সমললৈ যাওক

অনিতা ছুদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিতা ছুদ-মানকাৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১৮ জানুৱাৰী, ১৯৬৬ (৬০ বছৰ)
ক্ৰীড়া
ক্ৰীড়া Swimming
Coach সন্দীপ দিগ্বিকাৰে

অনিতা ছুদ-মানকাৰ (ইংৰাজী: : Anita Sood-Mankar জন্ম ১৮ জানুৱাৰী, ১৯৬৬); ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ চেম্পিয়ন। তেওঁ ১৯৮৭ চনৰ ১৭ আগষ্টত ৮ ঘণ্টা ১৫ মিনিট সময় লৈ ইংলিচ চেনেল পাৰ হৈছিল। অতি কম সময়ৰ ভিতৰত এই কাৰ্য্য সম্পন্ন কৰি তেওঁ এছিয়াৰ আটাইতকৈ দ্ৰুত সাঁতোৰবিদ হিচাপে পৰিগণিত হয় [1] আৰু এতিয়ালৈকে চেনেলটো সাঁতুৰি পাৰ হোৱা ৩৩৩ সংখ্যক ব্যক্তি হিচাপে পৰিগণিত হয়।[2] তেওঁৰ এই কৃতিত্বৰ বাবে ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰে। তেওঁৰ প্ৰশিক্ষক আছিল সন্দীপ দিগ্বিকাৰে।[3]

কৃতিত্ব

[সম্পাদনা কৰক]

অনিতাই ১৯৭৫ চনৰ পৰা সাঁতোৰ খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে ত্ৰিবেন্দ্ৰম ৰাষ্ট্ৰীয় বয়সভিত্তিক প্ৰতিযোগিতাত ১৩ বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰি সাঁতুৰিছিল। এই প্ৰতিযোগিতাত তেওঁ ৯টা পদক লাভ কৰিছিল। সেই পদক বিলাকৰ ভিতৰত - চাৰিটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক আছিল । ইয়েৰ এবছৰৰ পিছত বোম্বেত অনুষ্ঠিত মহাৰাষ্ট্ৰ ৰাজ্যিক মিটত তেওঁ ছটা খিতাপ দখল কৰে আৰু দুটা নতুন অভিলেখ স্থাপন কৰি দীৰ্ঘদিনীয়া সময়ৰ বাবে জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নৰ আসনত থকা স্মিতা দেশাইক পৰাস্ত কৰি ১০০ মিটাৰ ফ্ৰীষ্টাইলত জয়লাভ কৰি নিজকে নতুন পৰিঘটনা হিচাপে দৃঢ়তাৰে প্ৰতিষ্ঠা কৰে[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

অনিতা মহাৰাষ্ট্ৰৰ জীয়াৰী[3] তেওঁ অভিজিত মাংকাৰৰ সৈতে বিবাহ হয়। তেওঁলোকে লছ এঞ্জেলেছ, কেলিফোৰ্নিয়াত বসবাস কৰে আৰু তেওঁলোকৰ ২ জন সন্তান আছে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Successful English Channel swims by swimmers from India | Dover.UK.com". www.dover.uk.com. Archived from the original on 2019-11-23. https://web.archive.org/web/20191123093150/https://www.dover.uk.com/channel-swimming/swims/all/india আহৰণ কৰা হৈছে: 2019-11-23.
  2. "Anita Sood, English Channel swimmer". www.dover.uk.com. Archived from the original on 2019-11-23. https://web.archive.org/web/20191123093149/https://www.dover.uk.com/channel-swimming/swimmers/anita-sood আহৰণ কৰা হৈছে: 2019-11-23.
  3. 1 2 3 Sivan, Mohan (June 30, 1979). "Surging ahead" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/sport/story/19790630-anita-sood-smita-desai-sandeep-divgikar-don-talbot-swimming-822167-2014-03-04 আহৰণ কৰা হৈছে: 2019-11-23.