অদিতি স্বামী
অদিতি স্বামী | |||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০২৪ চনত অদিতি স্বামী | |||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||
সম্পূৰ্ণ নাম | অদিতি স্বামী | ||||||||||||||||||||||||
জন্ম | ১৫ জুন, ২০০৬ (১৯ বছৰ) সতৰা, মহাৰাষ্ট্ৰ, ভাৰত | ||||||||||||||||||||||||
উচ্চতা | 1.58 m | ||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||
দেশ | ![]() | ||||||||||||||||||||||||
ক্ৰীড়া | ধনুৰ্বিদ | ||||||||||||||||||||||||
দল | ভাৰতীয় ধনুৰ্বিদ মহিলা দল | ||||||||||||||||||||||||
বৰ্তমান প্ৰশিক্ষক | নাই | ||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||
সৰ্বোচ্চ বিশ্ব ৰেংকিং | 7th | ||||||||||||||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | 711 | ||||||||||||||||||||||||
পদক অভিলেখ
|
অদিতি স্বামী (ইংৰাজী: Aditi Swami) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ।[1] ২০২৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত কম্পাউণ্ড মহিলাৰ ফাইনেলত সোণৰ পদক লাভ কৰি তেওঁ ছিনিয়ৰ পৰ্যায়ত ভাৰতৰ প্ৰথম ব্যক্তিগত বিশ্ব চেম্পিয়ন হৈছিল।[2][3]
আৰম্ভণি জীৱন
[সম্পাদনা কৰক]অদিতিৰ পিতৃ গোপিচণ্ড, এজন গণিতৰ শিক্ষক, তেওঁৰ কন্যাৰ প্ৰশিক্ষণৰ সহায়ৰ বাবে ওচৰৰ গাঁৱৰ পৰা সতৰালৈ গুচি যায়।[4] ১২ বছৰ বয়সত তেওঁ অদিতিক চহৰৰ শ্বাহু ষ্টেডিয়ামলৈ লৈ গৈছিল ক্ৰীড়াৰ লগত পৰিচয় কৰাই দিবলৈ। তাই ল’ৰা-ছোৱালীয়ে ফুটবল খেলা আৰু এথলেটিকছৰ প্ৰশিক্ষণ লোৱা দেখিছিল যদিও অদিতিই ধনুৰ্বিদ বাছি লৈছিল যিটো এটা চুকত সৰু গোট এটাই অনুশীলন কৰি আছিল। পিছলৈ তেওঁ প্ৰশিক্ষক প্ৰবীণ সাৱন্তৰ অধীনত চুপাৰিৰ পথাৰত প্ৰশিক্ষণ লয়।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]অদিতি স্বামী ১৭ বছৰ বয়সত বিশ্বকাপ যুগত (২০০৬ চনৰ পিছৰ) ২০২৩ চনত কম্পাউণ্ড মহিলাৰ ফাইনেলত জয়লাভ কৰি ধনুৰ্বিদ্যাৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হয়।[5] তেওঁ মহিলা দলৰ কম্পাউণ্ড ইভেণ্টত ভাৰতৰ প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ বিজয়ী দলৰ অংশও আছিল, জ্যোতি সুৰেখা ভেনাম আৰু পৰ্ণীত কৌৰীৰ সৈতে।[6][7]
২০২৩ চনৰ বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল। ২০২৩ চনত এছিয়ান গেমছ ২০২২ত সোণৰ পদক বিজয়ী ভাৰতীয় দলৰ অংশও আছিল।
পুৰস্কাৰ
[সম্পাদনা কৰক]২০২৪ চনৰ ৯ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা লাভ কৰে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Only 17 years old, but Aditi Swami's humble home overflows with medals". The Times of India. 2023-09-12. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/more-sports/others/only-17-years-old-but-aditi-swamis-humble-home-overflows-with-medals/articleshow/103453073.cms.
- ↑ Sportstar, Team (2023-08-05). "World Archery Championships 2023: Aditi, Ojas win gold; Jyothi takes bronze in compound individual event" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/archery/aditi-swami-gold-jyothi-vennam-bronze-world-archery-championships-2023-compound-individual-ojas-deotale-results-scores/article67161552.ece। আহৰণ কৰা হৈছে: 2024-01-09.
- ↑ "Archery: Aditi Swami becomes India's first senior world champ" (en ভাষাত). ESPN. 2023-08-05. https://www.espn.in/olympics/story/_/id/38138773/archery-india-historic-world-championships-gold-aditi-swami-first-world-champion। আহৰণ কৰা হৈছে: 2023-08-06.
- ↑ 4.0 4.1 "Aditi Swami, youngest World champ at 17, trained at archery academy on sugarcane field in Satara" (en ভাষাত). The Indian Express. 2023-08-06. https://indianexpress.com/article/sports/sport-others/aditi-swami-youngest-world-champ-at-17-trained-at-archery-academy-on-sugarcane-field-in-satara-8878665/। আহৰণ কৰা হৈছে: 2024-01-09.
- ↑ "Aditi Gopichand Swami becomes youngest modern world champion | World Archery" (en ভাষাত). www.worldarchery.sport. 2023-08-05. https://www.worldarchery.sport/news/201331/aditi-gopichand-swami-becomes-youngest-modern-world-champion। আহৰণ কৰা হৈছে: 2023-08-06.
- ↑ "Archery: India compound team wins historic Worlds gold" (en ভাষাত). ESPN. 2023-08-04. https://www.espn.in/olympics/story/_/id/38134290/archery-india-historic-world-championships-gold-women-compound-team-jyothi-surekha-vennam-aditi-swami-parneet-kaur। আহৰণ কৰা হৈছে: 2023-08-06.
- ↑ "Archery: Aditi Swami becomes India's first senior world champ" (en ভাষাত). ESPN. 2023-08-05. https://www.espn.in/olympics/story/_/id/38138773/archery-india-historic-world-championships-gold-aditi-swami-first-world-champion। আহৰণ কৰা হৈছে: 2023-08-06.
- ↑ "Full list of Arjuna Awards Winners 2023" (en ভাষাত). India Today. https://www.indiatoday.in/sports/other-sports/story/full-list-arjuna-awards-winners-2023-mohammed-shami-esha-singh-r-vaishali-2486292-2024-01-09। আহৰণ কৰা হৈছে: 2024-01-09.