সমললৈ যাওক

অনন্ত কায়স্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৃদয়ানন্দ বা অনন্ত কায়স্থ
জন্ম সপ্তদশ শতিকা
অসম
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি শ্ৰীৰাম-কীৰ্তন, প্ৰেমলতা

অনন্ত কায়স্থ বা হৃদয়ানন্দ সপ্তদশ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। সপ্তদশ শতিকাৰ ৰামায়ণ ৰচকসকলৰ ভিতৰত অনন্তদাস বা হৃদয়ানন্দ কায়স্থৰ 'শ্ৰীৰাম-কীৰ্তন' বিশেষভাবে উল্লেখযোগ্য। মায়ঙৰ কালশিৰা গোসাঁইৰ বংশাৱলীৰপৰা জনা যায় যে অনন্ত বা হৃদয়ানন্দৰ পিতৃৰ নাম যদুগিৰি।[1][2][3]

আত্ম পৰিচয়

[সম্পাদনা কৰক]

'শ্ৰীৰাম-কীৰ্তন'ত এওঁৰ পৰিচয় এইদৰে পোৱা যায়ঃ

যশ চন্দ্ৰ খাঁ যে ভূঞা আছিলা প্ৰখ্যাত বৰ

সদায়ে ধৰ্মত যাৰ চিত্ত।

তাহাৰ কনিষ্ঠ ভাই সুকবি যে গিৰি নামে

খ্যাতি তান পুত্ৰ যদু হয়।

শংকৰৰ ভ্ৰাতৃ পৌত্ৰী নামে বিষ্ণুপ্ৰিয়া শান্তী

বিহাইলন্ত যদু শুভানয়।

তান গৰ্ভে ভৈলো জাত নুহিকোহো আমি খ্যাত

পৰম মুৰুখ মূঢ়মতি।

সাহিত্যকৃতি

[সম্পাদনা কৰক]

হৃদয়ানন্দ বা অনন্তই বৰপেটাৰ বাৰাদিৰপৰা উঠি আহি নগাঁও অঞ্চলৰ মায়ঙত সত্ৰ পাতি 'শ্ৰীৰামকীৰ্তন' আৰু 'প্ৰেমলতা' দুখন পুথি ৰচনা কৰে। শ্ৰীৰামকীৰ্তনৰ ৰচনাৰ শক ১৫৭৭ ইং ১৬৫৫ খ্ৰীষ্টাব্দ। এই গ্ৰন্থ কলাপচন্দ্ৰ দ্বিজৰ ৰামায়ণৰ সাৰস্বৰূপ 'ৰামায়ণ চন্দ্ৰিকা' নামৰ পুথিৰ সহায়ত ৰচনা কৰে। মহাপুৰুষ শঙ্কৰদেৱৰ কীৰ্তনৰ প্ৰভাব এই শ্ৰীৰাম-কীৰ্তনত যথেষ্ট দেখা যায়। পুথিৰ এঠাইত এইদৰে আছেঃ[1]

জয় জয় শ্ৰীমন্ত শঙ্কৰ পূৰ্ণ কাম।

কীৰ্তনৰ ছন্দ্ৰে বিৰচিলো গুণ নাম॥

কীৰ্তনৰ ছন্দে বিৰচিলো পদ সাৰ।

শ্ৰীৰাম কীৰ্তন নাম জানিবা ইহাৰ॥

শ্ৰীৰামকীৰ্তন, ৰামায়ণৰ চমু, প্ৰাঞ্জল আৰু ত্ৰুটিমধুৰ ৰূপান্তৰ। বাল্মীকিৰ ৰামায়ণৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও মোটামুটিভাবে বাল্মীকিৰ কাহিনীৰ অনুগামী। 'প্ৰেমলতা' ভক্তিমূলক গ্ৰন্থ।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক—সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক- সৌমাৰ প্ৰকাশ। ২০১৮, গুৱাহাটী, পৃষ্ঠা ১৮০-১৮১
  2. শংকৰোত্তৰ যুগৰ অন্যান্য কবিসকল
  3. শিৱনাথ বৰ্মন(সম্পা).অসমীয়া সাহিত্যৰ বুৰঞ্জী,দ্বিতীয় খণ্ড.প্ৰকাশক: আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা