সমললৈ যাওক

অনিতা ৰেড্ডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিতা ৰেড্ডী
জন্ম চেন্নাই, তামিলনাডু, ভাৰত
পেচা সমাজকৰ্মী
সন্তান ৩, ৰাম ৰেড্ডী সহ।
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
মহিলা সাধকী বঁটা
জিন হেৰিছ বঁটা
মহিলা কৃতিত্ব বঁটা
নম্মা বেংগালুৰু বঁটা
পি আৰ এছ আই বঁটা
কেম্পেগৌডা বঁটা
জীৱনজোৰা কৃতিত্ব বঁটা -TANA
ৱেবছাইট
Official web site

অনিতা ৰেড্ডী (ইংৰাজী: Anita Reddy )কৰ্ণাটকৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু এছ'চিয়েচন ফৰ ভলাণ্টেৰী একচন এণ্ড চাৰ্ভিচেছ (AVAS)ৰ প্ৰতিষ্ঠাপক,[1][2] কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বস্তিবাসীসকলৰ পুনৰ্বাসন আৰু উত্থানৰ বাবে তেওঁৰ সেৱাৰ বাবে পৰিচিত।[3] শিশু শিক্ষা আৰু মহিলাৰ জীৱিকাৰ বাবে কাম কৰি দ্ৱাৰাকা আৰু ড্ৰিক ফাউণ্ডেশ্যনৰ মেনেজিং ট্ৰাষ্টী। ভাৰত চৰকাৰে ২০১১ চনত অনিতা ৰেড্ডীক সম্বৰ্ধনা জনায়, চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী[4]

মই ভূমি মাফিয়া আৰু ন্যস্ত স্বাৰ্থৰ ব্যক্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। এবাৰ আনকি মোক প্ৰায় ৩০০ জনীয়া গোট এটাই খেদি পঠিয়াইছিল। কবৰস্থানত বস্তিবাসীৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ শিকিবলগীয়া হৈছিল, বেংগালুৰুৰ বস্তিসমূহত তেওঁৰ প্ৰাৰম্ভিক অভিজ্ঞতাৰ বিষয়ে ৰেড্ডীয়ে কয়।[5]

ৰেড্ডীৰ জন্ম হৈছিল তামিলনাডুচেন্নাইত ৰঞ্জিনী ৰেড্ডী আৰু দ্বাৰকনাথ ৰেড্ডী নামৰ এজন উদ্যোগপতি আৰু দানবীৰৰ ধনী পৰিয়ালত।[6] স্কুলীয়া শিক্ষা অন্ধ্ৰ প্ৰদেশৰ ঋষি ভেলী স্কুল আৰু ডব্লিউ চি চিৰ কলেজত হৈছিল, তাৰ পিছত আমেৰিকাৰ কেলিফৰ্ণিয়ালৈ গৈছিল। পিছলৈ তেওঁৰ শৈশৱৰ বন্ধু কৰ্ণাটকৰ প্ৰথম মুখ্যমন্ত্ৰী কে চেংগালাৰায় ৰেড্ডীৰ পুত্ৰ প্ৰতাপ ৰেড্ডীৰ লগত বিয়া হয়।[6]

১৯৭০ চনৰ শেষৰ ফালে তেওঁৰ সামাজিক কেৰিয়াৰ আৰম্ভ হৈছিল যেতিয়া তেওঁ বস্তিৰ বাসিন্দাসকলৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। অতি সোনকালেই তেওঁ ১৯৮০ চনত এছ'চিয়েচন ফৰ ভলাণ্টেৰী একচন এণ্ড চাৰ্ভিচেছ (AVAS) প্ৰতিষ্ঠা কৰে।[3] তেওঁৰ প্ৰথম পদক্ষেপ আছিল গৃহ নিৰ্মাণৰ সুবিধাসমূহ পুনৰ নিৰ্মাণ কৰি বস্তিৰ জীৱন-যাপনৰ অৱস্থাত অৰিহণা যোগোৱা।[6] ১৯৯৬ চনত তেওঁৰ পিতৃয়ে দ্বাৰকানাথ ৰেড্ডী ৰামানৰ্পনাম ট্ৰাষ্ট (DRRT) প্ৰতিষ্ঠা কৰাৰ লগে লগে ৰেডীৰ কাৰ্য্যকলাপে গতি লাভ কৰে,[1][2] তেওঁৰ ধন ট্ৰাষ্টক প্ৰদান কৰে আৰু ৰেড্ডীক ইয়াক পৰিচালনা কৰিবলৈ কয়।[3] অতিৰিক্ত সম্পদৰ সহায়ত ৰেড্ডীয়ে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু বস্তিসমূহত উন্নত সুবিধা স্থাপনৰ বাবে কাম কৰিছিল।[6]

