অনুলোম
অনুলোম এটা সংস্কৃত শব্দ, যিটো শব্দ উচ্চ জাতত জন্মা পুৰুষ আৰু পুৰুষৰ নিজৰ তুলনাত নিম্ন জাতৰ মহিলাৰ মাজত হোৱা অতিবিবাহৰ মিলন বুজাবলৈ মনুস্মৃতি অৰ্থাৎ মনুৰ নিয়মত (শ্ৰাদ্ধদেৱ মনু) ব্যৱহাৰ কৰা হয়।[1] মনুৱে সেই কথা বুজাই দিয়ে যে, মানৱ জাতিৰ মাজত বিভিন্ন জাতিৰ বিৱৰ্তন দুজন ব্যক্তিৰ মিলনৰ বাবেই হৈছিল, যিসকল জাতি বা শ্ৰেণীৰ জখলাত ইটোৱে সিটোৰ তুলনাত একেটা স্তৰৰ নাছিল (জন্মৰ ভিত্তিত আৰু সমাজত ধন-সম্পত্তি বা মৰ্যাদা নহয়)।[2] মনুৰ মতে একে জাতিৰ ভিতৰত অৰ্থাৎ একেটা স্তৰৰ দুজন ব্যক্তিৰ মাজত বিবাহ কৰাটো অতি উত্তম।[1] অনুলোম বিবাহক "জাত যোৱা" সংঘ হিচাপে গণ্য কৰা হয়।[2] হিন্দু শাস্ত্ৰ অনুসৰি অনুলোম বিবাহ বা সংঘৰ পোষকতা কৰা নহয় কিন্তু ঐতিহাসিকভাৱে ইয়াক সহ্য কৰা হৈছিল আৰু গ্ৰহণ কৰা হৈছিল।[3]
আনহাতে, উচ্চ জন্মৰ মহিলাই নিম্ন জন্মৰ (মহিলাৰ সাপেক্ষে) পুৰুষৰ সৈতে একত্ৰিত হোৱা প্ৰতিলোম বিবাহ নামৰ বিপৰীত মিলনটোক গৰিহণা দিয়া হৈছিল। “জাতৰ বিৰুদ্ধে যোৱা’’ বুলি গণ্য কৰা এই সংঘসমূহক মনুৱে তিক্তভাৱে সমালোচনা আৰু নিন্দা কৰে আৰু সংঘৰ পিছত জড়িত পক্ষসমূহৰ অৱক্ষয়ৰ বাবে তেওঁলোকক জগৰীয়া কৰে। কিন্তু পিছৰ ধাৰাভাষ্যকাৰসকলে এই বিবাহসমূহ মানি ল’বলৈ আৰম্ভ কৰিছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Subodh Kapoor. The Indian Encyclopaedia: Mahi-Mewat. Genesis Publishing Pvt Ltd, 2002. পৃষ্ঠা. 4642.
- ↑ 2.0 2.1 Joseph Kitagawa. The Religious Traditions of Asia: Religion, History, and Culture. Routledge, 2013. পৃষ্ঠা. 16.
- ↑ Irfan Habib, K. N. Panikkar, T. J. Byres, Utsa Patnaik. The Making of History: Essays Presented to Irfan Habib. Anthem Press, 2002. পৃষ্ঠা. 183.
- ↑ Rajendra Kumar Sharma. Fundamentals of Sociology. Atlantic Publishers & Dist, 1996. পৃষ্ঠা. 253.