অনিতা আৰ্য
অনিতা আৰ্য (ইংৰাজী: Anita Arya) ভাৰতীয় লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতীয় জনতা দলৰ এগৰাকী নেত্ৰী। ত্ৰয়োদশ লোকসভাত দিল্লীৰ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত তেওঁ দিল্লীৰ মেয়ৰ আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬৩ চনৰ ২৬ জানুৱাৰীত উত্তৰ প্ৰদেশৰ আগ্ৰাত অনিতা আৰ্যৰ জন্ম হয়।[1] তেওঁ পিতৃ কুন্দন লাল নিমল আৰু মাতৃ প্ৰেমৱতীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[2] দশম–দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ বাবে তেওঁ আগ্ৰাৰ শ্ৰীমতী সিংহুৰী বাল বালিকা ইণ্টাৰমিডিয়েট কলেজলৈ যায়।[3]
তেওঁ আগ্ৰাস্থিত আগ্ৰা কলেজৰ পৰা পি এইচ ডি, এম এ আৰু, বি এ ডিগ্ৰী লাভ কৰে।পৰৱৰ্তী সময়ত তেওঁ ৰোহটক (হাৰিয়ানা)ৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা বি.এড লাভ কৰে৷[3] তেওঁৰ গৱেষণ-পত্ৰৰ শিৰোনাম আছিল "ছাৰ যদুনাথ সৰকাৰ- তেওঁৰ জীৱনী আৰু মধ্যযুগীয় ভাৰতীয় ইতিহাসলৈ অৱদান"।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]দিল্লীত
[সম্পাদনা কৰক]১৯৯৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৯৯ চনৰ অক্টোবৰ মাহলৈকে তেওঁ নতুন দিল্লীত পৌৰসভাৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]১৯৯৯ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে তেওঁ কিছু সময়ৰ বাবে দিল্লীৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁ পৌৰ নিগমত শিক্ষা সমিতিৰ উপ-সভাপতি হিচাপেও কাম কৰিছিল।[2]
মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত তেওঁ উন্নত স্বাস্থ্যসন্মত পৰিস্থিতি সৃষ্টি আৰু প্ৰদূষণ হ্ৰাস কৰাৰ কাম কৰিছিল। চৰকাৰী বিদ্যালয়ত উন্নত শিক্ষাৰ সুবিধাও সৃষ্টি কৰিছিল। তেওঁ মহিলা আৰু শিশুৰ বাবে বিশেষ স্বাস্থ্যসেৱা কাৰ্যসূচীও সৃষ্টি কৰিছিল।[2]
লোকসভাত
[সম্পাদনা কৰক]১৯৯৯ চনত তেওঁ কাৰোল বাগ লোকসভা সমষ্টিৰ পৰা ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত হয়।[2] দিল্লীৰ একমাত্ৰ সংৰক্ষিত সমষ্টি হোৱাৰ বাবে কেৰল বাগৰ বিৰুদ্ধে পূৰ্বে সমষ্টিটোত জয়ী হোৱা আন এগৰাকী দলিত মহিলা মীৰা কুমাৰ থিয় দিছিল৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "BJP nominee in a tough fight in Delhi's only reserved LS seat". outlookindia.com/. https://www.outlookindia.com/newswire/amp/bjp-nominee-in-a-tough-fight-in-delhis-only-reserved-ls-seat/220310। আহৰণ কৰা হৈছে: 8 June 2020.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 "Members : Lok Sabha". 164.100.47.194. http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=23&lastls=13। আহৰণ কৰা হৈছে: 29 July 2017.
- ↑ 3.0 3.1 ADR. "ANITA ARYA(Bharatiya Janata Party(BJP)):Constituency- Karol Bagh(NATIONAL CAPITAL TERRITORY OF DELHI) – Affidavit Information of Candidate". myneta.info. http://myneta.info/loksabha2004/candidate.php?candidate_id=2782। আহৰণ কৰা হৈছে: 29 July 2017.