সমললৈ যাওক

অনসুয়াবাই কালে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুসুয়াবাই কালে
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৯৫২  ১৯৫৯
উত্তৰসূৰী মাধৱ শ্ৰীহৰি অনেই
সমষ্টি নাগপুৰ
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী পুৰুষোত্তম বালকৃষ্ণ কালে
সন্তান ৩ গৰাকী পুত্ৰ আৰু ২গৰাকী কন্যা

অনসুয়াবাই কালে (ইংৰাজী: Anasuyabai Kale) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নাগপুৰৰ পৰা তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত পুনৰ দ্বিতীয় লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।[1][2]

লোকসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে কালে ১৯২৮ চনত মনোনীত হোৱা কেন্দ্ৰীয় প্ৰদেশ আৰু বেৰাৰৰ বিধানসভাৰ সদস্য আছিল। ১৯৩৭ চনত কেন্দ্ৰীয় প্ৰদেশ বিধানসভাৰ উপ-সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।[1] ১৯৪৮ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷[3]

আউন্ধ ৰাজ্যৰ দ্য দিৱানৰ তেওঁ বংশধৰ আছিল। পুনাৰ হুজুৰ পাগা হাইস্কুল আৰু ফাৰ্গুচন কলেজত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ তাৰ পিছত তেওঁ বৰোদাৰ বৰোদা কলেজত শিক্ষা গ্ৰহণ কৰে। পুৰুষোত্তম বালকৃষ্ণ কালেৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছিল।[1] ১৯৫৭ চনত নাগপুৰৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত দুবছৰৰ পিছত মধ্যকালীন অৱস্থাত তেওঁৰ মৃত্যু হয়।[4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Anasuyabai Kale Profile". Lok Sabha. http://164.100.47.192/loksabha/writereaddata/biodata_1_12/775.htm আহৰণ কৰা হৈছে: 2016-06-14.
  2. S.R. Bakshi And O.P. Ralhan (2008). Madhya Pradesh Through the Ages. Sarup & Sons. পৃষ্ঠা. 68–. ISBN 978-81-7625-806-7. https://books.google.com/books?id=Bt1XStNgHeEC&pg=PA68 আহৰণ কৰা হৈছে: 2016-06-14.
  3. "Past Presidents". All India Women's Conference. Archived from the original on 2016-03-09. https://web.archive.org/web/20160309043554/http://aiwc.org.in/past-presidents.aspx আহৰণ কৰা হৈছে: 2016-07-15.
  4. "The Parallel Force". StreeShakti. http://www.streeshakti.com/bookA.aspx?author=26 আহৰণ কৰা হৈছে: 9 Mar 2023.
  5. The Times of India Directory & Yearbook, Including Who's who. Times of India Press. 1958. পৃষ্ঠা. 1120. https://books.google.com/books?id=lXEiAQAAIAAJ আহৰণ কৰা হৈছে: 9 Mar 2023.