সমললৈ যাওক

অদ্বৈত আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰী

অদ্বৈত আচাৰ্য

অদ্বৈত আচাৰ্য আৰু তেওঁৰ পত্নী সীতা দেৱীৰ কাঠৰ মূৰ্তি, সীতানাথ অদ্বৈত মন্দিৰ, নবদ্বীপ
ব্যক্তিগত
জন্ম
কমলাক্ষ মিশ্ৰ

আনুমানিক ১৪৩৪
নবগ্ৰাম, লাউড় ৰাজ্য (বৰ্তমান বড়ঘাট, তাহিৰপুৰ, সুনামগঞ্জ জিলা, বাংলাদেশ)
ধৰ্ম হিন্দু ধৰ্ম গৌড়ীয় বৈষ্ণৱবাদ
পিতৃ-মাতৃ
  • কুবেৰা আচাৰ্য (father)
জনা যায় চৈতন্য মহাপ্ৰভুৰ সৈতে গৌড়ীয় বৈষ্ণৱবাদ আৰু ভক্তি যোগৰ ব্যাখ্যা আগবঢ়াইছিল
দৰ্শন ভক্তি যোগ, অচিন্ত্য ভেদ অভেদ
জ্যেষ্ঠ বিষয়বাব
গুৰু মাধবেন্দ্ৰ পুৰী

অদ্বৈত আচাৰ্য (IAST: Advaita Ācārya; ১৪৩৪–১৫৫৯ ) (জন্ম কমলাক্ষ মিশ্ৰ)[1] গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক, চৈতন্য মহাপ্ৰভুৰ সংগী আৰু হৰিদাস ঠাকুৰৰ গুৰু আছিল।[2][3] চৈতন্যৰ জন্মৰ প্ৰায় পঞ্চাশ বছৰ আগতে, ১৪৩৪ চনত লাউড়ৰ নবগ্ৰাম গাঁৱত (বৰ্তমানৰ বাংলাদেশসুনামগঞ্জ জিলাত), জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় নদিয়াৰ শান্তিপুৰ চহৰত পত্নী আৰু পৰিয়ালৰ সৈতে কটাইছিল। অদ্বৈত আচাৰ্যৰ ছগৰাকী পুত্ৰ আছিল, অচ্যুতানন্দ দাস (যিয়ে পৰৱৰ্তীকালত চৈতন্যৰ শিষ্যও হৈছিল), কৃষ্ণ মিশ্ৰ, গোপাল দাস, বলৰাম দাস মিশ্ৰ (যাৰ বংশধৰ সকল পিছলৈ নোয়াখালি, চটখিল উপজিলাৰ জমিদাৰ হৈছিল আৰু পিছলৈ পাটোৱাৰী আৰু মজুমদাৰ উপাধি গ্ৰহণ কৰিছিল), স্বৰূপ দাস আৰু জগদীশ মিশ্ৰ।

অদ্বৈত আচাৰ্যই যোগবশিষ্ঠ-ভৈষ্ঠ আৰু গীতা ভাষ্য নামৰ দুখন সংস্কৃত গ্ৰন্থ ৰচনা কৰিছিল৷[4] অদ্বৈত আচাৰ্যৰ বংশাৱলী আৰু জীৱনৰ বিষয়ে কেইবাখনো চৰিতপুথিত বৰ্ণনা কৰা হৈছে, য'ত সংস্কৃতত কৃষ্ণদাসৰ বাল্যলীলা-সূত্ৰ (১৪৮৭)[টোকা 1] আৰু বাংলাত কৃষ্ণদাসৰ অদ্বৈতসূত্ৰকড়চ, হৰিচৰণদাসৰ অদ্বৈতমংগল, ঈশান নগৰৰ অদ্বৈতপ্ৰকাশ[5] আৰু নৰহৰিদাসৰ অদ্বৈতবিলাস আদি৷[6] চৈতন্য চৰিতামৃত, চৈতন্য মঙ্গল আৰু চৈতন্য ভাগৱতত তেওঁৰ বহু কৰ্মৰাজিৰ বৰ্ণনা পোৱা যায়৷

Five colorful statues of deitiesChaitanyaNityanandaAdvaita AcharyaGadadhara PanditaSrivasa Thakura
Pancha Tattva deities installed on a Vaishnava altar. From left to right (click on feet to go to article): Advaita Acharya, Nityananda, Chaitanya, Gadadhara Pandita, Srivasa.

অদ্বৈত আচাৰ্য কুবেৰ আচাৰ্যৰ পুত্ৰ আছিল। কুবেৰ আছিল লাউড়ৰ ৰজা দিব্য সিংহৰ সভাসদ৷ কুবেৰৰ পিতৃ নৰসিংহ, নদিয়ালৰ ৰজা গণেশৰ মন্ত্ৰী আছিল।[7]

