সমললৈ যাওক

অনিতা ডংগ্ৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অনিতা ডংগ্ৰেশিৱানী কাটাৰিয়াৰ পৰা পুনঃনিৰ্দেশিত)
অনিতা ডংগ্ৰে

ডংগ্ৰে ২০১৫ চনত
জন্ম ০৩ অক্টোবৰ, ১৯৬৩ (৬২ বছৰ)
বন্দ্ৰা, পশ্চিম মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ফেশ্বন ডিজাইন এছএনডিটি মহিলা বিশ্ববিদ্যালয় মুম্বাইত ১৯৯৮ চনত
পেচা ফেশ্বন ডিজাইনাৰ
সন্তান যশ ডংগ্ৰে
ৱেবছাইট
www.anitadongre.com

অনিতা ডংগ্ৰে ইংৰাজী: : Anita Dongre  ; জন্ম: ৩ অক্টোবৰ ১৯৬৩), জন্মসূত্ৰে সাৱলানি, এগৰাকী ভাৰতীয় ফেশ্বন ডিজাইনৰ। তেওঁ হাউচ অৱ অনিতা ডংগ্ৰে, এটা ভাৰতীয় ফেশ্বন হাউচৰ প্ৰতিষ্ঠাপক।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ডংগ্ৰেৰ জন্ম হৈছিল মহাৰাষ্ট্ৰ ৰাজ্যৰ মুম্বাইত। তেওঁৰ মাতৃ পুষ্পা সাৱলানীয়ে অনিতা আৰু ৫ জন ভাই-ভনীৰ বাবে সৰুতে কাপোৰ চিলাই কৰিছিল[citation needed]। জীৱনৰ পিছৰ কালছোৱাত অনিতাই মুম্বাইত অৱস্থিত এছ এন ডি টি কলেজত ফেশ্বন ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে।[1] তেওঁ বিভিন্ন অভিযানৰ জৰিয়তে কাপোৰ ডিজাইন কৰাৰ প্ৰতি থকা আগ্ৰহ প্ৰদৰ্শন কৰাৰ লগতে ফেশ্বন ডিজাইনিঙৰ ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ডংগ্ৰে তেওঁৰ গহনা ব্ৰেণ্ড, ‘অনিতা ডংগে পিংক চিটি’ মুকলি কৰে, যিটো হাউচ অৱ অনিতা ডংগ্ৰেৰ ব্ৰেণ্ডৰ অধীনত অন্তভুক্ত ।[3][4]

২০১৫ চনত এণ্ড (AND) ডিজাইনছ ইণ্ডিয়া লিমিটেডে নিজকে হাউচ অৱ অনিতা ডংগ্ৰে হিচাপে পুনৰ পৰিচিত কৰে।[5] হাউচ অৱ অনিতা ডংগ্ৰে বৰ্তমান (পশ্চিমীয়া পোছাক), গ্ল'বেল দেশী (ভাৰতৰ লোককথাৰ পৰা অনুপ্ৰাণিত 'বোহো-চিক' ব্ৰেণ্ড), আৰু তেওঁৰ স্বাক্ষৰ লেবেল ANITA DONGRE আছে । শেহতীয়াকৈ তেওঁ নিজৰ ফেশ্বন হাউচত ‘অনিতা ডংগ্ৰে গ্ৰাছৰুট’ক চিনাকি কৰাই দিছে। ইয়াৰ উপৰিও তেওঁ পিংক চিটি নামৰ জাদাউ ফাইন জুৱেলাৰী ব্ৰেণ্ডৰ প্ৰতিষ্ঠাপক।[6]

২০১৯ চনৰ ২৮ মাৰ্চত অনিতা ডংগ্ৰে লিমিটেডৰ ব’ৰ্ড অৱ হাউছে (HOADL) কৰ্পৰেট পুনৰ্গঠনৰ অংশ হিচাপে ইয়াৰ দুটা ব্ৰেণ্ড, AND আৰু Global Desi ৰ অধীনত ব্যৱসায়সমূহ এটা স্লাম্প বিক্ৰী ব্যৱস্থাৰ অধীনত নতুনকৈ গঠিত সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী Ocher আৰু Black Private Limited (OBPL) লৈ হস্তান্তৰ কৰে - ১ এপ্ৰিল ২০১৯ৰ পৰা কাৰ্যকৰী হোৱা ইয়াৰ দুটা ব্ৰেণ্ড - অনিতা ডংগ্ৰে আৰু গ্ৰাছৰুট।[7]

ডংগ্ৰেৰ ভাতৃ আৰু ভগ্নীয়ে ব্যৱসায়টোৰ কাম-কাজ চম্ভালে, আনহাতে তেওঁ নিজে ডিজাইন ফ্ৰণ্টত গুৰুত্ব দিয়ে। তেওঁ কোম্পানীটোৰ Chief Creative Officer হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

