সমললৈ যাওক

অদিতি ৰঞ্জন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অদিতি ৰঞ্জন

১৯৭৭ চনত আহমেদাবাদৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত অদিতি ৰঞ্জন (পূৰ্বৰ নাম শিৰালী)
জন্ম অদিতি শিৰালী
২৫ ফেব্ৰুৱাৰী, ১৯৫২ (৭৪ বছৰ)
শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, আহমেদাবাদ
পেচা বস্ত্ৰ ডিজাইনাৰ, লেখিকা, ডিজাইন শিক্ষাবিদ
সংস্থা ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, আহমেদাবাদ
জনা যায় বস্ত্ৰ ডিজাইন শিক্ষা
উল্লেখযোগ্য কৰ্ম হেণ্ডমেইড ইন ইণ্ডিয়া
টেক্সটাইল এণ্ড বেম্বু ক্ৰাফ্ট অৱ দা নৰ্থইষ্টাৰ্ণ ৰিজিয়ন
দাম্পত্যসঙ্গী এম. পি. ৰঞ্জন (বিবাহ ১৯৮১; মৃত্যু ২০১৫)
বঁটা, সন্মান, পুৰস্কাৰ আদি কমলা সন্মান বঁটা (এম. পি. ৰঞ্জনৰ সৈতে)

অদিতি ৰঞ্জন (ইংৰাজী: Aditi Ranjan; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৫২) এগৰাকী ভাৰতীয় বস্ত্ৰ ডিজাইনাৰ, শিক্ষাবিদ আৰু গৱেষক। তেওঁ ভাৰতীয় হস্তশিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত।[1] তেওঁ ১৯৭৪ চনৰ পৰা ২০১২ চনলৈ আহমেদাবাদৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত বস্ত্ৰ ডিজাইনৰ অধ্যাপনা কৰিছিল।[2] ৰঞ্জন তেওঁৰ গ্ৰন্থ হেণ্ডমেইড ইন ইণ্ডিয়া: এ জিঅ’গ্ৰাফিক এনচাইক্লোপেডিয়া অৱ ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টৰ বাবে পৰিচিত। ভাৰতীয় কলা আৰু হস্তশিল্পৰ ওপৰত আধাৰিত এই গ্ৰন্থখন তেওঁ তেওঁৰ স্বামী তথা সতীৰ্থ ডিজাইন শিক্ষাবিদ এম. পি. ৰঞ্জনৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰিছিল।[3][4]

অদিতি ৰঞ্জনৰ দ্বাৰা ৰচিত টেক্সটাইল এণ্ড বেম্বু ক্ৰাফ্ট অৱ দা নৰ্থইষ্টাৰ্ণ ৰিজিয়ন (১৯৮৩) গ্ৰন্থৰ বেটুপাত।

তেওঁ বৈন গাঁথনি আৰু কাপোৰ নিৰ্মাণৰ অধ্যয়নৰ সৈতে জড়িত। ইয়াৰ উপৰিও তেওঁ ভাৰতৰ বস্ত্ৰশিল্প, হস্তশিল্প আৰু বৈচিত্ৰময় সাংস্কৃতিক সমলৰ ওপৰত গৱেষণা তথা নথিকৰণ কৰে।[5] তেওঁৰ কিছুমান উল্লেখযোগ্য কৰ্ম হ’ল:

  • টেক্সটাইল এণ্ড বেম্বু ক্ৰাফ্ট অৱ দা নৰ্থইষ্টাৰ্ণ ৰিজিয়ন (১৯৮৩)
  • চিকনকাৰী এম্ব্ৰয়ডাৰী অৱ লক্ষ্ণৌ (১৯৯২), অশোক ৰায়ৰ সৈতে যুটীয়াভাৱে
  • নাভালগুণ্ড ডুৰীজ অৱ কৰ্ণাটক (১৯৯২), চন্দ্ৰশেখৰ ভেড়াৰ সৈতে যুটীয়াভাৱে
  • হেণ্ডমেইড ইন ইণ্ডিয়া: এ জিঅ’গ্ৰাফিক এনচাইক্লোপেডিয়া অৱ ইণ্ডিয়ান হেণ্ডিক্ৰাফ্ট (২০০৯), স্বামী এম. পি. ৰঞ্জনৰ সৈতে যুটীয়াভাৱে।

