অনাৰকলি কৌৰ হনাৰায়ৰ

আনাৰকলি কৌৰ হনাৰায়ৰ (ইংৰাজী: Anarkali Kaur Honaryar) এগৰাকী শিখ আফগান ৰাজনীতিবিদ।[1]তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু এগৰাকী দন্ত চিকিৎসক।[2]
আফগানিস্তানত মাত্ৰ প্ৰায় ৩০ হাজাৰ শিখ আৰু হিন্দু আছিল৷ তাৰ ভিতৰত অনাৰকলি কৌৰ হনাৰায়ৰ অন্যতম। আফগানিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ তেওঁ প্ৰথমগৰাকী অ-মুছলমান সদস্য।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০১ চনত তালিবানক উৎখাত কৰাৰ সময়ত হনাৰায়ৰে কাবুল বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল। তালিবান শাসনৰ পতনৰ পিছত আফগানিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰ বাছি লোৱা ল'য়া জিৰ্গাৰ সদস্য আৰু আফগান সংবিধান সমিতিৰ তেওঁ সদস্য।[4] ২০০৬ চনত তেওঁ আফগান স্বতন্ত্ৰ মানৱ অধিকাৰ আয়োগৰ সদস্য হয়।[2]
২০১০ চনত হনাৰায়ৰে দেশৰ মেশ্ৰানো জিৰ্গালৈ নিৰ্বাচিত হয় আৰু এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী অমুছলমান মহিলা৷ ২০১৫ চনৰ মাজভাগত তেওঁ নিজৰ পদ এৰি দিয়ে।[1]
২০২১ চনৰ ২২ আগষ্টত ২০২১ চনত কাবুল তালিবানৰ হাতত পৰাৰ মাজতে ভাৰতীয় বাহিনীয়ে আফগানিস্তানৰ পৰা উদ্ধাৰ কৰা ভাৰতীয়সকলৰ সৈতে তেওঁ ভাৰতলৈ আহে।[5]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]হনাৰায়ৰ এগৰাকী সুপৰিচিত মানৱ অধিকাৰ কৰ্মী[4]আৰু "ঘৰুৱা নিৰ্যাতন, বলপূৰ্বক বিবাহ আৰু লিংগ বৈষম্যৰ দ্বাৰা ভোগা মহিলাসকলক সহায় কৰাৰ বাবে আৰু তেওঁৰ মাজত মানৱ মৰ্যাদা, মানৱ অধিকাৰ, পাৰস্পৰিক সন্মান আৰু সহনশীলতাৰ আদৰ্শক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ইউনেস্কো-মদনজীত সিং বঁটাৰে তেওঁ সহনশীলতা আৰু অহিংসাৰ প্ৰসাৰৰ বাবে[1] সন্মান লাভ কৰিছে।"[6] ২০০৯ চনত ৰেডিঅ' ফ্ৰী ইউৰোপৰ আফগান অধ্যায়ৰ দ্বাৰাও হনাৰায়াৰক বছৰৰ ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "2011 UNESCO-Madanjeet Singh Prize for the Promotion of Tolerance and Non-Violence to be awarded to Anarkali Honaryar (Afghanistan) and Khaled Abu Awwad (Palestine)". UNESCO. 16 November 2011. http://www.unesco.org/new/en/media-services/single-view/news/2011_unesco_madanjeet_singh_prize_for_the_promotion_of_tolerance_and_non_violence_to_be_awarded_to_anarkali_honaryar_afghanistan_and_khaled_abu_awwad_palestine/.
- ↑ 2.0 2.1 Sambuddha Mitra Mustafi. "Afghanistan's Sikh heroine fights for rights". BBC (Kabul). http://news.bbc.co.uk/2/hi/8494291.stm.
- ↑ "Dr. Anarkali Kaur Honaryar". Sikh Foundation International. http://www.sikhfoundation.org/50years/schedule/dr-anarkali-kaur-honaryar/। আহৰণ কৰা হৈছে: 13 September 2023.
- ↑ 4.0 4.1 4.2 Marzban, Omid (24 March 2009). "Young Afghan Rights Activist Selected As 'Person Of The Year'". Radio Free Europe/Radio Liberty. http://www.rferl.org/content/Young_Afghan_Rights_Activist_Selected_As_Person_Of_The_Year/1515911.html.
- ↑ "India evacuates over 20 Afghan Sikhs from Kabul, including MPS Anarkali Kaur Honaryar, Narendra Khalsa". https://economictimes.indiatimes.com/news/india/india-evacuates-over-20-afghan-sikhs-from-kabul-including-mps-anarkali-kaur-honaryar-narendra-khalsa/videoshow/85530542.cms.
- ↑ "UNESCO awards peace hero defenders - Anarkali Honaryar & Khaled Abu Awwad" (en-US ভাষাত). Woman News Network (WNN). 2011-11-17. Archived from the original on 2021-05-06. https://web.archive.org/web/20210506034953/https://womennewsnetwork.net/2011/11/17/unesco-awards-peace-hero-defenders/। আহৰণ কৰা হৈছে: 2021-05-05.