অনাৰকলী আকৰ্ষা
| অনাৰকলী আকৰ্ষা | |
|---|---|
| জন্ম | অনাৰকলী জনিনা জয়তিলকা আকৰ্ষা ১২ জুলাই, ১৯৮৭ (৩৯ বছৰ) কলম্বো, শ্ৰীলংকা |
| পেচা | অভিনেত্ৰী, মডেল, ৰাজনীতিবিদ |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৫–বৰ্তমান |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | চাৰাচাৱিয়া আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী বঁটা (২০০৪), অঞ্জলিকা (২০০৫) ছবিত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটা, দেৰেনা লাক্স ফিল্ম এৱাৰ্ড আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী (২০১২) আৰু মিছ শ্ৰীলংকা (২০০৪) |
| ৱেবছাইট | |
| www | |
অনাৰকলী আকৰ্ষা (সিংহলী: අනර්කලී ආකර්ෂා; জন্ম: ১২ জুলাই ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল, প্ৰাক্তন ৰাজনীতিবিদ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।[1] তেওঁ ২০০৪ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৪ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বিভিন্ন ব্ৰেণ্ড এম্বেচেডৰ আৰু পুঁজি সংগ্ৰহকাৰী হিচাপেও কাম কৰিছে।[2] তেওঁ কলম্বো ইণ্টাৰনেচনেল স্কুলত অধ্যয়ন কৰিছিল।
চলচ্চিত্ৰ জীৱন
[সম্পাদনা কৰক]১৯৯৫ চনত টেলি-ড্ৰামা ‘ইতি পহন’ৰ পৰিচালক চোমাৰত্নে ডিছানায়েক আৰু প্ৰযোজক ৰেণুকা বালচুৰিয়াই ইংৰাজী ভাষাত পাকৈত এগৰাকী সৰু ছোৱালী বিচাৰি থকাৰ সময়তে তেওঁ অভিনয়ৰ প্ৰথমটো সুযোগ লাভ কৰে। সেই ধাৰাবাহিকখনত তেওঁ প্ৰখ্যাত অভিনেত্ৰী বাসন্তী চতুৰাণীৰ সৈতে "ডেইজী চুজান"ৰ চৰিত্ৰত অভিনয় কৰিছিল।[3]
প্ৰায় সাত বছৰীয়া বিৰতিৰ পিছত, ২০০৩ চনত ১৫ বছৰ বয়সত তেওঁ পিচ্ছু ট্ৰিবল নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি পুনৰ অভিনয় জগতলৈ ঘূৰি আহে।[4] ইয়াৰ পিছত তেওঁ কেইবাখনো সফল ছবিত অভিনয় কৰে। তেওঁ চিহিনায়ক পাতা পাতিনত "ইনকা" আৰু চন্থুৱাৰণ্যত "তানিয়া" হিচাপে কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।[5]
শ্ৰীলংকান চলচ্চিত্ৰৰ ইতিহাসত আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ বঁটা লাভ কৰা তেওঁ বৰ্তমানলৈকে সৰ্বনিষ্ঠ অভিনেত্ৰী।[6] তেওঁ ২২খনতকৈও অধিক চলচ্চিত্ৰ আৰু ১০খন টেলি-ড্ৰামাত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ মডেল, ব্ৰেণ্ড এম্বেচেডৰ আৰু উপস্থাপক হিচাপেও কাম কৰে।[7]
তেওঁ কেইবাটাও মিউজিক ভিডিঅ’ত অভিনয় কৰিছে। তেওঁৰ কিছুমান বিখ্যাত মিউজিক ভিডিঅ’ হ’ল বাথিয়া আৰু চন্থুছৰ "মীডুম চেলেন", দুশান্ত বীৰমানৰ "জেথথু নোনে" আৰু যশানৰ "সিথথামাক ৱাগে"।
২০১২ চনত অনাৰকলীয়ে লাক্স দেৰেনা ফিল্মৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ বঁটাও লাভ কৰে।
২০১৯ চনত এন৪এম মিডিয়াই অনাৰকলী আকৰ্ষাক শ্ৰীলংকাৰ শীৰ্ষ তিনিগৰাকী আটাইতকৈ ধুনীয়া আৰু আকৰ্ষণীয় অভিনেত্ৰী তথা মডেলৰ তালিকাত অন্তৰ্ভুক্ত কৰে।[8]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]অনাৰকলীয়ে ২০০৯ চনৰ দক্ষিণ প্ৰাদেশিক পৰিষদৰ নিৰ্বাচনত গালে জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল,[9] আৰু ২০০৯ চনৰ ২৯ অক্টোবৰত তেওঁ দক্ষিণ প্ৰদেশ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[10] তেওঁ বৰ্তমানলৈকে পৰিষদৰ আটাইতকৈ কম বয়সীয়া মহিলা সদস্য হোৱাৰ লগতে পৰিষদৰ একমাত্ৰ মহিলা সদস্য আছিল।
আঁতধৰোঁতা হিচাপে কেৰিয়াৰ
[সম্পাদনা কৰক]অনাৰকলীয়ে টিভি দেৰেনাত ‘অনাৰকলী লাইভ’ নামৰ নিজাকৈ এটা টিভি অনুষ্ঠান পৰিচালনা কৰিছিল।[11] ইয়াৰ উপৰিও তেওঁ দেৰেনা মিউজিক এৱাৰ্ডছ ২০১০-ৰ আঁত ধৰিছিল। তেওঁ স্বৰ্ণ বাহিনীত ‘লাইভ ছানডে উইথ অনাৰকলী’ নামৰ নিজাকৈ এটা টক শ্ব’ৰ আঁত ধৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]অনাৰকলী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে আৰু এটা ইউটিউব চেনেল চলায়।[12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Anarkalli Aakarsha". National Film Corporation of Sri Lanka. http://www.nfc.gov.lk। আহৰণ কৰা হৈছে: 10 September 2017.
- ↑ "Anarkali washing a car (Car wash)". http://lkgirls.weebly.com.[সংযোগবিহীন উৎস]
- ↑ "Anarkalli in 'Iti Pahan'". Lankalibrary.com. http://www.lankalibrary.com/phpBB/viewtopic.php?t=2675। আহৰণ কৰা হৈছে: 2010-09-08.
- ↑ "Anarkalli Aakarsha in 'Sihinayak Pata Patin'". Sundayobserver.lk. 2004-01-25. https://archives.sundayobserver.lk/2004/01/25/fea17.html। আহৰণ কৰা হৈছে: 2010-09-08.
- ↑ Anarkalli in 'Santhuwaranaya' Archived 23 January 2011 at the Wayback Machine
- ↑ "Bollywood Movie Actress Anarkali Akarsha Biography, News, Photos, Videos". nettv4u. https://nettv4u.com/celebrity/hindi/movie-actress/anarkali-akarsha.
- ↑ Anarkalli – Brand Ambassador for Veet Archived 30 September 2007 at the Wayback Machine
- ↑ N4M, Team (2019-11-20). "List Of Top Most Beautiful & Hottest Sri Lankan Actresses & Models" (en-US ভাষাত). N4M (News4masses). https://news4masses.com/top-most-beautiful-hottest-sri-lankan-actresses-models-n4m-list/। আহৰণ কৰা হৈছে: 2023-07-09.
- ↑ "Anarkalli for Southern Provincial Council Elections". Srilankan-stars.blogspot.com. 2009-08-25. https://srilankan-stars.blogspot.com/2009/08/anarkalli.html। আহৰণ কৰা হৈছে: 2010-09-08.
- ↑ "us-elected-to-un-human-rights-council-may-12-2009-1pp". Human Rights Documents Online. doi:10.1163/2210-7975_hrd-9970-0059.
- ↑ "Show". Derana.lk. Archived from the original on 15 December 2010. https://web.archive.org/web/20101215063123/http://derana.lk/show.php?prid=14। আহৰণ কৰা হৈছে: 27 November 2010.
- ↑ "American Life Of Sri Lankan Actress Anarkali Akarsha - E Online Sri Lanka". 19 April 2020. https://eonlinesrilanka.com/american-life-of-sri-lankan-actress-anarkali-akarsha/.
- ↑ "ENGAGE - Anarkalli Akarsha". www.letsengage.com. https://www.letsengage.com/talent/anarkalli-akarsha.