অনিছা বাট
| অনিছা বাট | |
|---|---|
এটা চেলুন মুকলি অনুষ্ঠানত অনিছা | |
| জন্ম | ১৮ জানুৱাৰী, ১৯৯৩ (৩৩ বছৰ) লণ্ডন, ইংলেণ্ড |
| শিক্ষানুষ্ঠান | লণ্ডন বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| জনা যায় | ঈশান: সপ্নো কো আৱাজ দে |
অনিছা বাট (ইংৰাজী: Anisa Butt; জন্ম: ১৮ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে ভাৰতীয় টেলিভিছন আৰু চিনামাত কাম কৰে। তেওঁ ডিজনী চেনেল ইণ্ডিয়াত সম্প্ৰচাৰিত টেলিভিছন শ্ব’ ঈশান: সপ্নো কো আৱাজ দেত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। চুজা আলীৰ ছবি বাত বন গয়ীৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অনিছা বাটৰ জন্ম ইংলেণ্ডৰ লণ্ডনৰ এটা ভাৰতীয় কাশ্মীৰী মুছলমান পৰিয়ালত হৈছিল। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰপৰা নাট্যকলা (পাৰফৰমেন্স) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ এগৰাকী স্ব-শিক্ষিত নৃত্যশিল্পী আৰু ৰয়েল আলবাৰ্ট হলত নৃত্য আৰু নাটক পৰিৱেশন কৰিছে। ইয়াৰ উপৰি তেওঁ দ্য অ’ল্ড ভিক থিয়েটাৰত কেভিন স্পেচীৰ কৰ্মশালাতো অংশগ্ৰহণ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১০ চনত অনিছাই ডিজনী চেনেল ইণ্ডিয়াৰ শ্ব’ ঈশান: সপ্নো কো আৱাজ দেত শ্বাইলাৰ চৰিত্ৰৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০১১ চনত তেওঁ জিন্দগী না মিলেগী দোবাৰাত তানিয়া হিচাপে এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰে। ৰাজকুমাৰ হিৰাণীৰ নিৰ্দেশনাত নিৰ্মিত ‘নৱৰত্ন চিটী বজাও’ৰ বিজ্ঞাপনত তেওঁক শ্বাহৰুখ খানৰ সৈতে দেখা গৈছিল।
২০১৩ চনত তেওঁ ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকন অভিনীত য়ে জৱানী হ্যে দিৱানীত এটা সৰু চৰিত্ৰত অভিনয় কৰে। আলী ফজলৰ বিপৰীতে বাত বন গয়ী ছবিৰ জৰিয়তে তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত খোজ পেলায়। এই ছবিখনত গুলচন গ্ৰোভাৰ আৰু অমৃতা ৰায়চান্দেও অভিনয় কৰিছিল আৰু ই ২০১৩ চনৰ ১১ অক্টোবৰত মুক্তি পাইছিল।
২০১৭ চনত অৰ্জুন কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি হাফ গাৰ্লফ্ৰেণ্ডত তেওঁক এটি চুটি চৰিত্ৰত দেখা গৈছিল।
অভিনয় তালিকা
[সম্পাদনা কৰক]চলচ্চিত্ৰ আৰু টিভি শ্ব’
[সম্পাদনা কৰক]| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১০ | ঈশান: সপ্নো কো আৱাজ দে | শ্বাইলা | শিশু অভিনেত্ৰী |
| ঝুঠা হি সহি | কবীৰৰ প্ৰেমিকা ভাবনা | ||
| ২০১১ | জিন্দগী না মিলেগী দোবাৰা | তানিয়া | কল্কি কেকলাঁৰ (নাতাশা) ভগ্নী |
| ২০১৩ | য়ে জৱানী হ্যে দিৱানী | প্ৰীতি | লাৰাৰ বান্ধৱী |
| বাত বন গয়ী | ৰচনা | ||
| ২০১৬ | ব্ৰাহ্মণ নমন | অনিতা | ৰনীৰ প্ৰেমিকা |
| ২০১৭ | হাফ গাৰ্লফ্ৰেণ্ড | ৰুতৱী | মাধৱৰ বন্ধুৰ পত্নী |
| ২০১৯ | য়ুম্বাৰজালো | জী মিউজিকৰ মিউজিক ভিডিঅ’ |
ৱেব ছিৰিজ
[সম্পাদনা কৰক]| বৰ্ষ | নাম | চৰিত্ৰ | প্লেটফৰ্ম | টোকা |
|---|---|---|---|---|
| ২০১৯ | দ্য ভাৰ্ডিক্ট - ষ্টেট ভাৰ্চাছ নানাৱতী | শীতল | ALTBalaji আৰু ZEE5 | |
| ২০১৯ | BOSS: বাপ অফ স্পেচিয়েল চাৰ্ভিচেছ | তানিয়া | ALT Balaji | |
| ২০২০ | কোড এম | গায়ত্ৰী চৌহান | ALTBalaji আৰু ZEE5 |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "London girl Anisa Butt debuts in 'Baat Bann Gayi'". http://www.afternoondc.in/bollywood/london-girl-anisa-butt-debuts-in-baat-bann-gayi/article_89152। আহৰণ কৰা হৈছে: 6 October 2013.
- ↑ Mahendroo, Sonal (9 October 2013). "Exclusive Interview: Disney's Child artist Anisa to debut with Baat Bann Gayi". Archived from the original on 12 October 2013. https://web.archive.org/web/20131012053221/http://www.moviereviewpreview.com/exclusive-interview-disneys-child-artist-anisa-debut-baat-bann-gayi/13456/। আহৰণ কৰা হৈছে: 11 October 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অনিছা বাট সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- অনিছা বাট সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য