সমললৈ যাওক

অনুশ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুশ্ৰী
জন্ম সুৰথকাল, ম্যাঙ্গালোৰ, কৰ্ণাটক, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ম্যাঙ্গালোৰ বিশ্ববিদ্যালয়
পেচা টেলিভিছন উপস্থাপক, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫-বৰ্তমান
'ইউটিউবৰ তথ্য'
চেনেলসমূহ Anushree Anchor
সক্ৰিয় হৈ থকা সময় ২০১৯-বৰ্তমান
প্ৰকাৰ
  • বিনোদন
চাবস্ক্ৰাইবাৰৰ সংখ্যা ১.০৪ মিলিয়ন
সৰ্বমুঠ দৰ্শন ১৩৯ মিলিয়ন
২৬ জানুৱাৰী ২০২৫-ৰ তথ্য

অনুশ্ৰী এজনী ভাৰতীয় টেলিভিছন উপস্থাপক আৰু অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে।[1]

জীৱনৰ আৰম্ভণি

[সম্পাদনা কৰক]

অনুশ্ৰীয়ে কৰ্ণাটকৰ সুৰথকাল, ম্যাঙ্গালোৰত সম্পথ আৰু শশিকলা নামৰ তুলু-ভাষী পৰিয়ালত জন্মগ্ৰহণ কৰে।[2] তেওঁৰ এজন সৰু ভায়েক আছে, যাৰ নাম অভিজিৎ। ছোৱালী কালতেই তেওঁৰ মাতৃ-পিতৃয়ে পৃথক হৈ যায়, আৰু তেওঁৰ পিতৃয়ে তেওঁলোকক এৰি থৈ আকৌ যোগাযোগ নকৰে।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

অনুশ্ৰীয়ে তেওঁৰ কেৰিয়াৰ টেলিভিছনত নাম্মা টিভি চেনেলৰ 'টেলে অণ্ট্যাক্সাৰি' অনুষ্ঠানৰ উপস্থাপক হিচাপে আৰম্ভ কৰে।[4] পিছত তেওঁ ইটিভি কন্নড়ৰ 'ডিমাণ্ডাপ্পো ডিমাণ্ডু' অনুষ্ঠানত উপস্থাপক হিচাপে যোগদান কৰে, যাৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। তেওঁ বিগ বছ কন্নড় ১-ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু ৮০ দিন থাকি আছিল। এছাৰো, তেওঁ সুৱৰ্ণ চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা, TV9 চলচ্চিত্ৰ বঁটা, SIIMA বঁটা আদি অনুষ্ঠানত উপস্থাপনা কৰিছে। তেওঁ অভিনয় জগতত বেন্কিপাটনা চলচ্চিত্ৰৰ জৰিয়তে প্ৰৱেশ কৰে, যাৰ বাবে তেওঁ 'NAK মিডিয়া এচিভমেণ্ট এৱাৰ্ড' লাভ কৰে। ২০১১ চনত মুৰালি মীটছ মীৰা চলচ্চিত্ৰৰ বাবে 'কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা' লাভ কৰে।[5]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
অনুশ্ৰীৰ অভিনীত চলচ্চিত্ৰ
বছৰশিৰোনামভূমিকাৰ নামমন্তব্য
২০১১ভূমিতাইগৌৰী
২০১১মুৰালি মীটছ মীৰামীৰাকণ্ঠদান
২০১৫বেন্কিপাটনাপাৱনী
২০১৭উপ্পু হুলি খাৰাজানভি
  • ২০১১: কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা – 'সৰ্বশ্ৰেষ্ঠ ডাবিং শিল্পী (মহিলা)' – মুৰালি মীটছ মীৰা
  • ২০১৫: NAK মিডিয়া এচিভমেণ্ট এৱাৰ্ড – 'সৰ্বশ্ৰেষ্ঠ আৰম্ভণি অভিনেত্ৰী' – বেন্কিপাটনা
  • ২০১৮: কেম্পেগৌড়া বঁটা
  • ২০১৫-২০২২: জি কুটুম্ব বঁটা – 'শ্ৰেষ্ঠ উপস্থাপক'

টেলিভিছন কেৰিয়াৰ

[সম্পাদনা কৰক]
বছৰঅনুষ্ঠানভূমিকাচেনেল
২০০৫টেলে অণ্ট্যাক্সাৰিউপস্থাপকনাম্মা টিভি
২০১৩বিগ বস কন্নড় ১প্ৰতিযোগীকালাৰ্ছ কন্নড়
২০১৫-২০২২চা ৰে গা মা পা (বিভিন্ন চিজন)উপস্থাপকজি কন্নড়

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "'My Focus is to Become a Good Actor, Not the Top Heroine'". Newindianexpress.com. Archived from the original on 2014-07-15. https://web.archive.org/web/20140715065049/http://www.newindianexpress.com/entertainment/kannada/%E2%80%98My-Focus-is-to-Become-a-Good-Actor-Not-the-Top-Heroine%E2%80%99/2014/07/08/article2320447.ece1 আহৰণ কৰা হৈছে: 2016-07-24.
  2. "Mangaluru: Kannada anchor, actress Anushree to debut in Tulu film". Daijiworld.com. https://www.daijiworld.com/news/newsDisplay?newsID=443838 আহৰণ কৰা হৈছে: 2022-03-05.
  3. Joy, Prathibha (12 September 2015). "'Can't bear the pain of rejection again'". The Times of India. http://timesofindia.indiatimes.com/entertainment/kannada/movies/news/Cant-bear-the-pain-of-rejection-again/articleshow/48931887.cms আহৰণ কৰা হৈছে: 29 March 2017.
  4. "Mangaluru: Kannada anchor, actress Anushree to debut in Tulu film". Daijiworld.com. 22 March 2017. Archived from the original on 29 March 2017. https://web.archive.org/web/20170329133701/http://www.daijiworld.com/news/newsDisplay.aspx?newsID=443838 আহৰণ কৰা হৈছে: 29 March 2017.
  5. "Anushree turns Heroine through 'Benki Patna'". Indiancinemagallery.com. 2013-11-29. Archived from the original on 2016-08-16. https://web.archive.org/web/20160816172104/http://www.indiancinemagallery.com/news/anushree-turns-heroine-through-benki-patna.html আহৰণ কৰা হৈছে: 2016-07-24.