অনিৰ্ণেয় = অসংক্ৰমণযোগ্য
অনিৰ্ণেয় = অসংক্ৰমণযোগ্য (Undetectable=Untransmitable; U = U) এইচ.আই.ভি. অভিযানত ব্যৱহৃত স্বাস্থ্য-শিক্ষা সম্বন্ধিত এক বাৰ্তা। ইয়াৰ অৰ্থ হ'ল- যদি কোনো এইচ.আই.ভি. পজিটিভ ব্যক্তিৰ দেহত এইচ.আই.ভি.ভাইৰাছৰ পৰিমাণ ধৰা নপৰে, তেন্তে সেইব্যক্তিৰ দেহৰপৰা এইচ.আই.ভি. ভাইৰাছ আন ব্যক্তিৰ দেহলৈ যৌন সংক্ৰমণৰ জৰিয়তে বিয়পিব নোৱাৰে।[1] U=U বাৰ্তাক বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশ্বজুৰি বিভিন্ন স্বাস্থ্য গোট আৰু সংস্থাই সমৰ্থন কৰে।[2] হাজাৰ হাজাৰ দম্পতীক লৈ কৰা বহুতো পৰীক্ষণৰ জৰিয়তে U=U ৰ বৈধতা প্ৰমাণিত হৈছে।[3][4] এইচ.আই.ভি. প্ৰতিৰোধৰ ক্ষেত্ৰতো U=U এটা গুৰুত্বপূৰ্ণ ধাৰণা। এইচ.আই.ভি. প্ৰতিৰোধৰ এই পদ্ধতিক প্ৰতিৰোধ চিকিৎসা হিচাপে জনা যায়।[5]
উৎপত্তি
[সম্পাদনা কৰক]বৈজ্ঞানিক সহমতৰ বিবৃতিৰ ভিত্তিত ২০১৬ চনৰ আৰম্ভণিতে 'প্ৰৱেশ প্ৰতিৰোধ অভিযানে' প্ৰথমবাৰৰ বাবে U=U ব্যৱহাৰ কৰিছিল। এই বাৰ্তাৰ লক্ষ্য আছিল এইচ আই ভিৰ সৈতে জীয়াই থকাৰ অৰ্থ কি হ'ব পাৰে তাক সলনি কৰা, সমাজত এইচ আই ভিৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণাৰ প্ৰতি মানুহক সজাগ কৰা আৰু এইচ আই ভিৰ সৈতে জীয়াই থকাসকলৰ জীৱনৰ মান উন্নত কৰা।[6]
বৈজ্ঞানিক প্ৰমাণ
[সম্পাদনা কৰক]এই অভিযানে অনিৰ্ণেয় মানে অসংক্ৰমণযোগ্য বুলি বৈজ্ঞানিক প্ৰমাণ বিয়পাই দিব বিচাৰিছে। মহামাৰীৰ আৰম্ভণিৰপৰাই এইচ আই ভি সংক্ৰমণৰ ধাৰণা আৰু ব্যৱস্থাপনা বহু পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে; সংক্ৰামক বুলি ধৰি লোৱাৰ পৰা আৰম্ভ কৰি, তাৰ পাছত সংক্ৰমণৰ পথ (তেজ, যৌন তৰল পদাৰ্থ আৰু স্তনপান) আৱিষ্কাৰ কৰা, প্ৰতিৰোধ পদ্ধতি (শিক্ষা, কণ্ডম, PrEP, আৰু PEP) আৰু বিভিন্ন চিকিৎসালৈকে এই ব্যৱস্থাপনা জড়িত হৈ আছে।
যেতিয়া কোনো ব্যক্তি এইচ আই ভি ৰোগত আক্ৰান্ত হৈ থকাৰ সমান্তৰালকৈ ফলপ্ৰসূ চিকিৎসা গ্ৰহণ কৰে তেতিয়া ই তেজত এইচ আই ভি (ভাইৰেল লোড)ৰ মাত্ৰা হ্ৰাস কৰে। যেতিয়া এই মাত্ৰা অতি কম হয় (জুখিলে ২০০ কপি/প্ৰতিমিলিলিটাৰ তেজৰ তলত) তেতিয়াই ইয়াক অনিৰ্ণেয় বুলি কোৱা হয়।[7]
২০১১ চনৰপৰা ২০১৯ চনৰ ভিতৰত তিনিটা ক্লিনিকেল অধ্যয়নৰ আবিৰ্ভাৱ ঘটিছিল। এই অধ্যয়নে প্ৰতিৰোধ আৰু জীৱনৰ মানদণ্ডৰ আৰ্হিক ভালৰ দিশলৈ সলনি কৰিবলৈ সক্ষম হৈছে।
২০১১ চনত গৱেষকসকলে এইচ পি টি এন ০৫২ অধ্যয়নৰ ফলাফলৰ কিছু অংশ প্ৰকাশ কৰিছিল। এই ৰেণ্ডম নিয়ন্ত্ৰিত পৰীক্ষাত ১,৭৬৩ যোৰা চেৰ’ডিচকৰ্ডেণ্ট বিষমযৌন দম্পতী (য’ত এজন সঙ্গী এইচ আই ভি পজিটিভ, আনজন এইচ আই ভি নিগেটিভ)ক লৈ অধ্যয়ন কৰা হৈছিল। তাৰ পাছত ব্যক্তিজনৰ দেহত ৰোগ নিৰ্ণয় হোৱাৰ লগে লগে চিকিৎসা আৰম্ভ কৰিছিল নেকি, বা দেৰিকৈ চিকিৎসা আৰম্ভ কৰিছিল নেকি সেই বিষয়ত নিৰ্ভৰ কৰি ব্যক্তিসকলক দুটা গোটত ভাগ কৰা হৈছিল। এই পৰীক্ষণত আৱিষ্কাৰ কৰা হ’ল যে, দুয়োটা গোটৰ তুলনা কৰিলে, তৎক্ষণাত চিকিৎসা আৰম্ভ কৰাসকলৰ সংক্ৰমণৰ হাৰ ৯৩% হ্ৰাস পাইছে। তাৰ পাছত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হয় যে, যদি ব্যক্তিজনে তেওঁৰ চিকিৎসা অব্যাহত ৰাখে, তেন্তে তেওঁৰ দেহৰপৰা ৰোগৰ বীজাণু যৌন সঙ্গীলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা কম।[8]
আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ
[সম্পাদনা কৰক]১০৫খন দেশৰ ১১০০টা সংস্থাই প্ৰৱেশ প্ৰতিৰোধ পদক্ষেপৰ অংশ হিচাপে নিজৰ সম্প্ৰদায়ৰ মাজত U=U বাৰ্তা বিয়পোৱাৰ প্ৰতিশ্ৰুতিৰে কাম কৰিছে। ইয়াৰ ফলত এইচ আই ভি ৰোগত আক্ৰান্ত লোক, গৱেষক, আৰু সামাজিক সংগঠনৰ মাজত এক মিত্ৰতাৰ সৃষ্টি হৈছে যাৰ লক্ষ্য এফালে এইচ আই ভি সংক্ৰমণৰ মহামাৰীৰ লগতে এইচ আই ভি ৰোগত আক্ৰান্ত হোৱাৰ সৈতে জড়িত সামাজিক কলংকৰ অন্ত পেলোৱা। ইয়াৰ বাবে এই অভিযানে বৈজ্ঞানিক তথ্যসমূহ প্ৰকাশ্য ভাষাৰ জৰিয়তে জনসাধাৰণৰ ওচৰলৈ অনাৰ চেষ্টা কৰিছিল যাতে সকলো মানুহেই, তেওঁলোকৰ প্ৰশিক্ষণ, জাতি বা আৰ্থ-সামাজিক স্তৰ যিয়েই নহওক কিয়, এই ৰোগ সম্পৰ্কিত নতুন অগ্ৰগতিৰ বিষয়ে জানিব পাৰে।[9]
কাৰ্য
[সম্পাদনা কৰক]২০১৬ চনৰপৰা চলি অহা U=U বাৰ্তা প্ৰচাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কৰ্মী আৰু গৱেষকসকলক সংযোগ কৰাৰ লক্ষ্যৰে ব্ৰুচ ৰিচমেনে প্ৰৱেশ প্ৰতিৰোধ অভিযান প্ৰতিষ্ঠা কৰিছিল। ই সমগ্ৰ বিশ্বৰ অসংখ্য সংস্থাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে:
- ফাইট এগেইনষ্ট এইডছ ফাউণ্ডেচনে প্ৰৱেশ প্ৰতিৰোধ অভিযানে জাৰি কৰা U=U একমত বিবৃতিৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে। ইয়াত কোৱা হৈছে যে "বৈজ্ঞানিক প্ৰমাণ স্পষ্ট আৰু নিৰ্দ্বিধায়: ফলপ্ৰসূ চিকিৎসাই এইচ আই ভি সংক্ৰমণৰ সম্ভাৱনা শূন্যলৈ হ্ৰাস কৰে।" [10]
- এইডছ সেৱা সংস্থাসমূহৰ আন্তৰ্জাতিক পৰিষদ (ICASO) হৈছে এইচ আই ভি ৰোগত আক্ৰান্ত মহিলাসকলৰ U=U সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত নিৰীক্ষণ আৰু নতুনত্বৰ প্ৰতি উৎসৰ্গিত এটা সম্প্ৰদায়।[11]
- ইউএনএইডছে এই বাৰ্তা বিয়পোৱাৰ লক্ষ্যৰে ধাৰাবাহিক অভিযান চলাই আহিছে, প্ৰতিবেদনৰ ভিত্তিত বাৰ্তাটোৰ প্ৰচাৰৰ লক্ষ্যৰে অন্যান্য অসামৰিক সংস্থাসমূহৰ কাৰ্যকলাপকো সমৰ্থন কৰিছে।[12]
- ২০১৯ চনৰ বিশ্ব এইডছ দিৱসৰ বাবে ফাউণ্ডেচন হুয়েস্পেডে আৰ্জেণ্টিনাত এইচ আই ভিৰ অন্ত পেলোৱাৰ বাবে দহটা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা এক অভিযান চলাইছে: "পুত অন দ্য ৰিবন।" ইয়াৰ এটা ব্যৱস্থাত কোৱা হৈছে যে "আনডিটেকটেবল = আনট্ৰান্সমিটেবল (U=U)ৰ ধাৰণাটোক প্ৰসাৰিত কৰা।"
- দ্য পজিটিভ চাইকেল সংস্থাই ২০১৮ চনত প্ৰতিষ্ঠা হোৱাৰপৰাই U=U শ্লোগানটো পতাকাৰ প্ৰতিক হিচাপে ব্যৱহাৰ কৰি আহিছে, লগতে ইয়াৰ দৃশ্যমানতা নিশ্চিত কৰাৰ লক্ষ্যৰে অসংখ্য কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Undetectable = untransmittable". UNAIDS. 20 July 2018. https://www.unaids.org/en/resources/presscentre/featurestories/2018/july/undetectable-untransmittable। আহৰণ কৰা হৈছে: 2 May 2022.
- ↑ Artavia, David (22 March 2019). "Doctors Need to Tell More People About U=U". HIVPlusMag.com. https://www.hivplusmag.com/uu/2019/3/22/researchers-encourage-healthcare-providers-promote-uu। আহৰণ কৰা হৈছে: 18 March 2023.
- ↑ "HIV Undetectable=Untransmittable (U=U), or Treatment as Prevention". National Institute of Allergy and Infectious Diseases. 21 May 2019. https://www.niaid.nih.gov/diseases-conditions/treatment-prevention। আহৰণ কৰা হৈছে: 27 May 2022.
- ↑ "Undetectable = untransmittable" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/resources/presscentre/featurestories/2018/july/undetectable-untransmittable। আহৰণ কৰা হৈছে: 2023-03-18.
- ↑ "HIV Treatment as Prevention". HIV.gov. 27 April 2022. https://www.hiv.gov/tasp। আহৰণ কৰা হৈছে: 27 May 2022.
- ↑ "Equal Access to the HIV Prevention Revolution". Prevention Access Campaign. https://preventionaccess.org/। আহৰণ কৰা হৈছে: 26 August 2022.
- ↑ Kasadha, Bakita (3 April 2023). "What does undetectable = untransmittable (U=U) mean?". aidsmap. https://www.aidsmap.com/about-hiv/faq/what-does-undetectable-untransmittable-uu-mean। আহৰণ কৰা হৈছে: 10 March 2024.
- ↑ Cohen, Myron S.; Chen, Ying Q.; McCauley, Marybeth; Gamble, Theresa; Hosseinipour, Mina C.; Kumarasamy, Nagalingeswaran; Hakim, James G.; Kumwenda, Johnstone et al. (2016-09-01). "Antiretroviral Therapy for the Prevention of HIV-1 Transmission". The New England Journal of Medicine খণ্ড 375 (9): 830–839. doi:10.1056/NEJMoa1600693. ISSN 1533-4406. PMID 27424812.
- ↑ "Community". Prevention Access Campaign. https://preventionaccess.org/community/। আহৰণ কৰা হৈছে: 26 August 2022.
- ↑ "Undetectable equals Untransmittable (U=U)". Fight Against AIDS Foundation. 5 April 2017. Archived from the original on 13 December 2019. https://web.archive.org/web/20191213162434/https://www.flsida.org/en/blog/undetectable-equals-untransmittable-uu। আহৰণ কৰা হৈছে: 26 August 2022.
- ↑ "Undetectable=Untransmittable". International Council of AIDS Service Organizations. Archived from the original on 9 December 2023. https://web.archive.org/web/20231209204910/https://icaso.org/undetectableuntransmittable/। আহৰণ কৰা হৈছে: 26 August 2022.
- ↑ "Undetectable = untransmittable" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/resources/presscentre/featurestories/2018/july/undetectable-untransmittable। আহৰণ কৰা হৈছে: 2022-08-26.