অনুক্ৰীতি ভাছ
| অনুক্ৰীতি ভাছ | |
|---|---|
অনুক্ৰীতি ভাছ | |
| জন্ম | ২৮ ছেপ্টেম্বৰ, ১৯৯৯ (২৬ বছৰ)[1] তিৰুচিৰাপল্লী, তামিলনাডু, ভাৰত |
| শিক্ষা | কলা স্নাতক in ফৰাচী |
| শিক্ষানুষ্ঠান | লয়োলা কলেজ, চেন্নাই |
| পেচা | মডেল, অভিনেত্ৰী, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী |
| উচ্চতা | ১.৭০ মিটাৰ (U=ft}}) |
| 'Beauty pageant titleholder' | |
| Title | *ফেমিনা মিছ তামিলনাডু ২০১৮ |
| Hair color | [[ক’লা ]] |
| Eye color | [[ক’লা ]] |
| Major competition(s) |
*ফেমিনা মিছ তামিলনাডু ২০১৮ (বিজয়ী)
|
অনুক্ৰীতি ভাছ (ইংৰাজী: : Anukreethy Vas ; জন্ম ২৮ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ মুকুট পিন্ধিছিল।[2] ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানিয়াত অনুষ্ঠিত হোৱা মিছ বিশ্ব প্ৰতিযোগিতাৰ ৬৮ সংখ্যক সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু শেষত তেওঁ শীৰ্ষ ৩০ খন ছেমি ফাইনেলিষ্টৰ ভিতৰত স্থান লাভ কৰিছিল।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]অনুক্ৰীতিৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ভাৰতৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত।[4] সাত বছৰ বয়সত পিতৃয়ে পৰিত্যক্ত কৰি থৈ গৈছিল আৰু কেৰেলাৰ বাসিন্দা, মাতৃ চেলিনাই ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ মাতৃভাষা মালয়ালম আৰু জন্মস্থান কেৰালা।
তেওঁ তিৰুচিৰাপল্লীৰ মণ্টফৰ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰিছিল।[5] আৰ এছ কৃষ্ণন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। তাৰ পিছত তেওঁ চেন্নাইৰ লয়লা কলেজ পৰা ফৰাচী সাহিত্যত বি এ ডিগ্ৰী লাভ কৰে।[6][7][8] তেওঁৰ এজন সৰু ভাতৃ আছে যি বৰ্তমান কলেজত পঢ়ি আছে।
অনুক্ৰীতি এগৰাকী ক্ৰীড়াপ্ৰেমী ব্যক্তি আৰু মটৰবাইক অনুৰাগী।
প্ৰদৰ্শনৰ ইতিহাস
[সম্পাদনা কৰক]অনুক্ৰীতি ভাছক ফেমিনা মিছ ইণ্ডিয়া ২০১৮ হিচাপে অভিষিক্ত কৰে বিদায়ী খিতাপধাৰী আৰু মিছ ৱৰ্ল্ড ২০১৭ মনুষী চিল্লাৰে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ফেমিনা মিছ ইণ্ডিয়া তামিলনাডু ২০১৮ হিচাপে মুকুট পিন্ধিছিল। প্ৰতিযোগিতাৰ সময়ত মিছ বিউটিফুল স্মাইলৰ মুকুট পিন্ধিছিল আৰু বিউটি উইথ এ পাৰ্পজ বঁটা লাভ কৰিছিল। ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানয়াত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত অনুক্ৰীথীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ টেলেণ্ট ৰাউণ্ডৰ শীৰ্ষ ১৮ ৰ ভিতৰত স্থান লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ নিজৰ ৰাউণ্ডৰ হেড টু হেড চেলেঞ্জত জয়ী হৈ প্ৰতিযোগিতাৰ শীৰ্ষ ৩০ ৰ ভিতৰত প্ৰৱেশ কৰে।[9]
ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]- বছৰৰ শিৰোনাম ভূমিকা ভাষা টোকা Ref.
- ২০২২ চনত ডি এছ পি:,ভূমিকা-অন্নপুৰণি, ভাষা-তামিল, তামিল অভিষেক।[10]
- ২০২৩ চনত টাইগাৰ নাগেশ্বৰ ৰাও:ভূমিকা- জয়বাণী, ভাষা-তেলেগু, তেলেগু অভিষেক
- ২০২৪ চনৰ Visfot: Song পৰিবেশক,ভাষা- হিন্দী, হিন্দী গীত
- টিবিএ ভেট্ৰি†: টিবিএ,ভাষা- তামিল [11][12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Anukreethy Vas". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/topic/Anukreethy-Vas.
- ↑ "Tamil Nadu college student Anukreethy Vas crowned Miss India 2018". https://www.hindustantimes.com/fashion-and-trends/tamil-nadu-college-student-anukriti-vas-crowned-miss-india-2018-see-pics-watch-videos/story-DBc1WaGom4FL5zFXMnESfO.html.
- ↑ "Tamil Nadu's Anukreethy Vas crowned Miss India 2018". http://www.abplive.in/videos/tamil-nadu-s-anukriti-vas-crowned-miss-india-2018-713084.
- ↑ "Anukriti Vas(Vas is her initials) is Femina Miss India World, 2018". https://www.northeasttoday.in/anukriti-vas-is-femina-miss-india-world-2018/.[সংযোগবিহীন উৎস]
- ↑ "Miss India visits her alma mater Montfort School". https://timesofindia.indiatimes.com/life-style/spotlight/the-contest-has-been-quite-a-journey-winning-came-much-later/articleshow/64795913.cms.
- ↑ "Who is Miss India 2018 Anukriti Vas?". https://www.indiatoday.in/lifestyle/celebrity/story/who-is-miss-india-2018-anukriti-vas-1264802-2018-06-20.[সংযোগবিহীন উৎস]
- ↑ "Interview with her mom". https://timesofindia.indiatimes.com/city/chennai/anukriti-was-always-confident-of-winning/articleshow/64665328.cms.
- ↑ "Atharvaa Murali: Movies, Photos, Videos, News, Biography & Birthday | eTimes". The Times of India. https://timesofindia.indiatimes.com/topic/Atharvaa-Murali.
- ↑ "Bollywood News update June 20: Anukriti Vas crowned Miss India 2018, Rajkummar Rao wraps up Fanne Khan shoot". Archived from the original on 16 November 2018. https://web.archive.org/web/20181116131656/https://www.indiatvnews.com/entertainment/bollywood-bollywood-news-update-june-20-anukriti-vas-crowned-miss-india-2018-rajkummar-rao-wraps-up-fanne-khan-shoot-448294.
- ↑ "DSP Movie Showtimes". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-details/dsp/movieshow/95455142.cms। আহৰণ কৰা হৈছে: 27 November 2022.
- ↑ "Miss India Anukreethy Vas to debut in Prashanth's next". Cinema Express. https://www.cinemaexpress.com/stories/news/2019/apr/06/miss-india-anukreethy-vas-to-debut-in-prashanths-next-10913.html। আহৰণ কৰা হৈছে: 2019-07-12.
- ↑ "Prashanth to romance Miss India 2018 Anukreethy Vas in his next film" (en ভাষাত). in.com. Archived from the original on 2019-07-12. https://web.archive.org/web/20190712090938/https://www.in.com/entertainment/regional/prashanth-to-romance-miss-india-2018-anukreethy-vas-in-his-next-film-364725.htm। আহৰণ কৰা হৈছে: 2019-07-12.