অদিতি ৰঞ্জনে ১৯৭২ চনৰ পৰা আহমেদাবাদৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত বস্ত্ৰ ডিজাইন বিভাগৰ এগৰাকী শিক্ষাবিদ হিচাপে কাম কৰি আহিছে। ২০১১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ উত্তৰ-পূব ভাৰতৰ বস্ত্ৰ পৰম্পৰাৰ ওপৰত এটা গৱেষণা প্ৰকল্পত নিয়োজিত আছিল। এই প্ৰকল্পটো দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ দ্বাৰা নিৰ্দেশিত আছিল।

ৰঞ্জনে আহমেদাবাদৰ এখন হেৰিটেজ ৰিজৰ্ট 'হাউচ অৱ এমজি'ৰ বস্ত্ৰ গেলাৰী 'আহমেদাবাদ ট্ৰাংক'ৰ বাবে শাৰী আৰু চাদৰৰ এটা ব্যক্তিগত সংগ্ৰহৰ কিউৰেট কৰিছিল।[6] ২০১৯ চনত তাত অনুষ্ঠিত হোৱা আৰ্ট অৱ দা লুম নামৰ প্ৰদৰ্শনীখন তেওঁৰ এক উল্লেখযোগ্য কাম আছিল। এই প্ৰদৰ্শনীত লীনা সাৰাভাই মাংগলদাস আৰু অঞ্জলি মাংগলদাসৰ ব্যক্তিগত সংগ্ৰহৰ হস্ততাঁত বস্ত্ৰসমূহ প্ৰদৰ্শন কৰা হৈছিল।[7]

হেণ্ডমেইড ইন ইণ্ডিয়া

[সম্পাদনা কৰক]

এই গ্ৰন্থখন ২০০২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত লিখা হৈছিল। ইয়াত ভাৰতৰ কলা আৰু হস্তশিল্প পৰম্পৰাৰ বিশদ বিৱৰণ পোৱা যায়। এই প্ৰকল্পটো ৰঞ্জন দম্পতীয়ে পৰিকল্পনা কৰিছিল আৰু ইয়াৰ বাবে তেওঁলোকে সমগ্ৰ দেশতে ব্যাপক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিল। এই গ্ৰন্থখন ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্তশিল্প বিভাগৰ দ্বাৰা প্ৰকাশিত সকলো শিল্পৰ এক আনুষ্ঠানিক নিৰ্দেশিকা।[8] এই গ্ৰন্থখনৰ বাবে অদিতি আৰু এম. পি. ৰঞ্জনক ২০১৪ চনত কমলা সন্মান বঁটাৰে সন্মানিত কৰা হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Meet the nine grande dames of craft in India" (en-IN ভাষাত). Architectural Digest India. 2021-07-14. https://www.architecturaldigest.in/story/meet-the-nine-grande-dames-of-craft-in-india/ আহৰণ কৰা হৈছে: 2022-08-11.
  2. "Design in India" (en-GB ভাষাত). Bangalore International Centre. https://bangaloreinternationalcentre.org/event/design-in-india/ আহৰণ কৰা হৈছে: 2022-08-08.
  3. Kumar, Sujatha Shankar (2014-04-11). "Bonds with tradition" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/bonds-with-tradition/article5901741.ece.
  4. Wangchuk, Rinchen Norbu (2022-04-08). "3 NID Grads Use Stories to Save Over 250 Dying Crafts & Help 200 Artisans Earn More" (en-US ভাষাত). The Better India. https://www.thebetterindia.com/281772/gaatha-preserving-dying-traditional-indian-craft-e-commerce-nid/ আহৰণ কৰা হৈছে: 2022-08-11.
  5. Kumar, Sujatha Shankar (2015-08-14). "A tribute to the design wizard" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/homes-and-gardens/a-tribute-to-mp-ranjan/article7539850.ece.
  6. "Design Thinking" (en ভাষাত). Design thoughts. https://designdesh.wordpress.com/tag/design-thinking/ আহৰণ কৰা হৈছে: 2022-08-08.
  7. Bagchi, Shrabonti (2019-01-12). "The sari specialists" (en ভাষাত). mint. https://www.livemint.com/Leisure/pdvB4RwBZ0sH8nAbxeoDAJ/The-sari-specialists.html আহৰণ কৰা হৈছে: 2022-08-11.
  8. "Aditi and M.P. Ranjan". www.platform-mag.com. https://www.platform-mag.com/design/aditi-and-mp-ranjan.html আহৰণ কৰা হৈছে: 2022-08-09.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]