ৰেড্ডীয়ে জীৱনোৎসৱ, সাংস্কৃতিক মঞ্চ আৰু বেংগালুৰুৰ কে চি ৰেড্ডী সাঁতোৰ কেন্দ্ৰৰ প্ৰচাৰো কৰে যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ যেনে নিশা মিলেট আৰু মেঘনা নাৰায়ণনৰ সৃষ্টি কৰিছে,[7] তেওঁ মহিলা কণ্ঠৰ সাংগঠনিক সম্পাদিকা আৰু ৰাজ্যিক পৰ্যায়ৰ বস্তিবাসী ফেডাৰেচনৰ (কেকেএনএছএছ) সম্পাদিকা হিচাপে কাম কৰে।[8] তেওঁ স্কুল ভিত্তিক অভিযান আৰু সংলাপৰ আয়োজন কৰে।[9]

বৰ্তমানৰ ভূমিকাত তেওঁ এ আৰ চি - কলা, অধিকাৰ আৰু সম্প্ৰদায়, প্ৰথমবাৰৰ বাবে শিক্ষণ কেন্দ্ৰ স্থাপনৰ ধাৰণাটোক পৰিচালনা কৰি আছে যিয়ে চৰকাৰী বিদ্যালয়কে ধৰি বহু সম্প্ৰদায়ৰ দৰিদ্ৰ শিশুৰ থলুৱা পৰম্পৰা আৰু ঐতিহ্যৰ জ্ঞান বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে তেওঁলোকে বাস কৰা অঞ্চলটোৰ অন্তৰ্নিহিত শক্তি আৰু অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰাসংগিক ইতিহাসৰ সমৃদ্ধি আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ব।

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

১৯৯৭ চনত গিল্ড অৱ উইমেন এচিভাৰছৰ মহিলা সাধকী বঁটা লাভ কৰা ৰেড্ডী।[8] ৰটাৰী ইণ্টাৰনেশ্যনেল[10]ৰ পৰা জিন হেৰিছ বঁটা আৰু লেডিজ চাৰ্কল ইণ্ডিয়াৰ পৰা উইমেন এচিভাৰ বঁটা লাভ কৰা তেখেতক ২০১০–১১ চনত নামমা বেংগালুৰু ফাউণ্ডেচনে বছৰৰ ব্যক্তি হিচাপে ঘোষণা কৰে।[11][8] সেই বছৰতে ২০১১ চনত ৰেড্ডীয়ে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Association for Voluntary Action and Service report". Association for Voluntary Action and Service. 2014. http://www.dwarakaonline.com/Html/Avas.htm আহৰণ কৰা হৈছে: 20 November 2014.
  2. 1 2 "Presentation by Anita Reddy". Video. Story Pick. 2014. http://www.storypick.com/devoted-28-years-life-urban-poor-fuelling-change-determination-faith/ আহৰণ কৰা হৈছে: 20 November 2014.
  3. 1 2 3 "Chai with Manjula". Chai with Manjula. June 2010. Archived from the original on 16 June 2018. https://web.archive.org/web/20180616203941/http://www.chaiwithmanjula.com/media/AnitaReddy.html আহৰণ কৰা হৈছে: 20 November 2014.
  4. 1 2 "Padma Shri". Padma Shri. 2014. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 11 November 2014.
  5. "Following a passion from within". 25 September 2011. http://www.thehindu.com/todays-paper/tp-features/tp-sundaymagazine/following-a-passion-from-within/article2483610.ece আহৰণ কৰা হৈছে: 29 December 2014.
  6. 1 2 3 4 Chitra Ramani (25 September 2011). "The Hindu". http://www.thehindu.com/todays-paper/tp-features/tp-sundaymagazine/following-a-passion-from-within/article2483610.ece আহৰণ কৰা হৈছে: 20 November 2014.
  7. "Swim Gala". Swim Gala. 2014. http://www.swimgala.com/profiles/clubs/kcreddy.asp আহৰণ কৰা হৈছে: 20 November 2014.[সংযোগবিহীন উৎস]
  8. 1 2 3 "Bay Area Desi". Bay Area Desi. 2011. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129054326/http://www.ipv6.fpgacentral.com/event/2011june/reception-meet-padma-shri-awardee-anita-milpitas আহৰণ কৰা হৈছে: 20 November 2014.
  9. "Aditi". Aditi. 2014. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129071018/http://www.aditi.edu.in/our-difference/for-community/ আহৰণ কৰা হৈছে: 20 November 2014.
  10. "Rotary". 4 November 2011. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/social-worker-professor-to-be-felicitated/article2596504.ece আহৰণ কৰা হৈছে: 20 November 2014.
  11. "Deccan Herald". 9 February 2011. http://www.deccanherald.com/content/136413/content/212669/archives.php আহৰণ কৰা হৈছে: 20 November 2014.