অনুজা প্ৰভুদেশাই
অনুজা প্ৰভুদেশাই (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৬২) বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাম কৰা তেওঁ গোৱাৰ প্ৰথম মহিলা।
জীৱন
[সম্পাদনা কৰক]প্ৰভুদেছাইৰ গোৱাৰ মাপুছাত জন্ম হৈছিল৷ তেওঁ ইংৰাজী সাহিত্য আৰু আইন অধ্যয়ন কৰি ১৯৮৫ চনত বাৰত যোগদান কৰে।[1]
ন্যায়িক কেৰিয়াৰ
[সম্পাদনা কৰক]প্ৰভুদেশাইয়ে গোৱা বিচাৰপীঠত আইন চৰ্চা কৰিছিল। ১৯৯১ চনত তেওঁ অসামৰিক ন্যায়াধীশ আৰু ন্যায়িক দণ্ডাধীশ (প্ৰথম শ্ৰেণী) হয় আৰু ২০১২ চনত গোৱাৰ পানাজীত প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।[1]
২০১০ চনত প্ৰভুদেশাইক মটৰ গাড়ী দুৰ্ঘটনাৰ দাবীত আবেদনকাৰীক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ দোহাই দি নিজৰ পদৰ পৰা নিলম্বন কৰা হৈছিল। অন্যায়ৰ পৰা মুক্ত কৰি একে বছৰতে বম্বে উচ্চ ন্যায়ালয়ে তেওঁক পুনৰ নিযুক্তি দিয়ে।[2][3]গোৱাৰ অধিবক্তা সংস্থাসমূহে তেওঁক নিলম্বনৰ প্ৰতিবাদ কৰে আৰু উচ্চ ন্যায়ালয়ক সাক্ষাৎ কৰি তেওঁক পুনৰ নিযুক্তিৰ দাবী জনাবলৈ এটা প্ৰতিনিধি দলৰ পৰিকল্পনা কৰা হয়।[4]
২০১৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে প্ৰভুদেশাইক হত্যাৰ অপৰাধ সম্পৰ্কীয় গোচৰত জামিন দিবলৈ অস্বীকাৰ কৰাৰ সম্পৰ্কত আদালত অৱমাননাৰ অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল। উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া এজন তদন্তকাৰী বিষয়াই তেওঁক অভিযোগৰ পৰা মুক্ত কৰিছিল যদিও বম্বে উচ্চ ন্যায়ালয়ে মানি লোৱা নাছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰভুদেশাইৰ আবেদনৰ অনুমতি দি উচ্চ ন্যায়ালয়ে কৰা কিছুমান মন্তব্য ৰেকৰ্ডৰ পৰা আঁতৰাই পেলায়। গোচৰটো খাৰিজ কৰা হয়, আৰু আদালতে জামিন প্ৰদানৰ ক্ষেত্ৰত অধিবেশন আদালতক কিছু নিৰ্দেশনা জাৰি কৰা হয়।.[5]
২০১৪ চনৰ মাৰ্চ মাহত প্ৰভুদেশাই বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে যোগদান কৰি গোৱাৰ পৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[3][6]
উল্লেখযোগ্য গোচৰ
[সম্পাদনা কৰক]২০১৩ চনত যৌন নিৰ্যাতনৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা সাংবাদিক তথা লেখক তৰুণ তেজপালৰ বিৰুদ্ধে বহুলভাৱে প্ৰকাশিত গোচৰৰ প্ৰভুদেশাই ন্যায়াধীশ আছিল৷ তেওঁ তেজপালৰ অগ্ৰীম জামিনৰ আবেদন নাকচ কৰিছিল, আৰু গোৱা আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি দিছিল। অভিযোগকাৰীৰ পৰিচয় প্ৰকাশ কৰাৰ বাবে প্ৰভদেশাইয়ে তেজপালৰ অধিবক্তাসকলকো নিন্দা কৰিছিল।[7][8]এতিয়া এগৰাকী বেলেগ ন্যায়াধীশৰ অধীনত গোৱাত এই গোচৰ চলি আছে৷
২০১৮ চনত প্ৰভুদেশাই আৰু আন এগৰাকী ন্যায়াধীশ এন এইচ পাটিলে আক্ৰমণ আৰু ধৰ্ষণৰ পৰা ৰক্ষা পোৱা ১৩ বছৰীয়া শিশুক গৰ্ভধাৰণ বন্ধ কৰাৰ অনুমতি দিছিল। ভাৰতীয় চিকিৎসা সমাপ্তি আইনৰ অধীনত গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত গৰ্ভাৱস্থা বন্ধ কৰাটো নিষিদ্ধ। এই গোচৰৰ জৰিয়তে আদালতে ব্যতিক্ৰম সিদ্ধান্ত এটা লৈছিল৷ তেওঁলোকে শিশুটিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গৰ্ভাৱস্থাৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ চিকিৎসা ব’ৰ্ডৰ পৰা পৰামৰ্শ লৈছিল। প্ৰভুদেশাই আৰু পাটিলে ৰাজ্য চৰকাৰক এই ধৰণৰ ক্ষেত্ৰত গৰ্ভাৱস্থা বন্ধ কৰিবলৈ নিৰ্দিষ্ট নিৰ্দেশনা আছে নেকি সেয়া স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Anuja Prabhudessai". North Goa Courts, Government of Goa. Archived from the original on 2012-12-03. https://web.archive.org/web/20121203040846/http://northgoacourts.nic.in/anuja.htm। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "High court issues order reinstating senior judge | Goa News - Times of India" (en ভাষাত). The Times of India. December 22, 2010. https://timesofindia.indiatimes.com/city/goa/High-court-issues-order-reinstating-senior-judge/articleshow/7141919.cms। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ 3.0 3.1 Kamat, Prakash (2014-03-02). "First Goan woman judge in Bombay High Court" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/first-goan-woman-judge-in-bombay-high-court/article5743214.ece.
- ↑ "Lawyers seek justice for dismissed district judge" (en ভাষাত). The Times of India. February 18, 2010. https://timesofindia.indiatimes.com/city/goa/Lawyers-seek-justice-for-dismissed-district-judge/articleshow/5586165.cms। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "Anuja Prabhudessai v State of Goa". Indian Kanoon. 9 January 2013. https://indiankanoon.org/doc/162973350/.
- ↑ "Former Chief Justice of the Gujarat High Court Justice (Retd) Gurudas D Kamat felicitating Justice Anuja Prabhudessai on becoming Judge of the Bombay High court.". oHeraldo. https://www.heraldgoa.in/Goa/former-chief-justice-of-the-gujarat-high-court-justice-(retd)-gurudas-d-kamat-felicitating-justice-anuja-prabhudessai-on-becoming-judge-of-the-bombay-high-court/63236। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "Tejpal denied bail, arrested". oHeraldo. https://www.heraldgoa.in/Goa/Panjim/tejpal-denied-bail-arrested/72810। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "Tarun Tejpal granted interim bail, lawyers slammed in court". NDTV.com. https://www.ndtv.com/india-news/tarun-tejpal-granted-interim-bail-lawyers-slammed-in-court-542833। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "Mumbai: HC allows 13-year-old rape victim to terminate pregnancy" (en ভাষাত). The Times of India. April 9, 2018. https://timesofindia.indiatimes.com/india/mumbai-hc-allows-13-year-old-rape-victim-to-terminate-pregnancy/articleshow/63684017.cms। আহৰণ কৰা হৈছে: 2020-10-08.