সমললৈ যাওক

অনন্ত চতুৰ্দশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনন্ত চতুৰ্দশী
অনন্ত চতুৰ্দশী
ভুৱনেশ্বৰৰ পৰশুৰামেশ্বৰ মন্দিৰত অনন্তৰ আশ্ৰয়প্ৰাপ্ত বিষ্ণুৰ এটি ভাস্কৰ্য্য
পালন কৰে হিন্দুসকলে
প্ৰকাৰ ধৰ্মীয়, ভাৰতীয় উপমহাদেশ
তাৰিখ *৬ ছেপ্টেম্বৰ ২০২৫
আচাৰ গণেশ মূৰ্তি বিসৰ্জন, পৱিত্ৰ সূতা পিন্ধা (যজ্ঞোপবীত), প্ৰাৰ্থনা, ধৰ্মীয় অনুষ্ঠান (চাওক পূজা, প্ৰসাদ)
পৰৱৰ্তী তাৰিখ পঞ্জিকা অনুসৰি প্ৰতি বছৰে একেদিনাই
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

অনন্ত চতুৰ্দশী (Sanskrit: अनंतचतुर्दशी, romanized: Anantacaturdaśī) হিন্দুধৰ্মাৱলম্বী লোকসকলৰদ্বাৰা উদ্‌যাপিত, ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এটি উৎসৱ। এই উৎসৱ হিন্দু ভাদ্ৰপদ মাহৰ শুক্লপক্ষত চতুৰ্দশী তিথিত পালন কৰা হয়। অগ্নি পুৰাণৰ মতে, অনুগামীসকলক পাপৰপৰা মুক্ত কৰিবলৈ এই উপলক্ষ্যে বিষ্ণুৰ অনন্ত (শেশ; ঐশ্বৰিক নাগ) প্ৰকাশক পূজা কৰা হয়।[1][2]

অনন্ত চতুৰ্দশীক দহদিনীয়া গণেশ চতুৰ্থী উৎসৱৰ শেষ দিন হিচাপেও চিহ্নিত কৰা হয় আৰু ইয়াক গণেশ চৌদস বুলিও কোৱা হয়। সেইদিনা ভক্তসকলে গণেশ দেৱতাৰ মূৰ্তিবোৰ পানীত বিসৰ্জন দি তেওঁক বিদায় জনায়।[3]

কিংবদন্তি

[সম্পাদনা কৰক]

অনন্ত চতুৰ্দশীৰ আঁৰৰ এটা কিংবদন্তি মহাভাৰতত পোৱা যায়। ইয়াত সুশীলা নামৰ এগৰাকী মহিলাই নদীৰ পাৰৰ ওচৰত অনন্তক পূজা কৰি থকা মহিলাৰ দল এটাৰ সন্মুখীন হোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে। তেওঁলোকে মহিলাগৰাকীক বুজাই দিলে যে এই ব্ৰত পালনকৰাসকলে অতিশয় পুণ্য অৰ্জন কৰিব আৰু নিৰাপত্তা অৰ্জন কৰিব। অনন্তৰ ৰূপটো দৰ্ভ (পৱিত্ৰ ঘাঁহ)ৰপৰা তৈয়াৰ কৰি টোপোলাত ৰখা হৈছিল, য’ত ইয়াক সুগন্ধি ফুল, তেলৰ চাকি, ধূপ-কাঠি আৰু তেওঁলোকে প্ৰস্তুত কৰা খাদ্যৰে পূজা কৰা হৈছিল। সুশীলাই মহিলাসকলৰ সৈতে এই অনুষ্ঠানটো যোগ দিছিল, তাৰ পিছত তেওঁৰ হাতৰ কব্জিত ১৪টা গাঁঠিযুক্ত সংস্কাৰমূলক সূতা বান্ধি দিয়া হৈছিল। তাৰ পিছত তেওঁৰ স্বামী ঋষি কৌণ্ডিন্যৰ ওচৰলৈ উভতি আহে।[3]

দম্পতীহাল অমৰাৱতী নামৰ এখন চহৰত উপস্থিত হʼলগৈ, য’ত বাসিন্দাসকলে তেওঁলোকৰ ধৰ্মপৰায়ণতাৰ বাবে আদৰণি জনাই বিশাল ঘৰ এটা অৰ্পণ কৰে। কৌণ্ডিন্য সমৃদ্ধিশালী হ’বলৈ ধৰিলে আৰু অত্যন্ত ধনী হৈ পৰে। সুশীলাৰ হাতৰ কব্জিত থকা সূতাডাল এদিন কৌণ্ডিন্যৰ চকুত পৰিল। যেতিয়া তেওঁ তাইৰপৰা শুনিলে যে তেওঁৰ ধনৰ আঁৰৰ কাৰণ তাইৰ ব্ৰত পালন, তেতিয়া তেওঁ অসন্তুষ্ট হৈ কৈছিল যে তেওঁলোকৰ ধন অনন্তৰ বাবে নহয়, বৰঞ্চ তেওঁৰ নিজৰ প্ৰচেষ্টাৰ বাবেই হৈছে। এনেকৈ কৈ কৌণ্ডিন্যই সুশীলাৰ হাতৰপৰা সূতাটো লৈ, তাইৰ অনুৰোধৰ পিছতো জুইত পেলাই দিলে।

