অনিতা প্ৰতাপ
| অনিতা প্ৰতাপ | |
|---|---|
| জন্ম | ২৩ ডিচেম্বৰ, ১৯৫৮ (৬৭ বছৰ) কোট্টায়াম, কেৰালা, ভাৰত |
| পেচা | সাংবাদিক, লেখিকা |
| দাম্পত্যসঙ্গী | প্ৰতাপ চন্দ্ৰন (বিচ্ছেদ) আৰ্ণে ৰয় ৱাল্টাৰ |
| সন্তান | জুবিন(পুত্ৰ) |
| ৱেবছাইট | |
| www | |
অনিতা প্ৰতাপ (২৩ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় লেখিকা আৰু সাংবাদিক।[1][2][3] ১৯৮৩ চনত এল টি টি ইৰ মুৰব্বী ভি প্ৰভাকৰণৰ সাক্ষাৎকাৰ লোৱা প্ৰথমগৰাকী সাংবাদিক। তালিবানে কাবুল দখল কৰাৰ সৈতে জড়িত টেলিভিছন সাংবাদিকতাৰ বাবে টিভি ৰিপৰ্টৰ বাবে জৰ্জ পলক বঁটা লাভ কৰে।[1] তেওঁ চিএনএনৰ ভাৰত ব্যুৰোৰ মুৰব্বী আছিল।[4][5] তেওঁ শ্ৰীলংকাৰ আধাৰত আইলেণ্ড অৱ ব্লাড নামৰ কিতাপখন লিখিছে।[1] ২০১৩ চনত কেৰালা সংগীত নাটক অকাডেমীৰ সৈতে জড়িত সংস্থা কেৰালা কলা কেন্দ্ৰই তেওঁক শ্ৰীৰত্ন বঁটা প্ৰদান কৰে।[6] ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কেৰালাৰ এৰ্নাকুলামৰপৰা আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]প্ৰতাপৰ জন্ম হৈছিল কেৰালাৰ কোট্টায়মত, এটা চিৰো মালাবাৰ কেথলিক পৰিয়ালত। তেওঁৰ দেউতাক টাটা গ্ৰুপৰ এটা উদ্যোগত কৰ্মৰত আছিল, তেওঁ ভাৰতৰ বিভিন্ন স্থানত নিজৰ পৰিয়ালক লগত লৈ পোষ্ট কৰিছিল। সৰুতে প্ৰতাপে এঘাৰ বছৰত সাতখন বিদ্যালয় সলনি কৰিছিল। লৰেটো স্কুল কলকাতাৰপৰা ছিনিয়ৰ কেম্ব্ৰিজ পাছ কৰি ১৯৭৮ চনত নতুন দিল্লীৰ মিৰাণ্ডা হাউছৰপৰা বি এ – ইংৰাজী[7] আৰু বাংগালুৰু বিশ্ববিদ্যালয়ৰপৰা সাংবাদিকতাত ডিপ্লমা কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]সাংবাদিকতাৰ ডিপ্লমা সম্পূৰ্ণ কৰাৰ পাছত প্ৰতাপক নিযুক্তি দিয়ে দিল্লীৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ তেতিয়াৰ সম্পাদক অৰুণ শ্বৌৰীয়ে। তাৰ পিছত মাক-দেউতাকৰ লগত থাকিবলৈ বাংগালুৰুলৈ বদলি হয়। কিছুসময়ৰ পাছতে তাই ছাণ্ডে মেগাজিনত যোগদান কৰে। সাংবাদিকতাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আৰু সেইবাবেই তেওঁক শ্ৰীলংকাৰ জাতিগত সংঘাতৰ সন্মুখীন হ’বলৈ বাধ্য কৰাইছিল। তেওঁ বহুতো ঠাই ভ্ৰমণ কৰি প্ৰত্যক্ষ তথ্য সংগ্ৰহ কৰিছিল। ১৯৮৩ চনত তেওঁ লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলামৰ (এলটিটিই)ৰ মুৰব্বী ভেলুপিল্লাই প্ৰভাকৰণৰ সাক্ষাৎকাৰ লয়।[1] এইটোৱেই হৈ পৰিল প্ৰভাকৰনে বিশ্ববাসীৰ আগত দিয়া প্ৰথমটো সাক্ষাৎকাৰ য’ত তেওঁ এলটিটিই প্ৰতিষ্ঠা কৰাৰ দৰ্শন, চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি বিষয়বোৰ নিজৰ হাতত লোৱা আৰু আগন্তুক পৰিকল্পনাৰ বিষয়ে কয়। লগে লগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিলে অনিতাক। শ্ৰীলংকাত তেওঁ নিজৰ কাম অব্যাহত ৰাখে আৰু পিছলৈ ২০০৩ চনত সন্ত্ৰাসবাদী অঞ্চলত বাস কৰাৰ অভিজ্ঞতাৰ বিষয়ে তেওঁৰ প্ৰথমখন কিতাপ আইলেণ্ড অৱ ব্লাড প্ৰকাশ কৰে।[1]
প্ৰতাপে ইণ্ডিয়া টুডেতো কাম কৰিছিল আৰু তাৰ পিছত আঠ বছৰ ধৰি টাইম আলোচনীৰ সংবাদদাতা আছিল।[8] ১৯৯৩ চনত বোম্বাই (বৰ্তমান মুম্বাই)ত হোৱা বোমা বিস্ফোৰণৰ পিছত তেওঁ টাইমৰ বাবে বাল থাকৰেৰ সাক্ষাৎকাৰো লৈছিল; তেওঁ তেতিয়াৰ শিৱসেনাৰ মুৰব্বী আছিল যিটো মহাৰাষ্ট্ৰৰ আগশাৰীৰ বিৰোধী দল আছিল। ১৯৯৬ চনত তেওঁ চিএনএনত যোগদান কৰে, যিটো টেলিভিছনৰ সাংবাদিক হিচাপে তেওঁৰ প্ৰথম অভিজ্ঞতা। অভিজ্ঞতা লাভৰ বাবে আটলাণ্টা আৰু বেংকক ব্যুৰোৰপৰা অলপ সময় কাম কৰিছিল। ইয়াৰ পিছত তেওঁ তালিবানে কাবুল দখল কৰাৰ বাতৰি প্ৰকাশ কৰে যাৰ বাবে তেওঁক জৰ্জ পলক বঁটা প্ৰদান কৰা হয়।[9]