অনিতা ডংগ্ৰেৰ বিবাহ প্ৰবীণ ডংগ্ৰে নামৰ এজন ব্যৱসায়ী আৰু তেওঁৰ যশ ডংগ্ৰে নামৰ এজন পুত্ৰ আছে, যি ডংগ্ৰেৰ ব্যৱসায়ৰ অংশও।[8]

ডংগ্ৰে এজন নিৰামিষ কৰ্মী আৰু পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (PETA) সংস্থাৰ সদস্য।[9]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • ২০০৮ চনত তেওঁ ‘ফেশ্বন ডিজাইনত উৎকৃষ্টতা’ৰ বাবে জি আৰ ৮ ফ্ল’ উইমেন এচিভাৰ্ছ বঁটা লাভ কৰে।[10]
  • ২০১৩ চনত দ্য ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী লেডিজ অৰ্গেনাইজেশ্যন, বম্বে চেপ্টাৰে ডংগ্ৰেক ‘ফেশ্বন ডিজাইনত উৎকৃষ্টতা’ৰ বাবে বঁটা প্ৰদান কৰে।[11]
  • ২০১৪ চনত তেওঁ ই ৱাইৰ বছৰৰ উদ্যোগী বঁটা লাভ কৰে।[12]
  • মহিলাসকলক জিলিকি উঠাত সহায় কৰাৰ বাবে তেওঁ পেণ্টেন শ্বাইন বঁটা লাভ কৰে।[13]
  • ২০১৭ চনত ভোগ আৰু য়েছ বেংকেVogue and Yes Bank তেওঁক ‘বছৰৰ ডিজাইনাৰ’ৰ খিতাপ প্ৰদান কৰে।
  • ২০১৯ চনত অনিতা ডংৰে লোকমত ‘মষ্ট ষ্টাইলিছ’ বঁটা লাভ কৰে।
  • ২০২৩ চনত ভোগৰVogue পৰা ‘ফৰ্চেছ অৱ ফেশ্বন’ বঁটা লাভ কৰে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "SNDT Women's University". sndt.ac.in. https://sndt.ac.in/notable-alumni/anita-dongre। আহৰণ কৰা হৈছে: 25 April 2020. 
  2. "Anita Dongre : journey of a poor girl to a renowned fashion designer". newstrend.news. 24 April 2020. https://www.newstrend.news/344717/anita-dongre-life-story/। আহৰণ কৰা হৈছে: 25 April 2020. 
  3. "Designer Anita Dongre is a runway hit". 14 March 2017. http://www.forbesindia.com/article/wpower-trailblazers/designer-anita-dongre-is-a-runway-hit/46243/1. 
  4. "Interview - I find inspiration in everything: Anita Dongre". 5 Dec 2013. http://zeenews.india.com/exclusive/interview-i-find-inspiration-in-everything-anita-dongre_6791.html. 
  5. "Anita Dongre Gives Us an Insider View of the Business of Fashion". 17 Feb 2015. http://www.idiva.com/news-style-beauty/interview-with-fashion-desinger-anita-dongre/34947. 
  6. "Grand designs". 1 Dec 2013. https://www.telegraphindia.com/1131201/jsp/graphiti/17610178.jsp। আহৰণ কৰা হৈছে: 27 September 2017. 
  7. Anita Dongre Limited (HOADL) Corporate Restructuring
  8. "Drafting New Designs". 31 Aug 2014. http://www.businesstoday.in/magazine/cover-story/anita-dongre-fashion-indian-women-milan/story/209032.html. 
  9. "Ace Fashion Designer Anita Dongre Honoured with PETA Award for Refusing to Use Leather and Cashmere in Her Designs". 21 Nov 2016. https://www.petaindia.com/media/ace-fashion-designer-anita-dongre-honoured-peta-award-refusing-use-leather-cashmere-designs/. 
  10. "Excellence in Fashion Design". Jan 2017. http://www.ficciflo.com/wp-content/uploads/2017/01/GR8-FLO-AChievers-Awards-2008.pdf. 
  11. "POWER DESIGNER: ANITA DONGRE". 19 June 2014. http://www.vervemagazine.in/people/power-designer-anita-dongre. 
  12. "Anita Dongre (AND Designs India Limited), EY EOY 2014 Award Finalist". 23 Feb 2015. https://www.youtube.com/watch?v=q51wDbO0CXE. 
  13. "Pantene repositions itself as the brand that helps women 'shine'". 21 Sep 2006. Archived from the original on 18 October 2018. https://web.archive.org/web/20181018181331/http://www.afaqs.com/news/story/16013_Pantene-repositions-itself-as-the-brand-that-helps-women-shine। আহৰণ কৰা হৈছে: 4 March 2025.