সমললৈ যাওক

অনিমেষ চতুষ্ক (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনিমেষ চতুষ্ক (ইংৰাজী: Animesh quartet) হ'ল প্ৰখ্যাত বাঙালী সাহিত্যিক সমৰেশ মজুমদাৰৰ দ্বাৰা ৰচিত চাৰিখন উপন্যাসৰ একত্ৰ সংকলন।[1][2][3] চাৰিখন উপন্যাস হ'ল উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষ এবং মৌষলকাল। গৌতম ঘোষে কালবেলা উপন্যাসখনক লৈ এখন বোলছবি নিৰ্মাণ কৰিছে।[4]

চি‍ৰিজৰ প্ৰধান চৰিত্ৰ অনিমেষ মিত্ৰ, তেওঁ ডুৱাৰ্চত ডাঙৰ-দীঘল হৈছে। পৰৱৰ্তীকালত তেওঁৰ ককাক সৰিৎশেখৰ মিত্ৰই জলপাইগুড়ি চহৰত ঘৰ-দুৱাৰ তেওঁ তাতেই পঢ়া-শুনা কৰে। ১৯৬০ চনত পঢ়া-শুনা কৰিবলৈ কলকাতালৈ আহিয়েই আৰক্ষীৰ গুলীত আহত হয়। পৰৱৰ্তীকালত এবছৰৰ পাছত স্কটিছ চাৰ্চ কলেজত ভৰ্তি হয়। ইয়াৰ পাছত কিছুদিন চি পি এমৰ লগত জডি়ত থকাৰ পাছত মতাদৰ্শগত মতানৈক্যৰ বাবে তেওঁ নক্সাল আন্দোলনত যোগদান কৰে। ইয়াৰ মাজতে মাধৱীলতাৰ সৈতে তেওঁৰ পৰিচয় হয়। ইজন সিজনৰ প্ৰেমত পৰে। পাছত নক্সালবাদী আন্দোলনৰ বাবে অনিমেষক গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰত তেওঁৰ ওপৰত তীব্ৰ অত্যাচাৰ কৰা হৈছিল আৰু ফলস্বৰূপে তেওঁ খোজ কঢ়াৰ ক্ষমতা হেৰুৱাই পেলাইছিল।

পৰৱৰ্তী সময়ত চিপিএম ক্ষমতালৈ অহাত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল। মাধৱীলতাই অনিমেষক বস্তিৰ ঘৰলৈ লৈ যায়। তাতেই মাধৱীলতা, অনিমেশ আৰু তেওঁলোকৰ সন্তান অৰ্ক বাস কৰিছিল। পৰবৰ্তী কাহিনীত অৰ্কই অন্যতম ভূমিকা পালন কৰিছে।

তিনিখন উপন্যাসত লেখকে নিজৰ জীৱন দৰ্শনৰ আধাৰত সমসাময়িক ৰাজনৈতিক পৰিঘটনা উন্মোচন কৰিছে।[5][6]

মুখ্য চৰিত্ৰ

[সম্পাদনা কৰক]
  • অনিমেষ মিত্ৰ
  • মাধৱীলতা
  • অৰ্ক মিত্ৰ
  • সৰিৎশেখৰ মিত্ৰ
  • মহীতোষ মিত্ৰ
  • ছোটমা
  • পিসিমা

সময়ক্ৰম

[সম্পাদনা কৰক]

১৯৭৯ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত প্ৰথম তিনিখন উপন্যাস - উত্তৰাধিকাৰ, কালবেলা আৰু কালপুৰুষ প্ৰকাশ পাইছিল। বিখ্যাত সাহিত্য আলোচনী দেশ পত্ৰিকাত ধাৰাবাহিকভাৱে প্ৰকাশিত কালবেলাৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰে। চিৰিজৰ শেষৰখন গ্ৰন্থ মৌষলকাল ২০১৩ চনত প্ৰকাশ পাইছিল। মমতা বন্দ্যোপাধ্যায়ৰ তৃণমূল কংগ্ৰেছ দলে‍ দীৰ্ঘদিন ক্ষমতাত থকা চিপিএম দলক উৎখাত কৰাৰ পাছত তেওঁ এই গ্ৰন্থখন লিখিছিল।[6]

অনিমেষ চতুষ্কক সমৰেশ মজুমদাৰৰ শ্ৰেষ্ঠ কৰ্ম আৰু সমকালীন বাংলা সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হিচাপে‍ ধৰা হয়।[5]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

প্ৰখ্যাত পৰিচালক গৌতম ঘোষে ২০০৯ চনত কালবেলা উপন্যাসখনৰ আধাৰত এখন বোলছবি নিৰ্মাণ কৰিছিল। ইয়াত অনিমেষৰ চৰিত্ৰত পৰমব্ৰত চট্টোপাধ্যায় আৰু মাধৱীলতাৰ চৰিত্ৰত পাওলি দামে অভিনয় কৰিছিল।[4]

  • উত্তৰাধিকাৰ
  • কালবেলা
  • কালপুৰুষ
  • মৌষলকাল

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Political Write". ৮ সেপ্টেম্বৰ ২০১৭. http://timesofindia.indiatimes.com/city/kolkata/Political-Write/articleshow/46640234.cms. 
  2. "Simple yet searing". ৮ সেপ্টেম্বৰ ২০১৭. https://www.telegraphindia.com/1090117/jsp/entertainment/story_10400316.jsp. 
  3. "যেগুলো আকাশে ভাসে সেগুলো তাৎক্ষণিক সাহিত্য". ৮ সেপ্টেম্বৰ ২০১৭. Archived from the original on 2025-04-20. https://web.archive.org/web/20250420102716/https://www.sahityacafe.com/?p=4657. 
  4. 4.0 4.1 "আজ ‘কালবেলা’". ৮ সেপ্টেম্বৰ ২০১৭. http://www.anandabazar.com/supplementary/anandaplus/আজ-ক-লব-ল-1.40957. 
  5. 5.0 5.1 "সুনীল দা মাৰা যাওয়াৰ পৰ লেখাৰ চাপ আৰও বেড়ে গেছে". ৮ সেপ্টেম্বৰ ২০১৭. http://www.jugantor.com/old/literature-magazine/2013/08/30/24522. 
  6. 6.0 6.1 "অনিমেষ আবাৰও গ্ৰেফতাৰ হবে". ৮ সেপ্টেম্বৰ ২০১৭. http://www.bd-pratidin.com/various/2013/08/23/12248.