সমললৈ যাওক

অনুলা বুলাতসিংহলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুলা বুলাতসিংহলা
স্থানীয় নাম අනුලා බුලත්සිංහල
জন্ম অনুলা মেণ্ডিছ[1]
২১ ছেপ্টেম্বৰ, ১৯৪৭
মাদাম্পে, শ্ৰীলংকা
মৃত্যু ১৬ অক্টোবৰ, ২০২০ (৭৩ বছৰ)
কলম্বো, শ্ৰীলংকা
সমাধিস্থল কানেট শ্মশান, বৰেল্লা
6°54′29″N 79°52′39″E / 6.90794°N 79.87748°E / 6.90794; 79.87748
পেচা অভিনেত্ৰী, গায়িকা
দাম্পত্যসঙ্গী লুচিয়ান বুলাতসিংহলা
সন্তান হৰ্ষ বুলাতসিংহলা

অনুলা বুলাতসিংহলা (ইংৰাজী: Anula Bulathsinhala; জন্ম: অনুলা মেণ্ডিছ; ২১ ছেপ্টেম্বৰ ১৯৪৭ – ১৬ অক্টোবৰ ২০২০) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু গায়িকা আছিল। মঞ্চ নাটক, দূৰদৰ্শন আৰু শ্ৰীলংকান চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে তেওঁ জনপ্ৰিয় আছিল।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ ১৯৭০ চনত জনপ্ৰিয় নাট্যকাৰ লুচিয়ান বুলাতসিংহলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[2] এই দম্পতীটিৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। তেওঁৰ কন্যা ইন্দ্ৰচাপা ভিয়েনাৰ এগৰাকী দক্ষ অপেৰা গায়িকা। তেওঁৰ পুত্ৰ হৰ্ষও এজন অভিনেতা, গায়ক আৰু সংগীতজ্ঞ।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

দেউতাক এজন মঞ্চ অভিনেতা হোৱাৰ বাবে অনুলাই অতি সৰুৰে পৰা বহুতো মঞ্চ নাটক চাইছিল। এই সময়ছোৱাত তেওঁ দেউতাকৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লৈছিল। পিছলৈ তেওঁ স্কুলীয়া দিনতে কান্দিয়ান নৃত্যৰ ডিপ্লমা লাভ কৰে। তেওঁ ভাৰতলৈ গৈ লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা উত্তৰ ভাৰতীয় ৰাগধাৰী সংগীতৰ ডিপ্লমা লাভ কৰে। শ্ৰীলংকালৈ উভতি অহাৰ পিছত তেওঁ শ্ৰীলংকা ব্ৰডকাষ্টিং কৰ্পোৰেচনত (SLBC) যোগদান কৰে আৰু এগৰাকী এ-গ্ৰেডৰ গায়িকা হৈ পৰে।[3]

তাৰ পিছত তেওঁ ১৯৬৮ চনৰ কলম্বো চাথোছা আৰ্টছ চাৰ্কললৈ নিৰ্বাচিত হয়। সেই সময়তে তেওঁ চাথোছাৰ মুখ্য কাৰ্যালয়ত কাম কৰি আছিল য'ত তেওঁ জনপ্ৰিয় নাট্য পৰিচালক আৰ. আৰ. সমৰাকুনক লগ পাইছিল। বুলাতসিংহলাই ১৯৬৭ চনত সমৰাকুনৰ লেডাক নাথি লেডেকৰ জৰিয়তে মঞ্চত অভিষেক ঘটায়।[4] ১৯৬০-ৰ দশকত তেওঁ বিশেষকৈ ৰেডিঅ' গায়িকা আৰু ৰেডিঅ' নাট্যকাৰ হিচাপে নাট্যজগতত প্ৰৱেশ কৰে। পিছলৈ তেওঁ প্ৰেমৰঞ্জিত তিলকৰত্নেৰ কোণ্টাৰেত অভিনয় কৰে, যিখন ৱেষ্ট চাইড ষ্টৰীৰ পৰা অভিযোজিত আছিল কিন্তু পটভূমি শ্ৰীলংকাৰ আছিল। তেওঁ সুবিনীতা ৱীৰাচিংঘে, সুনেত্ৰা সাৰচ্চন্দ্ৰ, নৱানন্দনা ৱিজয়সিংঘে, এলচন ডিভিথুৰুগামা আৰু তেওঁৰ স্বামী লুচিয়ানৰ সৈতে একেলগে অভিনয় কৰিছিল।[5]

অৱশ্যে তেওঁৰ আটাইতকৈ উল্লেখযোগ্য মঞ্চ অভিনয় আছিল স্বামীয়ে নিৰ্মাণ কৰা ৰাথু হেট্টাকাৰী নাটকখনৰ জৰিয়তে। নাটকখনত তেওঁ জনপ্ৰিয় গীত "দী কিৰি দী কিৰি" গাইছিল, যিয়ে পিছলৈ শ্ৰীলংকাৰ মঞ্চত তেওঁৰ পৰিচয় গঢ়ি তুলিছিল। তেতিয়াৰে পৰা তেওঁ বহুতো নাটকত অভিনয় কৰিছিল: প্ৰেমৰঞ্জিত তিলকৰত্নেৰ কোন্থাৰায়া, শ্ৰী বিক্ৰমা, সমৰাকুনৰ চৰিত ডেকাক, লুচিয়ানৰ থাৰাভো ইগিলেথি, দয়ানন্দ গুণৱৰ্ধনাৰ মধুৰা জৱানিকা, হেনৰী জয়সেনাৰ কুৱেনি আৰু অধ্যাপক সাৰচ্চন্দ্ৰৰ মহাসৰা

২০২০ চনৰ ১১ ছেপ্টেম্বৰত ৰাজ্যিক নাট্য বঁটাত তেওঁক নাট্য কীৰ্তি বঁটাৰে সন্মানিত কৰা হয়।

জনপ্ৰিয় সিংহলী গীতসমূহ

[সম্পাদনা কৰক]
  • দীকিৰি দীকিৰি
  • থাট্টু কাৰান্না
  • বুন্দুন ৱাদিনা মে দাথিন ৱেদালা কিয়ান্নাম
  • নেইনাগে সুদুৱা

চলচ্চিত্ৰ অভিনয়

[সম্পাদনা কৰক]
  • বাৱাথ্ৰা - ২০০৫[6]
  • নিল দিয়া য়াহানা - ২০০৮[6]
  • মহিন্দগামনায় - ২০১১
  • অচন্ধিমিত্তা - ২০১৮[6]
  • গোল (২০১৮ চলচ্চিত্ৰ) - ২০১৮

মঞ্চ নাটক

[সম্পাদনা কৰক]
  • থাৰাভো ইগিলেথি
  • ৰাথু হট্টাকাৰী
  • মধুৰা জৱানিকা
  • কুৱেনি
  • মহাসৰা
  • লেডাক নিথি লেডেক

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]