জীৱনৰ অন্তিম বছৰবোৰত অদ্বৈত বস্তুবাদী লক্ষ্যৰ সন্ধানত ক্ৰমান্বয়ে দুখী হৈ পৰিছিল যিয়ে তেওঁৰ মতে এক অকাৰ্যকৰী, অসুখী সমাজলৈ লৈ যায় আৰু তেওঁ এই সিদ্ধান্তত উপনীত হয় যে সকলো সমস্যাৰ একমাত্ৰ সমাধান হ’ল কৃষ্ণ দেৱতাক প্ৰাৰ্থনা কৰি মানুহক আধ্যাত্মিক জীৱনৰ আনন্দৰ প্ৰতি আকৰ্ষণ কৰা। অদ্বৈতদেৱে কেইবামাহো প্ৰাৰ্থনা কৰি কান্দি কান্দি পবিত্ৰ তুলসী পাত আৰু গংগা পানীৰে শালিগ্ৰাম শিলা ৰূপত তেওঁক পূজা কৰিছিল বুলি কোৱা হয়। সুদীৰ্ঘ তেৰ মাহৰ পিছত পূৰ্ণিমাৰ সূৰ্যগ্ৰহণৰ সময়ত, চৈতন্য মহাপ্ৰভুৰ জন্মৰ সময়ত, তেওঁৰ প্ৰাৰ্থনাসমূহ গ্ৰহণ হৈছিল।

অদ্বৈতেই প্ৰথমে চৈতন্যক ঈশ্বৰ বুলি ঘোষণা কৰিছিল ‘নমো ব্ৰাহ্মণ্য দেৱায় গো-ব্ৰাহ্মণ হিতায় চ জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ’ অৰ্থাৎ, ‘গৰু আৰু ব্ৰাহ্মণৰ লগতে সমগ্ৰ জগতৰ কল্যাণকাৰী দেৱতা কৃষ্ণ, গোবিন্দক মই প্ৰণাম জনাইছো।' তেওঁ হৰে কৃষ্ণ মন্ত্ৰ প্ৰচাৰৰ অভিযানত চৈতন্য আৰু নিত্যানন্দ দুয়োৰে ঘনিষ্ঠ বন্ধু আছিল বুলি জনা যায়। অদ্বৈতৰ বাসস্থানেই আছিল প্ৰথম স্থান য'ত চৈতন্যই দান-বৰঙণি লৈছিল, আৰু ইয়াতেই তেওঁ চৈতন্যক কৈছিল "আপুনি য'তেই আছে তাতেই বৃন্দাবন৷"ʼ[8] তেওঁৰ জন্মদিন উপলক্ষে সদস্যসকলে তেওঁৰ সন্মানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে আৰু তেওঁৰ জীৱনৰ কাহিনী পঢ়ে আৰু আলোচনা কৰে।

অদ্বৈতৰ দুই সন্তানৰ বহু বংশধৰ আছে। বিজয় কৃষ্ণ গোস্বামী তাৰে এটি বংশৰ অন্তৰ্গত। কবি, নাট্যকাৰ আৰু সংগীতজ্ঞ দ্বিজেন্দ্ৰলাল ৰায় মাতৃৰ ফালৰ পৰা অদ্বৈতৰ বংশধৰ আছিল আৰু দ্বিজেন্দ্ৰলালৰ পুত্ৰ দিলীপ কুমাৰ ৰায়ও অদ্বৈতৰ বংশধৰ আছিল।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ আৰু টোকা

[সম্পাদনা কৰক]
  1. Krishna Das is the name of Divya Singha, the king of Laur. After becoming a fellower of Advaita Acharya, Divya Singha adopted this name.[4]
  1. "Shantipur parichoy"-Kalikrishna Bhattacharaya&"Samajer Pratichhabi Bises Shantipur Sankhya."-editor-Satya Narayan Goswami. A. N. Chatterjee (1984). Srikṛṣṇa Caitanya: A Historical Study on Gauḍiya Vaiṣṇavism. Associated Pub. Co.. ISBN 9780836413212. https://books.google.com/books?id=mEsdAAAAMAAJ। আহৰণ কৰা হৈছে: 2008-06-07. p. 52
  2. Brzezinski, J.A.N. (2004). "Charismatic Renewal And Institutionalization In The History Of Gaudiya Vaishnavism And The Gaudiya Math". The Hare Krishna Movement: The Postcharismatic Fate of a Religious Transplant (Columbia University Press). ISBN 978-0-231-12256-6. https://books.google.com/books?id=mBMxPdgrBhoC&dq=Advaita+Acharya&pg=PA73। আহৰণ কৰা হৈছে: 2008-06-07. 
  3. Rebecca Manring (2005). Reconstructing tradition: Advaita Ācārya and Gauḍīya Vaiṣṇavism at the cusp of the twentieth century. প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 168. ISBN 0-231-12954-8. 
  4. 4.0 4.1 Momin, Mignonette; Mawlong, Cecile A.; Qādrī, Fuz̤ail Aḥmad (2006) (en ভাষাত). Society and Economy in North-East India. Regency Publications. পৃষ্ঠা. 271. ISBN 978-81-89233-40-2. https://books.google.com/books?id=Djx131iEeYkC. 
  5. Sen, Sukumar (1991, reprint 2007). Bangala Sahityer Itihas, Vol.I, (in বঙালী), Kolkata: Ananda Publishers, আই.এচ.বি.এন. 81-7066-966-9, pp.302-6
  6. Sen, Dinesh Chandra (1911). ''History of Bengali Language and Literature'', Calcutta: University of Calcutta, pp.496-7
  7. Nath, Rajmohan (1948). The back-ground of Assamese culture. A. K. Nath. পৃষ্ঠা. 123. https://archive.org/details/in.ernet.dli.2015.126984/page/n169. 
  8. Goswami, Satsvarupa dasa (2002). Srila Prabhupada Lilamrta Vol 1-2 (2 nd সম্পাদনা). প্ৰকাশক Los Angeles: Bhaktivedanta Book Trust. পৃষ্ঠা. Ch.55. ISBN 0-89213-357-0. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]