarwar-pair-up-for-a-TV-show/articleshow/51778138.cms.
- ↑ "Aditi Dev Sharma welcomes daughter". India Today. https://www.indiatoday.in/television/celebrity/story/aditi-dev-sharma-sarwar-ahuja-welcome-second-child-daughter-2639646-2024-11-25.
- ↑ "Aditi Sharma reveals what happened". Hindustan Times. https://www.hindustantimes.com/entertainment/web-series/aditi-sharma-reveals-what-happened-after-she-won-cinestars-ki-khoj-18-years-ago-101670638054335.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অদিতি শৰ্মা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত অদিতি শৰ্মা
- অদিতি শৰ্মা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য