অনিছা হাজিমুমিন
অনিছা হাজিমুমিন أنيسة حاجي المؤمن | |
|---|---|
| পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী | |
| কাৰ্যকাল ১৩ ফেব্ৰুৱাৰী ২০১৪ – ১৮ জানুৱাৰী ২০১৫ | |
| ৰাষ্ট্ৰপতি | আব্দিৱেলি গাছ |
| উপ ৰাষ্ট্ৰপতি | আব্দিহাকিম আব্দুল্লাহি হাজী ওমৰ |
| পূৰ্বসূৰী | হালিমো হাজী হাছান |
| ব্যক্তিগত তথ্য | |
| জন্ম | পুণ্টলেণ্ড, ছোমালিয়া |
| শিক্ষানুষ্ঠান | মেট্ৰ’প’লিটান ষ্টেট ইউনিভাৰ্চিটি হামলিন ইউনিভাৰ্চিটি |
অনিছা আব্দুলকাদিৰ হাজিমুমিন (ইংৰাজী: Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।
পটভূমি
[সম্পাদনা কৰক]হাজিমুমিনৰ জন্ম হৈছিল উত্তৰ-পূব ছোমালিয়াত অৱস্থিত পুণ্টলেণ্ড অঞ্চলত। তেওঁ পিছলৈ মিনিয়াপলিছলৈ গুচি যায় আৰু মেট্ৰ’পলিটান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ৱ’মেন ষ্টাডীজত বি এ ডিগ্ৰী লাভ কৰে। তেওঁ হেমলাইন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতি বিশ্লেষণ আৰু মানৱ সম্পদ উন্নয়নৰ বিশেষজ্ঞতাৰে ৰাজহুৱা প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও হাজিমুমিনে ইয়াৰ পূৰ্বে ইমিগ্ৰেচন পেৰালিগেল দক্ষিণ মিনেছ'টা আঞ্চলিক আইনী সেৱক হিচাপে কাম কৰিছিল।[1]
২০১৩ চনত তেওঁ যুৱ বিকাশ আৰু মহিলা সৱলীকৰণৰ বাবে কৰ্মশালাৰ ডিজাইন কৰাত মনোনিৱেশ কৰা এটা বেচৰকাৰী সংস্থা হাজিমুমিন এণ্ড এছ’চিয়েটছ প্ৰতিষ্ঠা কৰে।
মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী
[সম্পাদনা কৰক]২০১৪ চনৰ ১৩ ফেব্ৰুৱাৰীত হাজিমুমিনে আনুষ্ঠানিকভাৱে পুণ্টলেণ্ডৰ ৰাজ্যিক ৰাজধানী গাৰোৱেত কাৰ্যভাৰ গ্ৰহণ কৰে। প্ৰাক্তন মন্ত্ৰী হালিমো হাজী হাছানে নতুন মন্ত্ৰীগৰাকীৰ হাতত মন্ত্ৰ্যালয়ৰ পূৰ্বৰ দলটোৱে শেহতীয়া উন্নয়ন আৰু বাকী থকা আঁচনিসমূহ সন্নিবিষ্ট কৰা নথি-পত্ৰ প্ৰদান কৰে। হাজিমুমিনে পূৰ্বৰ মন্ত্ৰীক ধন্যবাদ জনাই মহিলাৰ অধিকাৰ সুৰক্ষিত আৰু শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।[2]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Anisa Hajimumin". Archived from the original on 14 October 2014. https://web.archive.org/web/20141014101721/http://www.tcdailyplanet.net/profiles/anisamumin/bio। আহৰণ কৰা হৈছে: 7 April 2014.
- ↑ "Somalia: Puntland's new Minister for Women Affairs officially takes over office". 13 February 2014. http://horseedmedia.net/2014/02/13/somalia-puntlands-new-minister-women-affairs-officially-takes-office/। আহৰণ কৰা হৈছে: 7 April 2014.