সমললৈ যাওক

অনিতা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিতা দাস
জন্ম ০১ অক্টোবৰ, ১৯৫৩
মৃত্যু ১১ মে', ২০১৮ (৬৪ বছৰ)
কটক, ওড়িশা, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৫–২০১৭
আত্মীয়-স্বজন আকাশ দাসনায়ক (ভতিজাক)

অনিতা দাস (ইংৰাজী: Anita Das; ১ অক্টোবৰ ১৯৫৩ – ১১ মে’ ২০১৮) ওড়িয়া চিনেমাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল।[1] তেওঁ নিজৰ কেৰিয়াৰত তিনিবাৰকৈ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১৮ চনৰ ১১ মে’ত ৬৪ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দাসৰ মৃত্যু হয়।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

অনিতা দাসে ১৯৭৫ চনত ওড়িয়া চলচ্চিত্ৰ যাযাবৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছৰেপৰা তেওঁ এশখনতকৈও অধিক বোলছবিত অভিনয় কৰিছিল, যিবোৰত তেওঁক প্ৰায়ে মাতৃৰ দৰে সহযোগী চৰিত্ৰত দেখা গৈছিল। ১৯৮০ চনৰ পিছত নিৰ্মিত তেওঁৰ বেছিভাগ চলচ্চিত্ৰতে মাতৃৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।[3]

দাসে ১৯৮০ চনত তপস্যা বোলছবিখনত কৰা অভিনয়ৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ অভিনেত্ৰী) লাভ কৰিছিল আৰু ১৯৮৩ চনৰ ছবি ভক্ত শালবেগত কৰা মুখ্য চৰিত্ৰৰ বাবে পুনৰ এই সন্মানীয় বঁটা লাভ কৰিছিল। ১৯৮৭ চনত এই ত দুনীয়া বোলছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।

২০১৮ চনৰ ১০ মে’ত দাসে তেওঁৰ ভতিজাক আকাশ দাসনায়কৰ ওচৰত নিজৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে অভিযোগ কৰিছিল বুলি জানিব পৰা গৈছে।[4] বৃহস্পতিবাৰে নিশা শুবলৈ যোৱাৰ পূৰ্বে তেওঁ বমি কৰাৰ লগতে হৃদযন্ত্ৰ আৰু বুকুত বিষ অনুভৱ কৰিছিল। পাছদিনা যেতিয়া দাসনায়কে চিকিৎসাৰ পৰামৰ্শ ল’বলৈ চিকিৎসক এজনক মাতিবলৈ লৰালৰি কৰিছিল, তেতিয়া তেওঁক মৃত অৱস্থাত পোৱা গৈছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Anita Das - lifetime actress in Odia cinema". http://www.uniindia.com/noted-film-actress-anita-das-dies-of-cardiac-arrest/entertainment/news/1227769.html আহৰণ কৰা হৈছে: 22 May 2018.
  2. "Odia actress Anita Das passes away" (en-IN ভাষাত). The Hindu. 12 May 2018. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-national/tp-otherstates/odia-actress-anita-das-passes-away/article23859591.ece.
  3. IANS. "Veteran Indian actress Anita Das passes away at 57". m.khaleejtimes.com. https://m.khaleejtimes.com/international/india/veteran-indian-actress-anita-das-passes-away-at-57 আহৰণ কৰা হৈছে: 21 May 2018.
  4. "Veteran Odia film actress Anita Das no more - PRAGATIVADI:LEADING ODIA DAILY" (en-US ভাষাত). pragativadi.com. http://pragativadi.com/veteran-odia-film-actress-anita-das-no-more/ আহৰণ কৰা হৈছে: 21 May 2018.
  5. "Veteran actor Anita Das passes away". The New Indian Express. https://www.newindianexpress.com/states/odisha/2018/may/12/veteran-actor-anita-das-passes-away-1813646.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]