অদিতি ৰাথোৰ
| অদিতি | |
|---|---|
| জন্ম | ৩০ অক্টোবৰ, ১৯৯৩ (৩২ বছৰ) ৰাজস্থান, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৪–২০২৪ |
| জনা যায় | নামকৰণত অৱনী নীল খান্না |
অদিতি ৰাথোৰ (ইংৰাজী: Aditi Rathore) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ মূলতঃ ষ্টাৰ প্লাছৰ ধাৰাবাহিক নামকৰণত অৱনী আয়েশা আৰু ছাব টিভিৰ ধাৰাবাহিক আংগন - আপনো কাত তন্বী শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। এই দুয়োটা চৰিত্ৰৰ বাবে তেওঁ ইণ্ডিয়ান টেলীভিছন একাডেমী এৱাৰ্ডছৰ জনপ্ৰিয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৯৩ চনৰ ৩০ অক্টোবৰত জয়পুৰৰ এটা মাৰৱাড়ী পৰিয়ালত ৰাথোৰৰ জন্ম হৈছিল।[3] তেওঁ ৰাজস্থানৰ বিকানেৰত ডাঙৰ-দীঘল হৈছিল।[4] তেওঁ বিকানেৰতে স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তাৰ পিছত অভিনয় জীৱন গঢ়িবলৈ মুম্বাইলৈ যায়।
কৰ্মজীৱন
[সম্পাদনা কৰক]জি টিভিৰ ধাৰাবাহিক কুমকুম ভাগ্যত আকাশ অজয় মেহৰাৰ পত্নী ৰচনা মেহৰাৰ চৰিত্ৰৰ জৰিয়তে ৰাথোৰে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ মূলতঃ চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনত সম্প্ৰচাৰিত ধাৰাবাহিক এক দুজে কে ৱাস্তেত প্ৰীতি তিৱাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।[5]
২০১৭ চনৰপৰা ২০১৮ চনলৈ ৰাথোৰে ষ্টাৰ প্লাছৰ দৈনিক ধাৰাবাহিক নামকৰণত অৱনীৰ চৰিত্ৰত অভিনয় কৰিছিল।[6] ধাৰাবাহিকখনৰ কাহিনীত ১৫বছৰীয়া জাঁপ (leap) মৰাৰ পাছত তেওঁ আৰ্ছিন নামদাৰৰ স্থান লৈ এই অনুষ্ঠানত প্ৰৱেশ কৰিছিল।[7]
২০২১ চনত তেওঁ ষ্টাৰ প্লাছৰ অনুষ্ঠান আপকী নজৰোঁ নে সমঝাত খলনায়িকা ড° চৰ্মী হিচাপে যোগদান কৰে।[8][9] ২ বছৰৰ বিৰতিৰ পিছত ২০২৩ চনত তেওঁ ছনী ছাবৰ অনুষ্ঠান আংগন – আপনো কাত তন্বী "তনু" শৰ্মা ত্ৰিপাঠী হিচাপে অভিনয় কৰে।[10]
সংবাদ মাধ্যমত
[সম্পাদনা কৰক]অদিতি ৰাথোৰক ২০১৮ চনৰ ইষ্টাৰ্ণ আইৰ এছিয়াৰ চৰ্বাধিক আবেদনময়ী মহিলাৰ তালিকাত ২৩তম স্থান আৰু ২০১৮ চনৰ বিজ এছিয়াৰ টিভি পাৰ্চনেলিটি তালিকাত ১২তম স্থান প্ৰদান কৰা হৈছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Naamkarann actor Aditi Rathore: Have been extremely lucky to play varied shades in one show". The Indian Express. 15 March 2018. Archived from the original on 15 March 2018. https://web.archive.org/web/20180315142032/http://indianexpress.com/article/entertainment/television/naamkarann-actor-aditi-rathore-5098959/lite/। আহৰণ কৰা হৈছে: 20 June 2018.
- ↑ "Naamkarann: Avni aka Aditi Rathore talks about her drastic transformation post the leap". India Today. https://www.indiatoday.in/television/soaps/story/naamkarann-avni-aka-aditi-rathore-talks-about-her-drastic-transformation-post-the-leap-1172802-2018-02-19.
- ↑ "Naamkaran's Aditi Rathore reunites with her cast and celebrates her birthday - Times of India". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/naamkarans-aditi-rathore-reunites-with-her-cast-and-celebrates-her-birthday/articleshow/66445690.cms.
- ↑ "Everything you need to know about TV sweetheart, Aditi Rathore". https://www.iwmbuzz.com/television/celebrities/everything-need-know-tv-sweetheart-aditi-rathore/2019/05/26.
- ↑ "Naamkarann's new lead Aditi Rathore is dating this hot guy; see pics". India Today. Archived from the original on 20 June 2018. https://web.archive.org/web/20180620210217/https://www.indiatoday.in/television/what's-hot/story/naamkaranns-new-lead-aditi-rathore-is-dating-this-hot-guy-fitness-model-lifetv-964941-2017-03-10। আহৰণ কৰা হৈছে: 20 June 2018.
- ↑ "Zain Imam would like to marry Aditi Rathore - Times of India". timesofindia.com. https://timesofindia.indiatimes.com/tv/news/hindi/zain-imam-would-like-to-marry-aditi-rathore/articleshow/63565503.cms। আহৰণ কৰা হৈছে: 20 June 2018.
- ↑ "It's confirmed: Aditi Rathore is the grown-up Avni in Naamkarann". India Today. Archived from the original on 20 June 2018. https://web.archive.org/web/20180620210214/https://www.indiatoday.in/television/soaps/story/its-confirmed-aditi-rathore-is-the-grown-up-avni-in-naamkarann-lifetv-962320-2017-02-23। আহৰণ কৰা হৈছে: 20 June 2018.
- ↑ A, Nagarathna (10 July 2021). "Aapki Nazron Ne Samjha To Take 3 Years LEAP; Aditi Rathore Makes Entry & Richa Rathore Gets New Look". Filmibeat. https://www.filmibeat.com/television/news/2021/aapki-nazron-ne-samjha-to-take-3-years-leap-aditi-rathore-makes-entry-richa-rathore-gets-new-look-317061.html.
- ↑ Maheshwri, Neha (25 June 2021). "Aditi Rathore of Naamkarann fame replaces Kritika Singh Yadav in Aapki Nazron Ne Samjha". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/aditi-rathore-of-naamkarann-fame-replaces-kritika-singh-yadav-in-aapki-nazron-ne-samjha/articleshow/83837966.cms.
- ↑ "Aditi Rathore, who is a part of ‘Aangan - Aapno Kaa’, talks about the show’s unique premise and how her role connects with her". Tribune India. 5 December 2023. https://m.tribuneindia.com/news/entertainment/aditi-rathore-who-is-a-part-of-aangan-aapno-kaa-talks-about-the-shows-unique-premise-and-how-her-role-connects-with-her-568929.
- ↑ "TV Personality List 2018" (en-GB ভাষাত). Biz Asia. https://www.bizasialive.com/tv-personality-2018-live-updates/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অদিতি ৰাথোৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।