অনুপ্ৰিয়া গোৱেংকা
| অনুপ্ৰিয়া গোৱেংকা | |
|---|---|
২০১৯ চনত অনুপ্ৰিয়া গোৱেংকা | |
| জন্ম | ২৯ মে', ১৯৮৭ (৩৮ বছৰ) কাণপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
অনুপ্ৰিয়া গোৱেংকা (ইংৰাজী: Anupriya Goenka; জন্ম: ২৯ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ হিন্দী আৰু তেলুগু ছবিত অভিনয় কৰে।[1] ২০১৩ চনত প্ৰথমবাৰৰ বাবে ইউ পি এ চৰকাৰৰ ভাৰত নিৰ্মাণৰ মুখপাত্ৰ হিচাপে তেওঁ খ্যাতি লাভ কৰে।[2] ২০১৩ চনৰ তেলুগু ছবি পটুগাড়ুৰ (Potugadu) জৰিয়তে গোয়েংকাই ৰূপালী পৰ্দাত অভিষেক ঘটায়,[3] ইয়াৰ পূৰ্বে তেওঁ ২০১৩ চনৰ চুটি ছবি ৱৰ্থ দ্য কিছত (Worth the Kiss) অভিনয় কৰিছিল। ২০১৪ চনত ববী জাছুছ (Bobby Jasoos) ছবিৰ জৰিয়তে তেওঁ বলীউডত প্ৰৱেশ কৰে।
ইয়াৰ পিছত তেওঁ কমেডী-ড্ৰামা ববি জাছুছ (Bobby Jasoos; ২০১৪), পাঠশালা (Paathshala; ২০১৪), একচন কমেডী ডিছুম (Dishoom; ২০১৬) আৰু ক্ৰাইম-ড্ৰামা ডেডী (Daddy; ২০১৭) আদি ছবিত অভিনয় কৰে। তাৰ পিছত গোৱেংকাই একচন-থ্ৰিলাৰ ছবি টাইগাৰ জিন্দা হেই (Tiger Zinda Hai; ২০১৭), ৱাৰ (War; ২০১৯), আৰু মহাকাব্যিক নাট্য ছবি পদ্মাৱতত (Padmaavat; ২০১৮) অভিনয় কৰে।
ষ্ট’ৰীজ বাই ৰবীন্দ্ৰনাথ টেগুৰ (Stories by Rabindranath Tagore)ৰ জৰিয়তে গোৱেংকাই ৱেবত আত্মপ্ৰকাশ কৰিছিল আৰু ছেক্ৰেড গেমছ, অভয়, ক্ৰিমিনেল জাষ্টিছ, অসুৰ: ৱেলকাম টু ইউৰ ডাৰ্ক চাইড, আশ্ৰম আৰু ক্ৰিমিনেল জাষ্টিছ: বিহাইণ্ড ক্ল’জড ড’ৰ্ছৰ দৰে সফল ধাৰাবাহিকত অভিনয় কৰিবলৈ সক্ষম হৈছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৭ চনৰ ২৯ মে'ত উত্তৰ প্ৰদেশৰ কানপুৰত অনুপ্ৰিয়া গোৱেংকাৰ জন্ম হয়।[4][5] তেওঁৰ পিতৃ ৰবীন্দ্ৰ কুমাৰ গোৱেংকা এজন কাপোৰৰ উদ্যোগী আৰু পুষ্পা গোৱেংকা এগৰাকী গৃহিণী৷[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Sharma, Smrity (27 October 2017). "Did You Know: This Actress In Padmavati Song Ghoomar Has Played A Lesbain In A Viral Ad". india.com. https://www.india.com/entertainment/padmavati-trivia-anupriya-goenka-in-shahid-kapoor-deepika-padukones-ghoomar-played-a-lesbain-in-a-viral-ad-2571248/। আহৰণ কৰা হৈছে: 30 May 2018.
- ↑ Singh, Suhani (20 September 2013). "Anupriya Goenka now better known as Priya, thanks to being the face of UPAs Bharat Nirman ad campaign". India Today. http://indiatoday.intoday.in/story/anupriya-goenka-upa-bharat-nirman-ad-campaign/1/310805.html.
- ↑ Mishra, Shivani (30 October 2017). "Padmavati: All you need to know about Anupriya Goenka, the other queen in Ghoomar". InUth. Archived from the original on 8 January 2018. https://web.archive.org/web/20180108175242/https://www.inuth.com/entertainment/bollywood/padmavati-all-you-need-to-know-about-anupriya-goenka-whom-we-see-for-a-second-in-ghoomar-song/। আহৰণ কৰা হৈছে: 8 January 2018.
- ↑ "Birthday special: एक्टिंग की क्वीन हैं शाहिद कपूर की ऑनस्क्रीन पत्नी रह चुकीं ये एक्ट्रेस, जानिए करियर की ये अहम बातें" (hindi ভাষাত). TV9 Hindi. 2021-05-29. https://www.tv9hindi.com/photo-gallery/birthday-special-ashram-fame-actress-anupriya-goenka-is-the-queen-of-acting-know-these-important-things-of-career-672887.html। আহৰণ কৰা হৈছে: 2021-08-03.
- ↑ Bhatnagar, Rohit (27 December 2017). "Forget Kat, meet another tigress Anupriya Goenka from TZH" (en ভাষাত). The Deccan Chronicle. https://www.deccanchronicle.com/entertainment/bollywood/271217/forget-kat-meet-another-tigress-anupriya-goenka-from-tzh.html.
- ↑ Mehta, Ankita (28 October 2017). "REVEALED: The Rani in Deepika Padukone's Ghoomar song is Shahid Kapoor's first wife in Padmavati" (en ভাষাত). International Business Times, India Edition. http://www.ibtimes.co.in/revealed-rani-deepika-padukones-ghoomar-song-shahid-kapoors-first-wife-padmavati-747337.