অনাহিতা খালাতবাৰী
| অনাহিতা খালাতবাৰী | |
|---|---|
২০০৬ চনত খালাতবাৰী | |
| স্থানীয় নাম | آناهیتا خلعتبری |
| জন্ম | তেহৰাণ, ইৰান |
| অন্য নাম | বাৰ্বী |
| পেচা | সাংবাদিক, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, সংবাদ পৰিৱেশক |
| ৱেবছাইট | |
| anahitakhalatbari | |
অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা।[1] তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ আজু-ককা ছেপাহদাৰ আজম ৰাজকীয় খালাতবাৰী পৰিয়ালৰ আছিল আৰু তেওঁ ৪টা কাৰ্যকালৰ বাবে (১৯০৯ চনত) ইৰানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯২০ চনত ব্ৰিটিছৰদ্বাৰা জাপি দিয়া পহ্লৱী ৰাজবংশ আৰু ৰেজা খানৰ উত্থানৰ লগে লগে, ছেপাহদাৰ আজমৰ ওপৰত ৰাজনৈতিক চাপ বৃদ্ধি পায়। তেওঁৰ ধন-সম্পত্তি আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত নতুন চৰকাৰে তেওঁৰ বহু সম্পত্তি জব্দ কৰে। পৰৱৰ্তী সময়ত ছেপাহদাৰ আজমে আত্মহত্যা কৰে।
শিক্ষা
[সম্পাদনা কৰক]খালাতবাৰীয়ে ইংলেণ্ডৰ লণ্ডনত ৰাজনীতি বিজ্ঞান আৰু সমাজবিজ্ঞান অধ্যয়ন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ ৰক্ষণশীল পিতৃৰ সন্মতি নথকা সত্ত্বেও ব্ৰডকাষ্টিং (সম্প্ৰচাৰ কাৰ্য) আৰু অভিনয়ৰ প্ৰতি থকা হেঁপাহ পূৰণ কৰিবলৈ কেলিফৰ্নিয়ালৈ স্থানান্তৰিত হয়।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]অনাহিতা খালাতবাৰীয়ে তেওঁৰ সমগ্ৰ কেৰিয়াৰত ৰাজনীতিবিদ, চিকিৎসক, শল্যচিকিৎসক আৰু কেইবাগৰাকীও তাৰকাসহ শতাধিক বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে; যাৰ ভিতৰত ইজৰাইলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, চিনেটৰ ৰডৰিক ডি. ৰাইট, শ্বেৰিফ লী বাক্কা, লছ এঞ্জেলছৰ প্ৰাক্তন মেয়ৰ এণ্টনিঅ’ ভিলাৰাইগোছা আৰু লেৰী কিং অন্যতম।
এন.বি.চি. (NBC) চেনেলৰ ৰি-এনেক্টমেণ্ট কোৰ্ট টিভি শ্ব’ "উই দ্য পিপল উইথ গ্ল’ৰিয়া অলৰেড"-ত অধিবক্তা গ্ল’ৰিয়া অলৰেডৰ বিপৰীতে তেওঁ জেণ্টিফাৰ হাৰ্ডিসন নামৰ এগৰাকী বাদীৰ চৰিত্ৰত অভিনয় কৰিছিল।[1][2] ইয়াৰ উপৰি খালাতবাৰীয়ে ৰামিন নিয়ামীৰ পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী ছবি শ্বিৰীন ইন লাভ-তো অভিনয় কৰিছিল। এই ছবিখনত অনাহিতা খালাতবাৰীৰ উৎকৃষ্ট অভিনয়শৈলীক বিখ্যাত চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে প্ৰশংসা কৰি ইয়াৰ তুলনা ফে ডোনাৱেৰ সৈতে কৰিছিল। ৰজাৰ ইবাৰ্টে লিখিছিল, "অনাহিতা খালাতবাৰীয়ে ছবিখনত যিধৰণৰ অভিনয় প্ৰদৰ্শন কৰিছে, সেয়া 'মামী ডিয়াৰেষ্ট' ছবিত ফে ডোনাৱেৰ অতি মাত্ৰা নিয়ন্ত্ৰণকাৰী মাতৃৰ চৰিত্ৰটোৰ এক হাস্যৰসাত্মক সংস্কৰণৰ দৰে সুন্দৰ হৈছে। ই ইমানেই ভাল হৈছে যে খালাতবাৰীৰ এইখন প্ৰথম ছবি হিচাপে এয়া দুগুণে প্ৰশংসনীয়।" [3][4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "آناهيتا خلعتبري چهره معروف و با سابقه تلويزيوني". http://javanan.com। আহৰণ কৰা হৈছে: 11 December 2013.
- ↑ "We the People With Gloria Allred: Season 1, Episode 55 Eyelash Disaster/Heart Broken Heirloom". imdb.com. https://imdb.com। আহৰণ কৰা হৈছে: 11 December 2013.
- ↑ "Shirin in Love". imdb.com. https://imdb.com। আহৰণ কৰা হৈছে: 11 December 2013.
- ↑ "Shirin in Love movie review & film summary (2014)". http://rogerebert.com.
- ↑ "Writing a New Romance". March 14, 2014. https://nytimes.com। আহৰণ কৰা হৈছে: October 28, 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবছাইট
- অনাহিতা খালাতবাৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।