সমললৈ যাওক

অনুপমা হোস্কেৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুপমা হোস্কেৰে
জন্ম ২০ ডিচেম্বৰ, ১৯৬৪ (৬০ বছৰ)
বাংগালুৰু, কৰ্ণাটক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা পুতলা কলাকাৰ
জনা যায় ভাৰতীয় ধ্ৰুপদী ৰচী পুতলা
দাম্পত্যসঙ্গী বিদ্যাশংকৰ হোস্কেৰে
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (২০১৮)
পদ্মশ্ৰী (২০২৪)


অনুপমা হোস্কেৰে (ইংৰাজী: Anupama Hoskere) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী পুতলা কলাকাৰ। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা পুতলা শাখাত জ্যেষ্ঠ ফেল’শ্বিপ লাভ কৰা অনুপমাই পুতলা কলাৰ বাবে সংগীত নাটক অকাডেমী বঁটা, আৰু পদ্মশ্ৰীকে ধৰি বহু বঁটাবাহন লাভ কৰিছে।

১৯৬৪ চনৰ ২০ ডিচেম্বৰত কৰ্ণাটকৰ বেংগালুৰুত অনুপমাৰ জন্ম হৈছিল।[1] তেওঁ অতি কম বয়সতে কৰ্ণাটকী সংগীত আৰু প্ৰয়াত গুৰু নৰ্মদা আৰু প্ৰয়াত ভি. কৌশিকৰ ওচৰত ভৰতনাট্যমৰ প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰে।[2]

অনুপমাই ১৯৮৭ চনত বি.এম.এছ. কলেজ অফ ইঞ্জিনিয়াৰিঙৰ পৰা অভিযান্ত্ৰিক স্নাতক ডিগ্ৰী লাভ কৰে; দুটা স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰে- কমিউনিকেচন ইঞ্জিনিয়াৰিঙত এম.ই. আৰু ১৯৯৩ চনত লং বিচৰ কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এম.এছ.। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কিছুদিন আমেৰিকাৰ এটা আই টি কোম্পানীত কাম কৰে।[3]

অনুপমাই গুৰু এম আৰ ৰংগনাথ ৰাওৰ পৰা পৰম্পৰাগত কৰ্ণাটকৰ ৰচী পুতলা কলাৰ বিষয়ে অধ্যয়ন কৰিছিল।[4] অনুপমাই শিকিবলৈ অহাৰ সময়ত ৰাৱে প্ৰথমতে বিদেশত পঢ়াশুনা কৰা মধ্যবিত্তীয় মহিলা এগৰাকী পুতলাকলা শিকাৰ বাবে উপযোগী হ'ব নে নহয় সেই বিষয়ে সন্দেহ কৰিছিল যদিও পিছলৈ তেওঁৰ আগ্ৰহ দেখি পুতলানাচ প্ৰদৰ্শন আৰু পিছলৈ কাঠৰ পুতলা খোদিত কৰা শিকাবলৈ সন্মত হৈছিল।[5] পিছলৈ ২০১১ চনত তেওঁ আৰু তেওঁৰ স্বামীয়ে মিৰ'স্লাভ ট্ৰেজটনাৰৰ সৈতে প্ৰাগত পুতলা নিৰ্মাণৰ কৰ্মশালা অনুষ্ঠিত কৰি চেক মেৰিয়নেট কাৰ্ভিং, জইণ্টিং আৰু ষ্ট্ৰিং কৌশল শিকিছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]