ইয়াৰ পিছত তেওঁলোকৰ ওপৰত দুৰ্ভাগ্য পৰিল: তেওঁলোক চৰম দৰিদ্ৰতাত পৰে, তেওঁলোকৰ ওচৰ-চুবুৰীয়া তেওঁলোকৰপৰা আঁতৰি যায় আৰু তেওঁলোকৰ ঘৰত জুই লাগে। অনুতাপ কৰা কৌণ্ডিন্যই বুজিলে যে এয়া হৈছে অনন্তক অপমান কৰাৰ শাস্তি। তেওঁ ঠায়ে ঠায়ে ঘূৰি ফুৰিছিল, কেইবাটাও জীৱ আৰু হ্ৰদক সুধিছিল যে তেওঁলোকে তেওঁক ক’ব পাৰে নেকি যে তেওঁ অনন্তক ক’ত পাব। ভ্ৰমণকালত তেওঁ কেইবাটাও অস্বাভাৱিক দৃশ্যৰ সন্মুখীন হৈছিল। অৱশেষত অনন্তই এজন বৃদ্ধ ব্ৰাহ্মণৰ বেশ ধৰি তেওঁৰ সন্মুখত উপস্থিত হয় আৰু তাৰ পিছত কৌণ্ডিন্যই ক্ষমা বিচাৰিলে। কৌণ্ডিন্যই বিচৰণ কালত পৰ্যবেক্ষণ কৰা অস্বাভাৱিক দৃশ্যবোৰৰ তাৎপৰ্য বুজাই দিয়াৰ পাছত অনন্তই কৌণ্ডিন্যক ক্ষমা কৰি দিলে। অনন্তই কৌণ্ডিন্যক অনন্ত চতুৰ্দশী ব্ৰত চৈধ্য বছৰ পালন কৰিবলৈ ক’লে, তেওঁক আশ্বাস প্ৰদান কৰে যে তেওঁ জীৱিত কালত সমৃদ্ধি আৰু মৃত্যুৰ পাছত নক্ষত্ৰলোক লাভ কৰিব। এইদৰে কৌণ্ডিন্য আৰু সুশীলাই ব্ৰত পালন কৰি সুখী জীৱন-যাপন কৰিবলৈ লয়।[1]

জৈন ধৰ্মীয় তাৎপৰ্য্য

[সম্পাদনা কৰক]

জৈনসকলৰ উৎসৱৰ পঞ্জিকাত এইটো এটা গুৰুত্বপূৰ্ণ দিন। জৈনসকলে ভাদ মাহৰ শেষৰ ১০ দিনত পৰ্ব পৰ্যূষণ পালন কৰে- দিগম্বৰ জৈনসকলে দশলক্ষণ পৰ্বৰ দহ দিন পালন কৰে। চতুৰ্দশী (অনন্ত চৌদস বুলিও জনা যায়) দশলক্ষণ পৰ্বৰ অন্তিম দিন। ক্ষমাৱনী হʼল জৈনসকলে ইচ্ছাকৃত বা অনিচ্ছাকৃত পাপৰ বাবে ক্ষমা বিচৰা দিন; অনন্ত চতুৰ্দশীৰ এদিন পাছত পালন কৰা হয়। এই দিনটোতে বৰ্তমানৰ মহাজাগতিক চক্ৰৰ দ্বাদশ তীৰ্থংকৰ বাসুপুজ্যই নিৰ্বাণ লাভ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

হিন্দু ধৰ্মীয় তাৎপৰ্য্য

[সম্পাদনা কৰক]

নেপাল, বিহাৰ আৰু পূব উত্তৰ প্ৰদেশৰ কিছু অংশত এই উৎসৱ ক্ষীৰ সাগৰ আৰু বিষ্ণুঅনন্তৰূপৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। কুমকুম বা সেন্দূৰেৰে এখন কাঠৰ তক্তাত চৈধ্যটা তিলক তৈয়াৰ কৰা হয়। চৈধ্যখন পুৰি আৰু চৈধ্যখন পুৱা সেন্দূৰৰ তিলকৰ ওপৰত ৰখা হয়। এই কাঠৰ তক্তাখনত ক্ষীৰ সাগৰৰ প্ৰতীক পঞ্চামৃত (গাখীৰ, দৈ, গুড় বা চেনি, মৌ আৰু ঘিউৰে তৈয়াৰী) থকা এটা বাটি ৰখা হয়। বিষ্ণুৰ অনন্তৰূপৰ প্ৰতীক ১৪টা গাঁঠিৰ এটা সূতা তিয়হৰ ওপৰত মেৰিয়াই পঞ্চমৃতত পাঁচবাৰ ঘূৰ্ণিত কৰা হয়। পাছলৈ এই অনন্ত সূতাটো পুৰুষে কঁকালৰ ওপৰত সোঁহাতত আৰু মহিলাসকলে বাঁওহাতত বান্ধি লয়। এই অনন্ত সূতাটো ১৪ দিনৰ পিছত খুলি দিয়া হয়। বিশেষ ৰীতি-নীতিৰ লগতে এই দিনটোত ভক্তসকলে উপবাস কৰে।[4][অতিৰিক্ত উৎসৰ প্ৰয়োজন]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Saxena, Monika (2018-09-03) (en ভাষাত). Women and the Puranic Tradition in India. Routledge. পৃষ্ঠা. 198. ISBN 978-0-429-82639-9. https://books.google.com/books?id=OwtpDwAAQBAJ&dq=Anantacaturda%C5%9B%C4%AB&pg=PT198. 
  2. Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 245. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  3. 3.0 3.1 Melton, J. Gordon (2011-09-13) (en ভাষাত). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃষ্ঠা. 32–33. ISBN 978-1-59884-205-0. https://books.google.com/books?id=KDU30Ae4S4cC&dq=anant+chaturdashi&pg=PA32. 
  4. Lochtefeld, James G. (2002) (en ভাষাত). The Illustrated Encyclopedia of Hinduism: A-M. Rosen. পৃষ্ঠা. 37. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=AbWazgEACAAJ.