সমললৈ যাওক

অনিতা ভৰদ্বাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিতা ভৰদ্বাজ

অনিতা ভৰদ্বাজ ৮ মাৰ্চ ২০১৮
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ডাক্তৰ
নিয়োগকৰ্তা ছয় চিগমা হাই এলটিটুড মেডিকেল ৰেচকিউ চাৰ্ভিচেছ
জনা যায় উচ্চ উচ্চতাৰ চিকিৎসা

অনিতা ভৰদ্বাজ ইংৰাজী: : Anita Bhardwaj ; এগৰাকী ভাৰতীয় উচ্চ উচ্চতাত উদ্ধাৰকাৰী চিকিৎসক। ছয় চিগমা হাই এলটিটুড মেডিকেল ৰেচকিউ চাৰ্ভিচেছৰ যুটীয়া চিকিৎসা সঞ্চালিকা হিচাপে ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে।

ভাৰতৰ ছিক্স চিগমা হেল্থকেয়াৰ হাই এলটিটুড মেডিকেল ৰেচকিউ চাৰ্ভিচেছৰ চিকিৎসা সঞ্চালিকা। এই সেৱাই (২০১৮ চনৰ মাৰ্চ মাহলৈকে) উচ্চ উচ্চতাত ৫০,০০০ তকৈ অধিক লোকক সহায় কৰিছিল আৰু ২৪,০০০ ফুট পৰ্যন্ত উচ্চতাত কাম কৰা ৫,০০০ তকৈ অধিক মহিলা আৰু শিশুৰ জীৱন ৰক্ষা কৰিছিল।[1]

২০১৪ চনত তেওঁ তীৰ্থযাত্ৰীসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ কৰা ভ্ৰমণকে ধৰি তেওঁৰ কাম[2]ৰ বাবে কল্পনা চাওলা শৌৰ্য্য বঁটাৰে সন্মানিত হয়। এই বঁটাত ৫০,০০০ টকাৰ পুৰস্কাৰ আছিল।[3] ভৰদ্বাজ উদ্ধাৰত সহায় কৰিবলৈ পাহাৰ ভ্ৰমণ কৰাৰ বাবে জনাজাত।[4] উত্তৰাখণ্ডৰ বানপানী, নেপালৰ ভূমিকম্প আৰু অমৰনাথ যাত্ৰাৰ আক্ৰমণৰ স্থানত তেওঁ আন কেইবা ডজন লোকৰ সৈতে যোগদান কৰিছে।[2]

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ৰাষ্ট্ৰপতি ভৱনৰ (ৰাষ্ট্ৰপতি প্ৰাসাদ) দৰবাৰ কক্ষত তেওঁৰ নাৰী শক্তিৰ বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা।[2]

২০১৯ চনৰ জুলাই মাহত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে ৰুদ্ৰপ্ৰয়াগত এখন পাহাৰীয়া প্ৰতিষ্ঠানৰ বাবে ধন দিবলৈ সন্মত হয়। এই ধনেৰে ১২০০ টা চাকৰিৰ সৃষ্টি হ’ব আৰু ইয়াক ছয় চিগমা হাই এলটিটুড মেডিকেল ৰেচকিউ চাৰ্ভিচেছৰ দ্বাৰা পৰিচালিত কৰা হ’ব। নতুন কেন্দ্ৰটোৱে শিক্ষা আৰু প্ৰশিক্ষণৰ লগতে চিকিৎসা সেৱাও যোগান ধৰিব। তেওঁ ডাঃ প্ৰদীপ ভৰদ্বাজ, চিইঅ' আৰু চিকিৎসা সঞ্চালক, ডাঃ অৰবিন্দ কুমাৰ, ডাঃ পাৰভেজ আহমদ, ভীম বাহাদুৰ, দেৱজিৎ নায়ক আৰু ভৰদ্বাজকে ধৰি সেৱাৰ আগশাৰীৰ কৰ্মচাৰীসকলক বঁটা প্ৰদান কৰে।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ডাঃ প্ৰদীপ ভৰদ্বাজৰ সৈতে তেওঁৰ বিবাহ হয়।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. India #StayHome #StaySafe, P. I. B. (2018-03-07). "Meet Dr. Anita Bhardwaj, #NariShakti Puraskar 2017 awardee. She is a medical practitioner who has dedicated her career to ensuring health services in the most difficult situationspic.twitter.com/OkkEkP466M" (en ভাষাত). @PIB_India. https://twitter.com/PIB_India/status/971332665344368640/photo/2। আহৰণ কৰা হৈছে: 2020-05-15. 
  2. 2.0 2.1 2.2 "Nari Shakti of 30 women to be honoured at Rashtrapati Bhavan". The New Indian Express. https://www.newindianexpress.com/nation/2018/mar/08/nari-shakti-of-30-women-to-be-honoured-at-rashtrapati-bhavan-1783788.html। আহৰণ কৰা হৈছে: 2020-05-15. 
  3. 3.0 3.1 Chawla, Kalpana (2016-03-09). "Anita Bhardwaj (34)". প্ৰকাশক Nepal: Hindustan Timers (Jalandhar). https://www.pressreader.com/india/hindustan-times-jalandhar/20160309/282449938122171। আহৰণ কৰা হৈছে: 2020-05-15. 
  4. "दूसरी बार झज्जर की 'बहू' को मिलेगा 'नारी शक्ति सम्मान', पहाड़ों में लोगों को दे रहीं 'संजीवनी'". Amar Ujala. https://www.amarujala.com/chandigarh/international-women-s-day-dr-anita-Bhardwaj-will-get-the-second-time-nari-shakti-award। আহৰণ কৰা হৈছে: 2020-05-15. [সংযোগবিহীন উৎস]
  5. ANI (2019-07-06). "U'khand CM accepts proposal to establish Six Sigma Institute of Mountain Medicines & High Altitude Rescue". Business Standard India. https://www.business-standard.com/article/news-ani/u-khand-cm-accepts-proposal-to-establish-six-sigma-institute-of-mountain-medicines-high-altitude-rescue-119070600841_1.html.