অনাপোট্টান

অনাপোট্টান (ইংৰাজী: Onapottan; যাক অনেশ্বৰন বুলিও জনা যায়) হৈছে কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত ওনাম উৎসৱৰ সময়ত দেখা পোৱা এটা পৰম্পৰাগত লোক-চৰিত্ৰ।[1] অনাম উৎসৱৰ উত্ৰাডম আৰু থিৰুভনম দিনকেইটাত অনাপোট্টানে মানুহৰ ঘৰে ঘৰে গৈ দেখা দিয়ে।[2]
অনাপোট্টানৰ চৰিত্ৰটো এজন স্থানীয় শিল্পীয়ে ৰূপায়ণ কৰে। এই চৰিত্ৰটোক অনাপোট্টান নাম দিয়াৰ কাৰণ হ’ল তেওঁ কাৰো সৈতে কথা নাপাতে (মালয়ালম ভাষাত পোট্টান শব্দৰ অৰ্থ হৈছে বধিৰ বা বোবা)। হাতত থকা পৰম্পৰাগত ঘণ্টা বজাই তেওঁ নিজৰ আগমনৰ জাননী দিয়ে। তেওঁ এক গধুৰ মুকুট, তালপাতৰ ছাতি, খাৰু আৰু মুখত ৰং সানি এক জটিল তথা আকৰ্ষণীয় সাজ-পোছাক পৰিধান কৰে।[2] বিশ্বাস কৰা হয় যে তেওঁ ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়াৰ জৰিয়তে পৰিয়ালটোলৈ সমৃদ্ধি কঢ়িয়াই আনে। বৰ্তমান সময়ত চহৰ অঞ্চলত অনাপোট্টান সচৰাচৰ দেখা পোৱা নাযায় আৰু ই কেৱল গাঁও অঞ্চলতহে জনপ্ৰিয়।[1] কেৰালাৰ কিছুমান অংশত অনাপোট্টানৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ অধিকাৰ কেৱল মালয়ালম সম্প্ৰদায়ৰ সদস্যসকলৰ মাজতে সীমাবদ্ধ।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Onapottan সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- 1 2 "Onapottan, Kummattikali....Names that you hear during Onam". Mathrubhumi. http://english.mathrubhumi.com/features/specials/onapottan-kummattikali-names-that-you-hear-during-onam-english-news-1.1336028। আহৰণ কৰা হৈছে: 15 December 2017.
- 1 2 "ഓണവരവറിയിച്ച് ഓണപ്പൊട്ടന് ഒരുക്കം തുടങ്ങി" (en ভাষাত). www.mathrubhumi.com. http://www.mathrubhumi.com/tv/ReadMore/18219/heralding-onam-festival-onapottan-gets-ready/E। আহৰণ কৰা হৈছে: 15 December 2017.[সংযোগবিহীন উৎস]
- ↑ E, Shinod (7 September 2011). "ചിരിയും കളിയുമായി ഓണപ്പൊട്ടന്" (ml ভাষাত). Mathrubhumimalayalam.oneindia.com. https://malayalam.oneindia.com/onam/2011/onam-onapottan-theyyam-malabar-onathappan-aid0178.html। আহৰণ কৰা হৈছে: 15 December 2017.