ছপা মাধ্যমৰপৰা টেলিভিছনলৈ স্থানান্তৰিত হৈ প্ৰতাপে সামাজিক বিষয় আৰু কলাৰ ওপৰত বিভিন্ন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল। লাইট আপ দ্য স্কাইত তেওঁ বিদ্ৰোহী মিজোৰামৰ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাৰ দৃশ্য প্ৰদৰ্শন কৰিছে। তেওঁৰ তথ্যচিত্ৰ অৰ্ফান্স অৱ এন্সিয়েণ্ট চিভিলাইজেচনত শিল্পীসকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰা হৈছে আৰু ৱেন দ্য ছ’ল গ্ল’ছে লোকনৃত্য পৰম্পৰাৰ নথিভুক্ত কৰিছে। শ্বাবাছ হেলেলুয়া নাগা ৰেজিমেণ্টৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ আছিল।[10]বাংগালুৰুৰ এজন ফটোগ্ৰাফাৰ মহেশ ভাটৰ সৈতে সহ-লেখক হিচাপে ২০০৭ চনত তেওঁৰ দ্বিতীয়খন গ্ৰন্থ আনছাং প্ৰকাশ কৰে য'ত সমাজৰ সেৱা কৰা নজন সাধাৰণ ভাৰতীয় লোকৰ কাহিনী কোৱা হৈছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 Balakrishnan, Suneetha (6 March 2013). "Together we rise". The Hindu. http://www.thehindu.com/features/metroplus/society/together-we-rise/article4481664.ece। আহৰণ কৰা হৈছে: 21 April 2013.
- ↑ Graham P. Chapman (2012). The Geopolitics of South Asia (Epub) from Early Empires to the Nuclear Age. Ashgate Publishing, Ltd.. পৃষ্ঠা. 296. ISBN 978-1-4094-8807-1. https://books.google.com/books?id=DgbHSGqO2-4C&pg=PA296.
- ↑ Postcolonial Insecurities: India, Sri Lanka and the Question of Nationhood. University of Minnesota Press. 1999. পৃষ্ঠা. 277. ISBN 978-0-8166-3329-6. https://books.google.com/books?id=_Xq4GnaraYUC&pg=PA277.
- ↑ Menon, Bindu (22 November 1999). "Just married: Former CNN bureau chief in New Delhi Anita Pratap weds Norwegian envoy Arne Walther". India Today. https://www.indiatoday.in/magazine/eyecatchers/story/19991122-former-cnn-bureau-chief-in-new-delhi-anita-pratap-weds-norwegian-envoy-arne-walther-781508-1999-11-21.
- ↑ T. P. Sreenivasan (2008). Words, Words, Words: Adventures in Diplomacy. Pearson Education India. পৃষ্ঠা. 202. ISBN 978-81-317-0405-9. https://books.google.com/books?id=WLZXyADJWkUC&pg=PA202.
- ↑ "Shreeratna global award for Anita Pratap". IBN Live (Thiruvananthapuram). 28 February 2013. Archived from the original on 29 June 2013. https://archive.today/20130629123428/http://ibnlive.in.com/generalnewsfeed/news/shreeratna-global-award-for-anita-pratap/1202735.html। আহৰণ কৰা হৈছে: 21 April 2013.
- ↑ "Alumni Profile: Anita Pratap". Miranda House. http://www.mirandahouse.ac.in/MirandaHouse/UserSpace/UserName/admin/DynamicFolder/2009-2010/alumnae/AlumniBioProfile_Anita_pratap.html। আহৰণ কৰা হৈছে: 24 April 2013.
- ↑ "Anita Pratap: Curriculum Vitae". Anita Pratap. Archived from the original on 21 August 2007. https://web.archive.org/web/20070821090046/http://www.eelamweb.com/leader/interview/in_1984/। আহৰণ কৰা হৈছে: 24 April 2013.
- ↑ Jahagirdar, Archana (26 March 1997). "Anita Pratap: CNN's Delhi bureau chief is the first Indian to win the George Polk Award". Outlook. http://www.outlookindia.com/article.aspx?203278। আহৰণ কৰা হৈছে: 24 April 2013.
- ↑ "Anita Pratap : Documentaries". Anita Pratap. Archived from the original on 12 November 2013. https://web.archive.org/web/20131112090603/http://www.anitapratap.com/documentaries.html। আহৰণ কৰা হৈছে: 24 April 2013.
- ↑ "Unsung: About the Book". Anita Pratap. Archived from the original on 19 April 2014. https://web.archive.org/web/20140419020547/http://www.anitapratap.com/no/about-the-book.html। আহৰণ কৰা হৈছে: 24 April 2013.