অনিৰুদ্ধদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অনিৰুদ্ধ দেৱৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক।

জীৱনী[সম্পাদনা কৰক]

অনিৰুদ্ধদেৱৰ জন্ম হৈছিল উত্তৰ লক্ষীমপুৰনাৰায়ণপুৰ অঞ্চলৰ বিষ্ণু বালিকুচি গাঁৱত ১৫৫৩ খ্ৰীষ্টাব্দৰ ব’হাগ মাহৰ শুক্লা দশমী তিথিত। তেৰাৰ পিতৃৰ নাম গোন্দাগিৰি ভূঞা আৰু মাতৃৰ নাম আজলী।[1] আজলী শ্ৰীমন্ত শংকৰদেৱৰ খুৰাকৰ জীয়েক আছিল। অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম আছিল হৰকণ্ঠ গিৰি । তেৰাৰ পঞ্চভাতৃসকলৰ জেষ্ঠ ডবানকা বা মোহন মুৰাৰীয়ে পুৰুষোত্তম ঠাকুুুৰৰ ওচৰত শৰণ লয় পৰৱৰ্তীসময়ত বেঙেনাআটী সত্ৰ পাতে। দ্বিতীয়জনা ভাতৃ নেপালদেশৰ শাসনকৰ্ত্তা হয়। তৃতীয় আৰু চতুুু্ৰ্থজনাই গৃৃহতে মনোনিৱেশ কৰে।

কালজাৰ সত্ৰলৈ গৈ হৰকণ্ঠই মহাপুুৰুষ গোপালদেৱৰ(ভৱানীপুৰীয়া)শিষ্যত্ব গ্ৰহন কৰে। গোপালদেৱ আতাই তেখেতক অনিৰুদ্ধ নাম দিয়ে।মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱে পৰৱৰ্তীকালত তেৰাক উজনিত ধৰ্মপ্ৰচাৰৰ হেতু ধৰ্মাচাৰ্য পদত অধিষ্ঠিত কৰাই আজ্ঞা কৰিছিল"মধুমতী মায়াৰ শিৰত চৰি তুমি।প্ৰচাৰিবা ধৰ্ম মায়ামৰা সত্ৰ পাতি।" গুৰু আজ্ঞানুসাৰে ১৬০১চনত তেৰাই ধৰ্ম প্ৰচাৰৰ কামত ব্ৰতী হয়। প্ৰথমে তেওঁ নিজৰ গাঁৱলৈ উভতি গৈ শ্ৰী শ্ৰীবিষ্ণু বালিকুঞ্চি সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তীকালত ১৬০৬ চনত মৰনৈৰ দাঁতিত নাহৰআটী সত্ৰ প্ৰতিষ্ঠা কৰে আৰু প্ৰয়াণৰ সময় পৰ্যন্ত তেৰাই উক্ত সত্ৰতে জীৱণকাল অতিবাহিত কৰে। মুঠ ২৫ বছৰ কাল ধৰ্মপ্ৰচাৰ কৰাৰ পিছত ১৫৪৮ শক (১৬২৩ খ্ৰীষ্টাব্দ) অনিৰুদ্ধদেৱৰ মহা প্ৰয়াণ হয়।[1] তেওঁৰ পাৰ্থিৱ দেহৰ সৎকাৰ এই সত্ৰতে কৰা হয় বাবে নাহৰআটী সত্ৰ কালসংহতিৰ সেৱকসমস্তৰ বাবে পূণ্যস্থান৷[1]

উল্লেখযোগ্য অৱদান[সম্পাদনা কৰক]

অনিৰুদ্ধদেৱে মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তন কৰিছিল। ভাগৱতৰ ৫ম স্কন্ধ আৰু ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান অংশৰ পদ ভাঙনি কৰিছিল। লগতে ৬টি ভটিমা আৰু ১৮২টা গীত ৰচনা কৰিছিল। তেখেতৰ প্ৰণীত ন-ঘোষা বা ভক্তিমঙ্গল ঘোষাত ৮০৫টি ঘোষা সংকলিত কৰা আছে। ইয়াৰোপৰি এখন তত্বমূলক গ্ৰন্থ প্ৰণয়ন কৰিছিল বুলি কথিত।[2]

তথ্য সমল[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিন্টাৰ্ছ, গুৱাহাটী
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী